পুনৰ স্থগিত হ’ল শুভাংশু শুক্লাৰ মহাকাশ অভিযান
ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক লৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাব লগা এক্সিয়াম-৪ মহাকাশ অভিযান পুনৰ এবাৰ পিছুৱাই দিয়া হৈছে । ১৯ জুনত হ’বলগীয়া এই অভিযানৰ উৎক্ষেপণ ২২ জুন দেওবাৰলৈকে নহয় । এই সিদ্ধান্ত গ্ৰহণ কৰিছে নাছা, এক্সিয়াম স্পেচ আৰু স্পেচএক্সৰ লগতে ভাৰতৰ মহাকাশ সংস্থা ইছৰোৱে । উৎক্ষেপণৰ তাৰিখৰ এই পৰিৱৰ্তনে নাছাক মহাকাশ কেন্দ্ৰৰ কাৰ্য্যকলাপৰ মূল্যায়ন অব্যাহত ৰাখিবলৈ সময় দিছে ।
উল্লেখ্য যে, ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰত থকা লঞ্চ কমপ্লেক্স ৩৯এৰ পৰা ফেলকন ৯ ৰকেটত স্পেচএক্স ড্ৰেগন মহাকাশযানত যাত্ৰা কৰিব মহাকাশচাৰীসকলে ।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে ১৯ জুনত এক্সিয়াম-৪ অভিযান আৰম্ভ হ’ব বুলি অৱগত কৰিছিল । তেওঁ “এক্স”ৰ পোষ্টৰ জৰিয়তে জনাইছিল যে “ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ কঢ়িয়াই নিব লগা এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণৰ তাৰিখ এতিয়া ১৯ জুন, ২০২৫ তাৰিখলৈ পুনৰ নিৰ্ধাৰণ কৰা হৈছে । লগতে স্পেচএক্সৰ দলে নিশ্চিত কৰিছে যে পূৰ্বে উৎক্ষেপণ পিছুৱাই দিয়া সকলো সমস্যা সম্পূৰ্ণৰূপে সমাধান কৰা হৈছে ।” সিঙে কয় যে সময় অনুসৰি আৰু যিকোনো আপডেট শ্বেয়াৰ কৰা হ’ব । এতিয়া সেই আপডেট প্ৰকাশ পাইছে । এই মিছন ২২ জুন দেওবাৰৰ পূৰ্বে নহয় ।
লগতে পঢ়ক : নাছাই তুলিলে মংগল গ্ৰহৰ আগ্নেয়গিৰিৰ প্ৰথমখন ছবি… মাউণ্ট এভাৰেষ্টতকৈ দুগুণ ওখ