দক্ষিণ কোৰিয়াত বানৰ বিধ্বংসী ৰূপ
এইবাৰ বৰষুণে দক্ষিণ কোৰিয়াত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । সোমবাৰে দেশখনৰ আভ্যন্তৰীণ আৰু সুৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰচণ্ড বৰষুণৰ বাবে হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত কমেও ১৮ জন লোকৰ মৃত্যু হৈছে । অৱশ্যে সোমবাৰে দক্ষিণ কোৰিয়াত ধাৰাসাৰ বৰষুণৰ পৰা কিছু সকাহ পোৱা গৈছে । দেওবাৰে সন্ধিয়ালৈকে ৯জন লোক নিৰুদ্দেশ হোৱাৰ লগতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ বাসিন্দাসকলে দিগবিদিগ হেৰুৱাইছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে ।
ৰাজধানী ছিউলৰ পৰা প্ৰায় ৬২ কিলোমিটাৰ উত্তৰ-পূবে অৱস্থিত গাপিয়ঙৰ একাংশ বাসিন্দাই দেওবাৰে মাত্ৰ ১৭ ঘণ্টাৰ ভিতৰতে ১৭৩ মিলিমিটাৰ (৬.৮ ইঞ্চি) বৰষুণৰ পিছত হোৱা বানপানীৰ পৰা ৰক্ষা পাবলৈ নিৰাপদ স্থানলৈ স্থানান্তৰিত হয় । ১৯৯৮ চনৰ ৩০ ছেপ্টেম্বৰত সৰ্বাধিক বৰষুণৰ ৰেকৰ্ড ভংগ কৰি এদিনতে অভিলেখ সৃষ্টি কৰা বৰষুণ হোৱা ঠাইসমূহৰ ভিতৰত অন্যতম হৈছে গাপিয়েং ।
মন্ত্ৰালয়ে জনোৱা মতে, দেওবাৰলৈকে গাপিয়ঙৰ আশে-পাশে ভূমিস্খলনৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে চাৰিজন লোক নিৰুদ্দেশ হোৱাৰ লগতে বানপানীয়ে বাহনসমূহ উটুৱাই লৈ গৈছে । বৰষুণৰ পিছত বানপানীয়ে ইয়াত বসবাস কৰা লোকসকলৰ সকলো ধ্বংস কৰি পেলাইছে আৰু এতিয়া তেওঁলোকে নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে ।
গৃহ মন্ত্ৰ্যালয়ে জনোৱা মতে, দেশখনত হোৱা বৰষুণৰ ফলত ১,৯৯৯টা ৰাজহুৱা গাথঁনি আৰু পামকে ধৰি ২,২৩৮টা ব্যক্তিগত সা-সুবিধা ক্ষতিগ্ৰস্ত হৈছে । যদিও বৰষুণ কমিছে, তথাপিও ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান সংস্থাই এতিয়া দেশজুৰি গ্ৰীষ্ম প্ৰৱাহৰ সতৰ্কবাণী জাৰি কৰিছে ।
লগতে পঢ়ক : পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা; মহাবিদ্যালয়ৰ অট্টালিকাত খুন্দিয়াই জ্বলি উঠিল বায়ুসেনাৰ বিমান