মহাকাশলৈ শুভাংশুৰ শুভ যাত্ৰা
মহাকাশৰ জগতখনত ভাৰতে পুনৰ সৃষ্টি কৰিছে ইতিহাস । লক্ষ্ণৌৰ শুভাংশু শুক্লাই বুধবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰি ভাৰতক ৪১ বছৰৰ পাছত মানৱ মহাকাশ উৰণ কাৰ্যসূচীলৈ ঘূৰাই আনে । আমেৰিকাৰ ব্যক্তিগত কোম্পানী এটাৰ এক্সিয়াম মিছনৰ অধীনত মহাকাশলৈ গৈছে তেওঁ । ভাৰতৰ উপৰিও হাংগেৰী আৰু পোলেণ্ডৰ মহাকাশচাৰীসকলো এই অভিযানৰ অংশ ।
কেনেডি স্পেচ চেণ্টাৰৰ পৰা যাত্ৰা-
বুধবাৰে নিশা ১২:০১ বজাত ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা উৰা মাৰিলে স্পেচএক্সৰ ফেলকন-৯ ৰকেট । ৰকেট মহাকাশত প্ৰৱেশ কৰাৰ লগে লগে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে এই ঐতিহাসিক মুহূৰ্তৰ উদযাপন আৰম্ভ হয় । লক্ষ্ণৌত শুভাংশু শুক্লাৰ পিতৃ-মাতৃ আৰু চিটি মন্টেছৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলেও এই যাত্ৰাৰ লাইভ চাই গৌৰৱ অনুভৱ কৰে ।
৪১ বছৰৰ পিছত ইতিহাস সৃষ্টি-
উৎক্ষেপণৰ মাত্ৰ ১০ মিনিটৰ পিছতে এই ৰকেটটোৱে পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰে । এই সময়ত শুভাংশু শুক্লাই উত্তেজিত হৈ ক’লে যে এয়া এক আচৰিত যাত্ৰা । এই কথা শুনি দেশবাসীৰ মুখবোৰ জিলিকি উঠে । ১৯৮৪ চনত ৰাকেশ শৰ্মাৰ ঐতিহাসিক উৰণৰ ৪১ বছৰৰ পাছত সম্ভৱ হৈ উঠা ভাৰতৰ মহাকাশ উৰণৰ এক নতুন অধ্যায় তেওঁৰ এই যাত্ৰা ।
মোৰ যাত্ৰা নহয়, ভাৰতৰ যাত্ৰা- শুভাংশু
পৃথিৱীৰ কক্ষপথত উপনীত হোৱাৰ পিছত শুভাংশু শুক্লাই হিন্দী ভাষাত দেশবাসীক সম্বোধন কৰি কয়, নমস্কাৰ মোৰ প্ৰিয় দেশবাসী, ৪১ বছৰৰ পাছত আমি মহাকাশ পাইছোঁ ৷ মোৰ কান্ধত ত্ৰিৰংগা আছে, যাৰ বাবে মোৰ অনুভৱ হয় যে মই অকলশৰীয়া নহয়, ১৪০ কোটি ভাৰতীয়ৰ সৈতে আছোঁ । তেওঁ কয় যে এয়া কেৱল মোৰ মহাকাশ যাত্ৰা নহয়, ভাৰতৰ মানৱ মহাকাশ যাত্ৰাৰ আৰম্ভণি । উল্লেখ্য যে, শুভাংশু শুক্লাৰ লগতে মহাকাশচাৰীসকল এতিয়া ১৪ দিন আই এছ এছত থাকিব আৰু এই সময়ছোৱাত ৬০টা বিভিন্ন বৈজ্ঞানিক পৰীক্ষা কৰিব ।
মহাকাশলৈ চাউল আৰু আমো-
বিশেষ কথাটো হ’ল এই অভিযানত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ উপৰিও মহাকাশচাৰীসকলে নিজ নিজ দেশৰ সংস্কৃতিৰ আভাসো লৈছে । শুভাংশু শুক্লাই ভাৰতীয় তৰকাৰী, চাউল আৰু আমৰ ৰস লোৱাৰ বিপৰীতে হাংগেৰীৰ টেঙা পেপৰিকা পেষ্ট আৰু পোলেণ্ডৰ ফ্ৰীজ ফ্ৰাইড পিয়ৰ’জি মহাকাশলৈ প্ৰেৰণ কৰা হৈছে । এই অভিযান কেৱল বৈজ্ঞানিক কৃতিত্বই নহয়, সাংস্কৃতিক পৰিচয়ৰ প্ৰতীকো ।
লগতে পঢ়ক : ভাৰতৰ আটাইতকৈ কম বয়সীয়া মহাকাশ যাত্ৰী ! ২০২৯ত মহাকাশলৈ ২৩ বছৰীয়া জাহ্নৱী