প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় বঁটা লাভ শ্বাহৰুখ খানৰ
বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে তেওঁৰ ৩৩ বছৰীয়া কেৰিয়াৰত প্ৰথমটো ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ২০২৩ চনত এটলীৰ পৰিচালনাত নিৰ্মিত ব্লকবাষ্টাৰ ছবি ‘জৱান’ত কৰা অভিনয়ৰ বাবে ছুপাৰষ্টাৰগৰাকীয়ে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।
কিং খানে বিধু বিনোদ চোপ্ৰাৰ ’১২ ফেইল’ ছবিত অভিনয় কৰা বিক্ৰান্ত মেছিৰ সৈতে এই সন্মান ভাগ কৰে।ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ পিছতে শ্বাহৰুখ খানে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তেওঁৰ হাতখন প্লাষ্টাৰ কৰি থোৱা দেখা গৈছে।
এই ভিডিঅ’টোত ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ পিছত ছুপাৰষ্টাৰগৰাকীয়ে ভাৰত চৰকাৰ, জুৰী, তেওঁৰ দল, অনুৰাগী আৰু পৰিয়ালক ধন্যবাদ জনাইছে।
এই সন্মানীয় বঁটা লাভ কৰাৰ পিছতে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ছুপাৰষ্টাৰগৰাকীয়ে। তেওঁৰ অফিচিয়েল x হেণ্ডেলত এটা ভিডিঅ’ৰ লগতে তেওঁ লিখিছে, “ৰাষ্ট্ৰীয় বঁটাৰে মোক সন্মান জনোৱাৰ বাবে ধন্যবাদ। জুৰী আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক ধন্যবাদ।এই সন্মানৰ বাবে ভাৰত চৰকাৰলৈ ধন্যবাদ।মোক দিয়া মৰম, আজি সকলোকে মোৰ আধা আলিংগন।”
ভিডিঅ’টোত শ্বাহৰুখ খানেলগতে কয় যে, “ কোৱাৰ হয়টো প্ৰয়োজন নাই যে মই কৃতজ্ঞতা আৰু নম্ৰতাৰে আপ্লুত হৈছো।ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱাটো এনে এটা মুহূৰ্ত যিটো মই গোটেই জীৱন পাহৰিব নোৱাৰিম।জুৰী, অধ্যক্ষ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু মোক এই সন্মানৰ যোগ্য বুলি ভবা সকলোকে বহুত বহুত ধন্যবাদ।”
লগতে পঢ়ক: ‘কিংডম’ৰ ধামাকা এন্ট্ৰি; প্ৰথম দিনাই বক্স অফিচত উপাৰ্জন…