শুভমান গীলৰ দুৰ্দান্ত প্ৰদৰ্শন; অৰ্জন কৰিলে টেষ্ট কেৰিয়াৰৰ প্ৰথমটো দ্বৈত শতক

শুভমান গীলৰ দুৰ্দান্ত প্ৰদৰ্শন

ভাৰতীয় টেষ্ট দলৰ অধিনায়ক তথা তাৰকা বেটছমেন শুভমান গীলে এডগবাষ্টন খেলপথাৰত ইতিহাসৰ সৃষ্টি কৰিছে।

বাৰ্মিংহামৰ এডগবাষ্টন ক্ৰিকেট খেলপথাৰত ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫খন খেলৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল চলি আছে।

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচৰ দ্বিতীয় দিনা অধিনায়ক গীলে টেষ্ট কেৰিয়াৰৰ প্ৰথমটো দ্বৈত শতক অৰ্জন কৰে।

ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ৪৭০ ৰান অতিক্ৰম কৰি ৬টা উইকেট হেৰুৱাইছে। গীল আৰু ৱাশ্বিংটন সুন্দৰ নট আউট বেটছমেন। গীলে সম্পূৰ্ণ কৰিলে দ্বৈত শতক।এইটোৱেই হৈছে শুভমনৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমটো দ্বৈত শতক।

লিডছৰ হেডিংলি ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতীয় দলটোৱে ৫ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

এতিয়া শুভমান গীল নেতৃত্বাধীন ভাৰতীয় দলটোৱে এই মেচত জয়ী হৈ শৃংখলা সমতল কৰাৰ উদ্দেশ্যেৰে খেলপথাৰলৈ আহিছে।

শুভমানে ১১টা চাৰিৰ সহায়ত ১৯৯টা বলত শতক সমাপ্ত কৰে,যিটো আছিল তেওঁৰ টেষ্ট কেৰিয়াৰৰ সপ্তম শতক।

লগতে পঢ়ক: তাৰকা ফুটবলাৰ ডিঅ’গো জোটাৰৰ মৃত্যু; ১০ দিন পূৰ্বে আৱদ্ধ হৈছিল বিবাহপাশত

ICC এ শুভমান গীলক কৰিব নেকি নিষিদ্ধ?নিয়ম উলংঘাক লৈ বিতৰ্ক

ICC এ শুভমান গীলক কৰিব নেকি নিষিদ্ধ?

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হেডিংলি টেষ্টত শতক অৰ্জন কৰা অধিনায়ক শুভমান গীলে পুনৰবাৰ এক বিশেষ কাৰণত শিৰোনাম দখল কৰিছে।

এইবাৰৰ কাৰণ তেওঁৰ বেটিং প্ৰদৰ্শন নহয় তেওঁৰ ক’লা মোজা হে।আচলতে ইংলেণ্ডৰ বিৰুদ্ধে খেলখনৰ প্ৰথম দিনাই ক’লা মোজা পিন্ধি বেটিং কৰিবলৈ আহিছিল গীল, যিটো ICCৰ ড্ৰেছ কোডৰ নিয়মৰ বিৰুদ্ধে।

আইচিচিৰ নিয়ম উলংঘা

টেষ্ট ক্ৰিকেটত সাজ-পোছাক সন্দৰ্ভত আইচিচিৰ কঠোৰ নিৰ্দেশনা আছে।আই চি চিৰ নিয়ম অনুসৰি খেলৰ সময়ত খেলুৱৈয়ে কেৱল বগা, ক্ৰীম বা পাতল ধূসৰ ৰঙৰ মোজাহে পিন্ধিব লাগিব।

এমচিচিৰ ১৯.৪৫ নং নিয়মৰ অধীনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে এই সকলোবোৰ ৰঙৰ বাহিৰেও গাঢ় ৰঙৰ মোজা পিন্ধিব নোৱাৰিব।

এই নিয়ম ২০২৩ চনত কাৰ্যকৰী কৰা হৈছিল আৰু তেতিয়াৰ পৰা প্ৰায় সকলো খেলুৱৈয়ে ইয়াক মানি চলিছে।

কিন্তু হেডিংলি টেষ্টৰ প্ৰথম দিনাই কেমেৰাৰ চকুৰ পৰা সাৰি যাব নোৱাৰিলে শুভমান গীল।তেওঁক ক’লা মোজা পিন্ধি বেটিং কৰা দেখা গৈছিল, যাৰ বাবে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হৈছিল আৰু প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে যে এইটো নিয়ম উলংঘা নেকি?

ICC এ ল’ব নে ব্যৱস্থা?

এই বিষয়ত যি সিদ্ধান্ত লোৱা হ’ব, সেই সিদ্ধান্ত মেচ ৰেফাৰী ৰিচি ৰিচাৰ্ডছনে ল’ব লাগিব।ICC ৰ গাইডলাইন অনুসৰি, যিকোনো খেলুৱৈয়ে পোছাক নিয়মৰ এনে যিকোনো উলংঘাক লেভেল ১ অপৰাধ বুলি গণ্য কৰা হয়।

ইয়াত এজন খেলুৱৈক তেওঁৰ মেচ মাচুলৰ ১০%ৰ পৰা ৫০% পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে, আৰু লগতে সেই খেলুৱৈজনক ডেমেৰিট পইণ্ট দিব পাৰি।

কিন্তু যদি মেচৰ ৰেফাৰীয়ে অনুভৱ কৰে যে গীলে ইচ্ছাকৃতভাৱে ভুলটো কৰা নাছিল, তেন্তে কেৱল সতৰ্কবাণী দিয়েই এৰি দিব পাৰি।

সাধাৰণভাৱে ক’বলৈ গ’লে ক্ৰিকেটত সাজ-পোছাক উলংঘাৰ বাবে কঠোৰ শাস্তি বিৰল, কিন্তু এই উলংঘা টেষ্ট দলৰ অধিনায়কে নিজেই কৰিছে, সেয়েহে সকলোৰে দৃষ্টি সিদ্ধান্তটোৰ ওপৰত নিবদ্ধ।

লগতে পঢ়ক: আকৌ উজ্জ্বলিল নীৰজ চোপ্ৰা; পেৰিছ ডাইমণ্ড লীগৰ খিতাপ দখল

‘মই এই টেষ্ট মেচত…’; ইংলেণ্ডৰ বিৰুদ্ধে মেচৰ পূৰ্বে অধিনায়ক শুভমান গীলৰ ডাঙৰ মন্তব্য

অধিনায়ক শুভমান গীলৰ ডাঙৰ মন্তব্য

ভাৰত আৰু ইংলেণ্ডৰ মাজত ২০ জুনৰ পৰা টেষ্ট শৃংখলা আৰম্ভ হ’ব, য’ত মুঠ পাঁচখন খেল অনুষ্ঠিত হ’ব। প্ৰথমখন খেল ইংলেণ্ডৰ ঐতিহাসিক হেডিংলি (লিডছ) খেলপথাৰত অনুষ্ঠিত হ’ব।

ইয়াৰ লগে লগে আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ৰ নতুন চক্ৰ।ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচৰ প্ৰাকক্ষণত অনুষ্ঠিত সংবাদমেলত অধিনায়ক শুভমান গীলে কয়, ‘মই এই টেষ্ট ছিৰিজৰ শ্ৰেষ্ঠ বেটছমেন হ’ব বিচাৰো, এইটোৱেই মোৰ মূল লক্ষ্য। আমি কি শৈলীৰ ক্ৰিকেট খেলিম, সেইটো চাবলৈ আগষ্ট মাহলৈকে অপেক্ষা কৰিব লাগিব।’

টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে শুভমান গীলে এটা ডাঙৰ বক্তব্য দি কয় যে ইংলেণ্ডত টেষ্ট শৃংখলাত জয়ী হোৱাটো আই পি এল জয়তকৈ ডাঙৰ কথা হ’ব।

টেষ্টৰ অধিনায়কৰ দায়িত্ব লোৱাৰ বিষয়ে সোধাত অধিনায়ক গীলে কয় যে যিকোনো খেলুৱৈৰ বাবে এইটো এক বৃহৎ সন্মানৰ বিষয়।

ভাৰতীয় টেষ্টৰ নতুন অধিনায়ক শুভমান গীলে প্ৰকাশ কৰে যে তেওঁ আই পি এলৰ সময়ত, এই শৃংখলাৰ পূৰ্বে ৰোহিত শৰ্মা আৰু বিৰাট কোহলী দুয়োৰে সৈতে কথা পাতিছিল আৰু তেওঁলোকে ইংলেণ্ডৰ অৱস্থাৰ অভিজ্ঞতা তেওঁৰ সৈতে ভাগ কৰিছিল।

যেতিয়া টিম ইণ্ডিয়াৰ নতুন টেষ্ট অধিনায়ক শুভমান গীলক লিডছ টেষ্ট মেচৰ বাবে টিম ইণ্ডিয়াৰ প্লেইং-১১ৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কয় যে আমি আকৌ এবাৰ খেলপথাৰখন চাম আৰু তাৰ পিছত সিদ্ধান্ত লম।

লগতে কোনজন খেলুৱৈক ৩ নম্বৰত সুযোগ দিয়া হ’ব সেয়াও অতি সোনকালে সিদ্ধান্ত লোৱা হ’ব। মই বেটিং ক্ৰমত ৪ নম্বৰত খেলিবলৈ ওলাইছো।

২০টা উইকেট নোলোৱাকৈ টেষ্ট মেচত জয়ী হ’ব নোৱাৰিব। গতিকে যদি আমি কোনো বিশেষজ্ঞ বলাৰৰ সৈতে যাব লাগে তেন্তে আমাৰ কোনো ইছ্যু নাই।

লগতে পঢ়ক: শৃংখলাৰ পূৰ্বে ভাৰতীয় দললৈ সকাহ; লিডছত পুনৰ দলত যোগ দিলে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে

‘ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক মিছ কৰিম’; টেষ্ট মেচক লৈ শুভমান গীলৰ কেইবাটাও ঘোষণা

টেষ্ট মেচক লৈ শুভমান গীলৰ কেইবাটাও ঘোষণা

অহা ২০ জুনৰ পৰা ইংলেণ্ড ভ্ৰমণত থাকিব ভাৰতীয় দলটো।দুয়োৰে মাজত ৫খন টেষ্ট মেচৰ শৃংখলা হ’ব, যাৰ বাবে বিচিচিআইয়ে ভাৰতীয় দলটো ঘোষণা কৰিছে।

আনহাতে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে প্ৰথমখন টেষ্ট মেচৰ বাবে দল ঘোষণা কৰিছে।শীঘ্ৰেই ইংলেণ্ডলৈ উৰা মাৰিব টিম ইণ্ডিয়া, ইয়াৰ পূৰ্বে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু নতুন অধিনায়ক শুভমান গীলে এখন সংবাদমেল সম্বোধন কৰে।

টেষ্টৰ অধিনায়ক হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমক সম্বোধন কৰে শুভমান গীলে। মুম্বাইস্থিত বিচিচিআইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলত গম্ভীৰ আৰু শুভমান গীল উপস্থিত আছিল।

ইংলেণ্ড ভ্ৰমণৰ বিষয়ে কি ক’লে শুভমান গীলে

ইংলেণ্ড ভ্ৰমণক লৈ শুভমান গীলে কয় যে, ‘মই ভাবো যে প্ৰতিটো ভ্ৰমণতে দল হিচাপে জয়ী হোৱাৰ হেঁচা থাকে।’ তেওঁ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক মিছ কৰাৰ কথাও কয়।

গীলে কয় যে, ‘আমি দুজন অভিজ্ঞ খেলুৱৈক মিছ কৰিম, যি আমাৰ হৈ খেলিছিলে আৰু মেচ জিকিছিল।তেওঁলোকৰ স্থান পূৰণ কৰিব পৰাটো কঠিন।

কিন্তু, ইয়াতকৈ বেলেগ হেঁচা নাই। প্ৰতিখন ধাৰাবাহিকৰ নিজস্ব চাপ থাকে আৰু আমি চাপ চম্ভালিবলৈ সাজু হোৱা উচিত।

অধিনায়কত্ব লাভৰ পিছত গীলৰ প্ৰতিক্ৰিয়া

ভাৰতীয় টেষ্ট দলৰ কমাণ্ড পোৱাত সুখ প্ৰকাশ কৰি গিলে কয়, ‘অধিনায়কত্ব দিয়াৰ সময়ত মই আপ্লুত হৈ পৰিছিলো।’

উল্লেখ্য যে ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত এই দায়িত্ব শুভমান গীলক দিয়া হৈছিল।তেওঁ ভাৰতক টেষ্ট ক্ৰিকেটত নেতৃত্ব দিয়া ৫ম কনিষ্ঠ অধিনায়ক হিচাপে পৰিগণিত হয়।

বুমৰাহে ৩খন টেষ্ট মেচ খেলিব

মুখ্য প্ৰশিক্ষক গৌতম গম্ভীয়ে প্ৰকাশ কৰে যে কোন তিনিখন টেষ্ট মেচ বেষ্ট বলাৰ যশপ্ৰীত বুমৰাহে এই শৃংখলাত খেলিব, কিন্তু এই সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

তেওঁ কয়, ‘বুমৰাহৰ দৰে খেলুৱৈক সলনি কৰাটো কঠিন।কিন্তু, আমাৰ ওচৰত যথেষ্ট গুণগত খেলুৱৈ আছে।মই চেম্পিয়নছ ট্ৰফীতো এই কথা কৈছো।

গম্ভীৰ আৰু কয় যে, ‘আমি এতিয়াও সিদ্ধান্ত লোৱা নাই যে তেওঁ কোন তিনিখন মেচ খেলিব।আমি তেওঁলোকৰ সৈতে আলোচনা কৰিম আৰু তাৰ পিছত টেষ্ট ছিৰিজৰ ফলাফলৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লম

।ধাৰাবাহিকখনৰ ফলাফল অতি গুৰুত্বপূৰ্ণ আৰু এই কথা তেওঁও জানে।আমি তালৈ যোৱাৰ পিছত হে সিদ্ধান্ত লম।গীলে কয়, ‘যেতিয়া আপোনাৰ ওচৰত যশপ্ৰিত বুমৰাহৰ দৰে বেগী বলাৰ থাকে আৰু যেতিয়াই তেওঁ খেলে, তেতিয়াই আমাৰ বাবে বহুত ভাল।’

লগতে পঢ়ক: অনুমতি অবিহনে অনুষ্ঠিত কৰিছিল বিজয় পেৰেড,বিনামূলীয়া প্ৰৱেশৰ কথা কৰিছিল ঘোষণা; বেংগালুৰু ঘটনাৰ নতুন মোৰ

হাৰ্ডিক পাণ্ডিয়া আৰু শুভমান গীলৰ মাজত হৈছে নেকি সংঘাত ? টছৰ সময়ত নিমিলালে হাত

হাৰ্ডিক পাণ্ডিয়া আৰু শুভমান গীলৰ সংঘাত!

আই পি এল ২০২৫ ছিজনৰ এলিমিনেটৰ মেচখন যোৱা ৩০ মে’ত গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত মুলনপুৰৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।

মুম্বাই ইণ্ডিয়ানছে ২০ ৰানত জয়লাভ কৰি দ্বিতীয় কোৱালিফায়াৰৰ টিকট নিশ্চিত কৰে।এই মেচখনত গুজৰাট টাইটানছৰ অধিনায়ক শুভমান গীল আৰু মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ মাজত উত্তেজনা দেখা গৈছিল, যাৰ বাবে এনে লাগিছিল যে দুয়োৰে মাজত সকলো ঠিক নাই।

টছৰ সময়ত নিমিলালে হাত

গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত হোৱা মেচখনত টছ জয়ী হৈ মুম্বাই দলটোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।টছৰ হাৰ্ডিক পাণ্ডিয়াই হাত মিলাবৰ বাবে গীললৈ হাতখন আগবঢ়াই দিয়ে যদিও গীলে গুৰুত্ব নিদিলে।

ইয়াৰ ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। ইয়াৰ পৰাই দুয়োটাৰ মাজত যে সকলো ঠিক নাই সেই কথাৰ ইংগিত পোৱা গৈছে।

এলিমিনেটৰ মেচত প্ৰথম বেটিং কৰি মুম্বাই ইণ্ডিয়ানছে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২২৮ ৰান সংগ্ৰহ কৰে।গুজৰাট টাইটানছে অধিনায়ক শুভমান গীলৰ পৰা ডাঙৰ ইনিংছ আশা কৰিছিল।

কিন্তু প্ৰথম অভাৰতে ট্ৰেণ্ট ব’ল্টৰ হাতত ব্যক্তিগত স্ক’ৰত এল বি ডব্লিউত দিয়া হয়।আম্পায়াৰৰ সিদ্ধান্তত গীলে ডি আৰ এছ এছ লৈছিল একে সময়তে হাৰ্দিক পাণ্ডিয়াই আনন্দতে চিঞৰি গীলৰ কাষেৰে পাৰ হৈ যায়। পাণ্ডিয়াৰ এই প্ৰতিক্ৰিয়াই সকলোকে আচৰিত কৰি তুলিছিল।

লগতে পঢ়ক: এইবাৰ বিদেশী তীখা আমদানিৰ ওপৰত দৃষ্টি ট্ৰাম্পৰ; ৫০ শতাংশলৈ বৃদ্ধি শুল্ক

শুভমান গীল নে হাৰ্ডিক পাণ্ডিয়া? আজি এলিমিনেটৰত জিলিকিব কাৰ ভাগ্য

শুভমান গীল নে হাৰ্ডিক পাণ্ডিয়া

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ এলিমিনেটৰ মেচত আজি গুজৰাট টাইটানছ (জি টি) আৰু মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ মাজত মুখামুখি হ’ব।

দুয়োটা দলৰ মাজত এই খেলখন মুলনপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব।

এই মেচত গুজৰাট টাইটানছৰ অধিনায়ক হিচাপে থাকিব শুভমান গীল।একে সময়তে মুম্বাই ইণ্ডিয়ানছৰ বাঘজৰী হাৰ্ডিক পাণ্ডিয়াৰ কান্ধত থাকিব।

বিজয়ী দলটোৱে কোৱালিফায়াৰ-২ত খেলিব

এই মেচখনৰ বিজয়ী দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰত পঞ্জাব কিংছ (পিবিকেএছ)ৰ বিৰুদ্ধে খেলিব।আনহাতে পৰাজিত দলটো বাহিৰ হ’ব।

কোৱালিফায়াৰ-২ মেচখন অহা ১ জুনত (দেওবাৰ) আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।প্ৰথম কোৱালিফায়াৰত পঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

আই পি এল ২০২৫ৰ পইণ্ট টেবুলৰ এটা সময়ত গুজৰাট টাইটানছৰ শীৰ্ষ ২ৰ স্থান নিশ্চিত যেন লাগিছিল, কিন্তু যোৱা ২ খন মেচত পৰাস্ত হোৱাৰ বাবে পইণ্ট টেবুলত তৃতীয় স্থানত থাকিল।

একে সময়তে মুম্বাই ইণ্ডিয়ানছে প্ৰাৰম্ভিক মেচসমূহত দুৰ্বল প্ৰদৰ্শন আৰু চতুৰ্থ স্থান দখল কৰি প্লে অফত প্ৰৱেশ কৰে।

এই পৰ্যন্ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত ৭খন খেল খেলিছে।এই সময়ছোৱাত গুজৰাট টাইটানছৰ ৫খন খেলত জয়লাভ কৰে।খেল খনৰ বাবে হাৰ্ডিক পাণ্ডিয়া আৰু শুভমন গীল চিন্তিত হৈ পৰিছে।

আনহাতে মুম্বাই ইণ্ডিয়ানছ দুখন মেচত বিজয়ী হয়।চলিত ছিজনত তৃতীয়বাৰৰ বাবে দুয়োটা দলৰ মুখামুখি হৈছে।এই ছিজনৰ আৰম্ভণিতে দুয়োটা দলৰ মাজত খেলা দুখন মেচত জয়লাভ কৰিছিল গুজৰাট টাইটানছ।

লগতে পঢ়ক: ‘মই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ গলো…’ পাকিস্তানৰ ৰেলিত পহলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ডৰ স্বীকাৰোক্তি