মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ
ধুবুৰীৰ গো মাংসক লৈ পৰিস্থিতি অৱনতিৰ পিছতে কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। নিশাৰ আন্ধাৰত আৰক্ষী অথবা বেলেগ ধৰ্মীয় লোকক শিলগুটি নিক্ষেপ কৰিলে লগে লগে গুলিৱাবলৈ নিৰ্দেশ ধুবুৰী জিলা প্ৰশাসনক।
সাম্প্ৰতিক পৰিস্থিতিকলৈ আইন শৃংখলা অধিক কটকটীয়া কৰি তুলিবলৈ ধুবুৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰ্মিত সিং।
ঘটনাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ধুবুৰীৰ ঘটনাৰ লগত বাংলাদেশৰ শক্তি জড়িত আছে। এতিয়াৰে পৰা আইন শৃংখলা হাতত তুলি লোৱা মানুহৰ নিষ্ঠাৰ নাই। সকলো অপৰাধীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘এইবাৰ বকৰী ঈদৰ পিছদিনা মই ধুবুৰীত থাকিম।গোটেই ৰাতি মই হনুমান মন্দিৰত বহি থাকিম। ঈদৰ পিছদিনাও মই ধুবুৰীত নিশা কটাম। আমাৰ চৰকাৰে ইয়াক কেতিয়াও সহ্য নকৰে’।
আজি সন্ধিয়া ৬ বজাৰ লগে লগে প্ৰযোজ্য হ’ব শ্বুট এট ছাইটৰ নিৰ্দেশ। ইয়াৰ বাবে ৰেপিড এক্সন ফৰ্চ আৰু CRPF ধুবুৰীলৈ যাব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।
লগতে পঢ়ক: ফিন এলেনে ভংগ কৰিলে গেইলৰ বিশ্ব অভিলেখ! ধুমুহাময় বেটিঙেৰে কৰিলে কাম