শুভমান গিলৰ কিয় উঠিল খং ?
এডগবাষ্টনত বৃহৎ জয়ৰ পাছতো টিম ইণ্ডিয়াৰ অধিনায়ক শুভমান গিলে খেলপথাৰখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ পিছত এডগবাষ্টনত ফ্লেট পিটচ আৰু ড্যুক বলৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰে গিলে।
গিলে কয় যে এই অৱস্থাত বলাৰসকলৰ বাবে উইকেট লোৱাটো অতি কঠিন হৈ পৰিছে। যশপ্ৰীত বুমৰাহ অবিহনেই ভাৰতে ইংলেণ্ডক ৩৩৬ ৰাণত পৰাস্ত কৰা মেচখনৰ পিছতে তেওঁ এই বক্তব্য আগবঢ়ায়।
খেলে হেৰুৱাইছে পৰিচয়…
মেচৰ পিছৰ সংবাদমেলত গিলে কয় যে বলটোৱে অতি সোনকালে নিজৰ আকৃতি হেৰুৱাই পেলাইছে, যাৰ বাবে বলাৰসকলৰ অসুবিধা বাঢ়ি গ’ল।
তেওঁ কয় যে, পিটচ, বল বা বতৰ, কাৰণ যিয়েই নহওক কিয়, এনে অৱস্থাত উইকেট লোৱাটো অত্যন্ত কঠিন হৈ পৰে।এইটো বলাৰসকলৰ বাবে অতি কঠিন হৈ পৰে।
উইকেটতকৈও বেছি বলটো অতি সোনকালে কোমল আৰু চেপ আউট হৈ আহিছিল।মই ধৰিব পৰা নাই এটো বতৰ নে, উইকেট নে আন কিবা, কিন্তু এনে অৱস্থাত বলাৰৰ বাবে উইকেট লোৱাটো বৰ কঠিন হৈ পৰে।
দল হিচাপে যেতিয়া আপুনি জানে যে উইকেট লোৱাটো কঠিন আৰু ৰান সহজে আহি আছে, তেতিয়া বহু কথা আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়।
ভাৰতীয় অধিনায়কগৰাকীয়ে লগতে কয় যে বলাৰসকলে কিছু সহায় ল’ব লাগে,যাতে টেষ্ট ক্ৰিকেটৰ বাস্তৱতা অক্ষত থাকে।
গিলে কয় যে যদি বলে মাত্ৰ ২০ অভাৰৰ বাবে কিবা এটা কৰে আৰু বাকী সময়খিনি আমি ডিফেন্সিভ চিন্তাধাৰাৰে খেলিব লাগে, তেতিয়া খেলৰ মজা নাইকিয়া হৈ যায়।
গিলে আৰু কয়, মই ভাবো বলাৰসকলে অন্ততঃ কিছু সহায় লাভ কৰা উচিত। যেতিয়া বলে কিবা এটা কৰে, তেতিয়া খেলিবলৈ মজা লাগে।
মাত্ৰ ২০ অভাৰৰ বাবে বলটোৰ লগত কিবা এটা হ’ব আৰু তাৰ পিছতল আপুনি গোটেই দিনটো ৰান বন্ধ কৰাৰ চিন্তা সৈতে খেলিব লাগে, তেতিয়া খেলখনে নিজৰ প্ৰকৃত পৰিচয় হেৰুৱাই পেলায়।
লগতে পঢ়ক: এডবেষ্টন টেষ্টত ইতিহাস সৃষ্টি কৰিলে ভাৰতে… ৫৮ বছৰৰ পাছত ঐতিহাসিক বিজয়