শুভাংশু শুক্লাৰ এক্স-৪ অভিযানৰ নতুন উৎক্ষেপণৰ তাৰিখ ঘোষণা
ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ এক্সিয়াম-৪ অভিযান অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ কিছুদিন পিছতে ইছৰোৱে নতুন উৎক্ষেপণৰ তাৰিখ ঘোষণা কৰিছে । এক্সিয়াম-৪ অভিযানত মহাকাশ ভ্ৰমণৰ প্ৰথমটো প্ৰস্তুতি চলোৱাৰ সময়তে ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে শুভাংশু শুক্লা । এতিয়া ১৯ জুনত আনুষ্ঠানিকভাৱে এই অভিযান আৰম্ভ হোৱাৰ কথা । ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা স্পেচএক্সৰ নিৰ্ভৰযোগ্য ফেলকন ৯ ৰকেটত উৰা মাৰিব এই অভিযান ।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো), এক্সিয়াম স্পেচ আৰু স্পেচএক্সৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত এই উৎক্ষেপণৰ তাৰিখ নিশ্চিত কৰা হয় । বৈঠকৰ সময়ত বিষয়াসকলে শেহতীয়া কাৰিকৰী উদ্বেগসমূহৰ বিষয়ে আলোচনা কৰে, বিশেষকৈ ফেলকন ৯ উৎক্ষেপণ বাহনখনত তৰল অক্সিজেন লিক হোৱাৰ বিষয়ে । স্পেচএক্সৰ অভিযন্তাসকলে এতিয়া এই সমস্যা সমাধান কৰিছে আৰু ৰকেটটো এতিয়া পৰৱৰ্তী অভিলাষী অভিযানৰ বাবে সাজু হৈছে ।
ভাৰতীয় বায়ুসেনাৰ চাৰ্ভিং পাইলট তথা ইছৰোৰ নতুন মহাকাশচাৰী শুভাংশু শুক্লাই এক্স-০৪ অভিযানৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰুৰ সৈতে যোগদান কৰিব । ভাৰতৰ মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ বাবে এয়া এক উল্লেখযোগ্য মাইলৰ খুঁটি, কিয়নো আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাত্ৰা কৰা কেইজনমান ভাৰতীয়ৰ ভিতৰত অন্যতম হ’ব শুভ্ংশু শুক্লা ।
কি হয় এক্সিয়াম মিছন ৪ ?
পোলেণ্ড আৰু হাংগেৰীৰ লগতে এই অভিযান ভাৰতৰ বাবে ঐতিহাসিক হ’ব । এই দুয়োখন দেশে ৪০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে মানৱ মহাকাশ উৰণত অংশগ্ৰহণ কৰিব । ভাৰত, পোলেণ্ড আৰু হাংগেৰীয়ে যৌথ অভিযানৰ অধীনত আই এছ এছলৈ একেলগে যাব প্ৰথমবাৰৰ বাবে । এই অভিযানটো ফেলকন ৯ ৰকেটত স্পেচএক্স ড্ৰেগন কেপচুলত উৎক্ষেপণ কৰা হ’ব । এক্সিয়াম-৪ৰ ক্ৰুৰ উৎক্ষেপণ ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ লঞ্চ কমপ্লেক্স ৩৯এৰ পৰা হ’ব ।
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱা প্ৰথম ভাৰতীয়-
এই অভিলাষী অভিযানৰ অধীনত ভাৰতে অতি সোনকালে এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিবলৈ ওলাইছে । ভাৰতৰ শুভাংশু শুক্লা এতিয়া মহাকাশলৈ যোৱা দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ’বলৈ ওলাইছে । কেৱল এয়াই নহয়, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত উপস্থিত হোৱা তেওঁ হ’ব প্ৰথম ভাৰতীয় । এই অভিযান আমেৰিকাৰ মহাকাশ অভিযান কোম্পানী এক্সিয়াম স্পেচ আৰু নাছাৰ সহযোগত সম্পন্ন কৰা হৈছে । লগতে এই অভিযানত ইলন মাস্কৰ স্পেচএক্সে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।
লগতে পঢ়ক : এইখন দেশত নিষিদ্ধ হ’ব Telegram আৰু WhatsApp! আহিব নতুন এপ