হাৰ্ডিক পাণ্ডিয়া আৰু শুভমান গীলৰ সংঘাত!
আই পি এল ২০২৫ ছিজনৰ এলিমিনেটৰ মেচখন যোৱা ৩০ মে’ত গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত মুলনপুৰৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।
মুম্বাই ইণ্ডিয়ানছে ২০ ৰানত জয়লাভ কৰি দ্বিতীয় কোৱালিফায়াৰৰ টিকট নিশ্চিত কৰে।এই মেচখনত গুজৰাট টাইটানছৰ অধিনায়ক শুভমান গীল আৰু মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ মাজত উত্তেজনা দেখা গৈছিল, যাৰ বাবে এনে লাগিছিল যে দুয়োৰে মাজত সকলো ঠিক নাই।
টছৰ সময়ত নিমিলালে হাত
গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত হোৱা মেচখনত টছ জয়ী হৈ মুম্বাই দলটোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।টছৰ হাৰ্ডিক পাণ্ডিয়াই হাত মিলাবৰ বাবে গীললৈ হাতখন আগবঢ়াই দিয়ে যদিও গীলে গুৰুত্ব নিদিলে।
ইয়াৰ ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। ইয়াৰ পৰাই দুয়োটাৰ মাজত যে সকলো ঠিক নাই সেই কথাৰ ইংগিত পোৱা গৈছে।
এলিমিনেটৰ মেচত প্ৰথম বেটিং কৰি মুম্বাই ইণ্ডিয়ানছে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২২৮ ৰান সংগ্ৰহ কৰে।গুজৰাট টাইটানছে অধিনায়ক শুভমান গীলৰ পৰা ডাঙৰ ইনিংছ আশা কৰিছিল।
কিন্তু প্ৰথম অভাৰতে ট্ৰেণ্ট ব’ল্টৰ হাতত ব্যক্তিগত স্ক’ৰত এল বি ডব্লিউত দিয়া হয়।আম্পায়াৰৰ সিদ্ধান্তত গীলে ডি আৰ এছ এছ লৈছিল একে সময়তে হাৰ্দিক পাণ্ডিয়াই আনন্দতে চিঞৰি গীলৰ কাষেৰে পাৰ হৈ যায়। পাণ্ডিয়াৰ এই প্ৰতিক্ৰিয়াই সকলোকে আচৰিত কৰি তুলিছিল।
লগতে পঢ়ক: এইবাৰ বিদেশী তীখা আমদানিৰ ওপৰত দৃষ্টি ট্ৰাম্পৰ; ৫০ শতাংশলৈ বৃদ্ধি শুল্ক