হাৰ্ডিক পাণ্ডিয়া আৰু শুভমান গীলৰ মাজত হৈছে নেকি সংঘাত ? টছৰ সময়ত নিমিলালে হাত

হাৰ্ডিক পাণ্ডিয়া আৰু শুভমান গীলৰ সংঘাত!

আই পি এল ২০২৫ ছিজনৰ এলিমিনেটৰ মেচখন যোৱা ৩০ মে’ত গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত মুলনপুৰৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।

মুম্বাই ইণ্ডিয়ানছে ২০ ৰানত জয়লাভ কৰি দ্বিতীয় কোৱালিফায়াৰৰ টিকট নিশ্চিত কৰে।এই মেচখনত গুজৰাট টাইটানছৰ অধিনায়ক শুভমান গীল আৰু মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ মাজত উত্তেজনা দেখা গৈছিল, যাৰ বাবে এনে লাগিছিল যে দুয়োৰে মাজত সকলো ঠিক নাই।

টছৰ সময়ত নিমিলালে হাত

গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত হোৱা মেচখনত টছ জয়ী হৈ মুম্বাই দলটোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।টছৰ হাৰ্ডিক পাণ্ডিয়াই হাত মিলাবৰ বাবে গীললৈ হাতখন আগবঢ়াই দিয়ে যদিও গীলে গুৰুত্ব নিদিলে।

ইয়াৰ ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। ইয়াৰ পৰাই দুয়োটাৰ মাজত যে সকলো ঠিক নাই সেই কথাৰ ইংগিত পোৱা গৈছে।

এলিমিনেটৰ মেচত প্ৰথম বেটিং কৰি মুম্বাই ইণ্ডিয়ানছে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২২৮ ৰান সংগ্ৰহ কৰে।গুজৰাট টাইটানছে অধিনায়ক শুভমান গীলৰ পৰা ডাঙৰ ইনিংছ আশা কৰিছিল।

কিন্তু প্ৰথম অভাৰতে ট্ৰেণ্ট ব’ল্টৰ হাতত ব্যক্তিগত স্ক’ৰত এল বি ডব্লিউত দিয়া হয়।আম্পায়াৰৰ সিদ্ধান্তত গীলে ডি আৰ এছ এছ লৈছিল একে সময়তে হাৰ্দিক পাণ্ডিয়াই আনন্দতে চিঞৰি গীলৰ কাষেৰে পাৰ হৈ যায়। পাণ্ডিয়াৰ এই প্ৰতিক্ৰিয়াই সকলোকে আচৰিত কৰি তুলিছিল।

লগতে পঢ়ক: এইবাৰ বিদেশী তীখা আমদানিৰ ওপৰত দৃষ্টি ট্ৰাম্পৰ; ৫০ শতাংশলৈ বৃদ্ধি শুল্ক

“পাহৰিব পৰা নাই ২০১৭ চনৰ কথা”; জয়ৰ পিছত হাৰ্ডিক পাণ্ডিয়া অন্তৰৰ পৰা ওলাল ৮ বছৰৰ দুখ

চেম্পিয়নছ ট্ৰফীত ভাৰতৰ সফলতা উদযাপন কৰি তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই কয় যে তেওঁ এতিয়াও ২০১৭ চনৰ পৰাজয়ৰ কথা মনত ৰাখিছে।

সেই সময়ত, ফাইনেলত ভাৰত পাকিস্তানৰ দ্বাৰা পৰাজিত হৈছিল, আৰু হাৰ্দিক সেই ভাৰতীয় দলৰ সদস্য আছিল।হাৰ্ডিক পাণ্ডিয়াই চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰাৰ পিছত কৈছিল যে আইচিচি টুৰ্ণামেণ্ট জয় কৰাটো সদায়েই চমৎকাৰ।

মোৰ ২০১৭ ৰ কথা ভালদৰে মনত আছে। সেই সময়ত, মই শেষ কৰিব নোৱাৰিলোঁ, কিন্তু মই সুখী যে মই আজি এইটো কৰিব পাৰিলোঁ।২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত হাৰ্ডিক পাণ্ডিয়াই ৪৩ টা বলত ৭৬ ৰাণ সংগ্ৰহ কৰিছিল।

হাৰ্ডিক পাণ্ডিয়াই ফাইনেলত অপৰাজিত ৩৪ ৰাণ সংগ্ৰহ কৰা কে এল ৰাহুলকো প্ৰশংসা কৰে।হাৰ্দিক পাণ্ডিয়াই কয়, ‘কে এল শান্ত আছিল আৰু সঠিক সময়ত নিজৰ শ্বট খেলিছিল।

তেওঁ অতি প্ৰতিভাশালী আৰু তেওঁৰ দৰে কাৰো টাইমিং নাই।কে এল ৰাহুলে ভাৰতীয় ইনিংছৰ স্থপতিবিদৰ ভূমিকা পালন কৰিছিল যেতিয়া এটা সময়ত ৪২ তম অভাৰত পাঁচ উইকেটৰ বিনিময়ত ২০৩ ৰাণ আছিল।