বিবাহপাশত আবদ্ধ হ’ব ছলমান খান!
দবাং অভিনেতা ছলমান খান বলীউড উদ্যোগৰ মোস্ট এলিজিবল ব্যাচেলৰ হয়।তেওঁ কেতিয়া আৰু কাক বিয়া কৰাব, এই প্ৰশ্নৰ উত্তৰ জানিবলৈ আগ্ৰহী অনুৰাগীসকল।
এতিয়া ছলমান খানৰ শেহতীয়া ছ’চিয়েল মিডিয়া পোষ্টে পুনৰ তেওঁৰ বিবাহৰ খবৰক লৈ চৰ্চা আৰম্ভ হৈছে।
চৰ্চাত ছলমানৰ পোষ্ট
আচলতে ছলমান খানে নিজৰ ভিনিহিয়েক তথা চলচ্চিত্ৰ প্ৰযোজক অতুল অগ্নিহোত্ৰীৰ জন্মদিনৰ উপলক্ষে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে।
তেওঁ বিশেষ বাৰ্তা লিখি ভনিহিয়েকৰ জন্মদিনৰ শুভেচ্ছা জনাইছে। পোষ্টটোত ছলমানে অতুল অগ্নিহোত্ৰীৰ বাবে এটা মৰমলগা বাৰ্তা লিখিছে।
কিন্তু এই পোষ্টটো ভাইৰেল হোৱাৰ পিছত অনুৰাগীসকলে অনুভৱ কৰিছে যে ছুপাৰষ্টাৰগৰাকীয়ে নিজৰ বিবাহৰ বিষয়ে এটা ইংগিত দিছে।
পোষ্টটোত কি লিখিছিলে ছলমানে?
ছলমান খানে অতুল অগ্নিহোত্ৰী আৰু ভগ্নী আলভিৰা খানৰ এখন থ্ৰ’বেক ফটো শ্বেয়াৰ কৰিছে। ফটোখনত অতুল অগ্নিহোত্ৰীয়ে আলভিৰা খানৰ কান্ধত মূৰ থৈ আৰামত শুই থকা দেখা গৈছে।

ভগ্নী আৰু ভিনিহিয়েকৰ ফটোখনৰ লগতে ছলমানে কেপচনত লিখিছে –জন্মদিনৰ শুভেচ্ছা অতুল, মোৰ BIL মানে মোৰ Brother in low । মোৰ ভগ্নীৰ যত্ন লোৱাৰ বাবে ধন্যবাদ। ‘মই আপোনাক ভাল পাওঁ।
তুমি শ্ৰেষ্ঠ স্বামী আৰু পিতৃ।আপুনি সেইজন ব্যক্তিয়েই হৈ থাকিব পাৰিব নে, যিজনক প্ৰথম দিনটোৰ পৰা মই জানো। এদিন ময়ো এনে এজন ব্যক্তি হয়, যেনেকোৱা এতিয়া আপুনি হয়।
ছলমানৰ শেষৰ শাৰীটো দেখি মানুহ বিমোৰত পৰিছে। অনুৰাগীয়ে জল্পনা-কল্পনা কৰিছে যে দবাং খানে নিজৰ বিবাহৰ বিষয়ে হয়টো কোনো ইংগিত দিছে।
লগতে পঢ়ক: Special Ops 2 ৰ বাবে অধিক অপেক্ষা কৰিব লাগিব অনুৰাগী; সলনি হ’ল মুক্তিৰ তাৰিখ