মহাকাশত খাদ্য খোৱাটো কিমান কঠিন
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ অভিজ্ঞতা ব্যক্ত কৰি ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই কয় যে মহাকাশত খাদ্য গ্ৰহণ কৰাটোও অতি প্ৰত্যাহ্বানজনক । তেওঁ এটা ভিডিঅ’ শ্বেয়াৰ কৰি মহাকাশচাৰীয়ে মহাকাশত কেনেদৰে খাদ্য গ্ৰহণ কৰে সেই বিষয়ে কয় । শুভাংশুৱে লগতে কয় যে পৃথিৱীলৈ উভতি অহাৰ পিছত তেওঁ পুনৰ স্বাভাৱিক পদ্ধতিৰে খাদ্য গ্ৰহণ কৰিবলৈ শিকিব লগা হয় ।
শুভাংশুৱে লিখিছে- আকৌ খাবলৈ শিকিব লগা হ’ল
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকাৰ সময়ত ৰেকৰ্ডিং কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে শুভাংশু শুক্লাই । এই ভিডিঅ’টোত শুভাংশুৱে মহাকাশচাৰীয়ে কেনেকৈ খাদ্য খায় আৰু ইয়াত কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় সেই বিষয়ে কৈছে । এই পোষ্টটোৰ সৈতে শ্বেয়াৰ কৰা কেপচনত শুভাশু শুক্লাই লিখিছে যে ‘কেতিয়াও ভবা নাছিলো যে মই আকৌ খাবলৈ শিকিব লাগিব । ইয়াত মই কৈছো মহাকাশত খাদ্য গ্ৰহণ কৰাৰ সময়ত অভ্যাসবোৰ কিয় গুৰুত্বপূৰ্ণ । সাৱধান নহ’লে ভুল হ’ব পাৰে । মহাকাশত বাস কৰাৰ বাবে অন্যতম ফলপ্ৰসূ মন্ত্ৰ হ’ল, ‘ধীৰ দ্ৰুত’ ।
শুভাংশুৱে কয় যে মহাকাশত পানীও খাব লাগে । ভিডিঅ’টোত শুভাংশুৱে দেখুৱাইছে যে কেনেকৈ মহাকাশত কফি খোৱা হয় আৰু খাদ্য সামগ্ৰীসমূহো তাত অতি সাৱধানে ৰখা হয় কাৰণ মাধ্যাকৰ্ষণ শক্তিৰ অভাৱৰ বাবে মহাকাশচাৰীসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । তেওঁ কয় যে ‘আন এটা আমোদজনক কথা হ’ল খাদ্য হজম কৰিবলৈ আমাক মাধ্যাকৰ্ষণৰ প্ৰয়োজন নাই । ‘পেৰিষ্টালচিছ’ নামৰ এটা প্ৰক্ৰিয়া মহাকাশত হজমৰ বাবে দায়বদ্ধ, ইয়াৰ বাবে মাধ্যাকৰ্ষণৰ প্ৰয়োজন নাই । ইয়াত মূৰটো ওপৰলৈ হওক বা তললৈ হওক, মাধ্যাকৰ্ষণ শক্তি হওক বা নহওক, আপোনাৰ শৰীৰে সদায় খাদ্য হজম কৰিব ।’
লগতে পঢ়ক : ভাৰতৰ প্ৰথমটো থলুৱা মহাকাশ প্ৰচেছৰ ‘বিক্ৰম ৩২০১’ মুকলি… অধিক শক্তিশালী হ’ব ৰকেট আৰু উপগ্ৰহৰ অভিযান