আজি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই
মহাকাশ জগতত ইতিহাস সৃষ্টি কৰি ভাৰতলৈ উভতি আহিছে ভাৰতীয় মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লা । স্বদেশত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয় । আজি কেপ্তেইন শুভাংশু শুক্লাই প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব । বিমানবন্দৰত বৃহৎ সংখ্যক লোকে ত্ৰিৰংগ জোকাৰি আৰু ঢাক-ঢোলেৰে শুক্লাক আদৰণি জনায় । শুক্লাক বিমানবন্দৰত আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে ।
প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই-
শুভাংশু শুক্লাই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত নিজৰ গৃহ চহৰ লক্ষ্ণৌলৈ যোৱাৰ সম্ভাৱনা আছে । ২২-২৩ আগষ্টত আই এছ এছৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাজধানীলৈ উভতি আহিব তেওঁ । কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সসিঙে ‘এক্স’ত এটা পোষ্টত কয়, “ভাৰতৰ মহাকাশ গৌৰৱে ভাৰতৰ মাটি স্পৰ্শ কৰে… আজি পুৱা দিল্লীত উপস্থিত হয় মা ভাৰতীৰ বিশিষ্ট পুত্ৰ গগণযাত্ৰী শুভাংশু শুক্লা । তেওঁৰ লগত আছে গ্ৰুপ কেপ্তেইন প্ৰশান্ত বালকৃষ্ণন নায়াৰ, যি ভাৰতৰ প্ৰথমটো মানৱ অভিযান গগণযানৰ বাবে নিৰ্বাচিত মহাকাশচাৰীসকলৰ ভিতৰত অন্যতম আৰু আই এছ এছৰ এই অভিযানৰ বাবে ভাৰতৰ নিযুক্ত মহাকাশচাৰী আছিল ।” যদি শুভাংশু শুক্লা আৰু তেওঁ মহাকাশলৈ যাব নোৱৰা অৱস্থাত প্ৰশান্ত নায়াৰ আছিল ‘ৰিজাৰ্ভ’ মহাকাশচাৰী ।
লগতে পঢ়ক : স্বদেশলৈ উভতিছে মহাকাশচাৰী শুভাংশু শুক্লা… প্ৰধানমন্ত্ৰী মোদীক কৰিব সাক্ষাৎ, লক্ষ্ণৌত অনুষ্ঠিত হ’ব ৰোড শ্ব’