পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছে । এই ভয়ংকৰ আক্ৰমণক সকলোৱে গৰিহণা দিছে । ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়েও এই সন্ত্ৰাসবাদী আক্ৰমণৰ গৰিহণা দি এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । ইয়াৰ সমান্তৰালকৈ তেওঁ সংবাদ মাধ্যমৰ আগত ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰিকেট মেচৰ সন্দৰ্ভতো এক ডাঙৰ মন্তব্য কৰে ।
পাকিস্তানৰ সৈতে মেচ খেলাৰ বিষয়ে ক’লে এই কথা-
ভাৰত-পাকিস্তানৰ মেচ সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বি চি চি আইৰ প্ৰাক্তন অধ্যক্ষ সৌৰভ গাংগুলীক প্ৰশ্ন কৰাত তেওঁ উত্তৰ দিয়ে যে ভাৰতে পাকিস্তানৰ সৈতে ক্ৰিকেটৰ সকলো সম্পৰ্ক ভংগ কৰিব লাগে । ইয়াৰ লগতে ভাৰতে কোনো আই চি চি বা এছিয়ান টুৰ্ণামেণ্টত পাকিস্তানৰ সৈতে খেলা উচিত নহয় ।
সৌৰভ গাংগুলীয়ে আৰু কয় যে প্ৰতি বছৰে ভাৰতত কোনোবা নহয় কোনোবা সন্ত্ৰাসবাদী ঘটনা সংঘটিত হয় আৰু ইয়াক একেবাৰে সহ্য কৰিব নোৱাৰি । গাংগুলীয়ে কয় যে ভাৰতে পাকিস্তান ক্ৰিকেটৰ সৈতে সকলো সম্পৰ্ক ১০০ শতাংশ ভাঙিব লাগে । এইসকল লোকে প্ৰতি বছৰে এনে ঘটনা সংঘটিত হোৱাটো ধেমালি কৰি তুলিছে ।
ভাৰত-পাকিস্তানৰ মেচৰ কথা কোৱাৰ পাছত সৌৰভ গাংগুলীয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দি কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা কয় । ইয়াৰ লগতে বি চি চি আইৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে কয় যে সন্ত্ৰাসবাদ একেবাৰে সহ্য কৰিব নোৱাৰি । এই আক্ৰমণ ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল, য’ত ২৬ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল । এই আক্ৰমণৰ পিছত চৰকাৰো একচন মোডলৈ আহিছে আৰু কেন্দ্ৰীয় চৰকাৰে পাকিস্তান সন্দৰ্ভত বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত লৈছে ।