শুভমান গিলৰ অধিনায়কত্বৰ অনুৰাগী শচীন টেণ্ডুলকাৰ
মহান বেটছমেন শচীন টেণ্ডুলকাৰে চিন্তাশীল আৰু শান্তভাৱে সিদ্ধান্ত লোৱাৰ বাবে নতুন টেষ্ট অধিনায়ক শুভমান গিলক প্ৰশংসা কৰিছে।
ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পূৰ্বে টিম ইণ্ডিয়াৰ টেষ্ট দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছিল গিল।তেওঁৰ অধিনায়কত্বৰ আৰম্ভণি অতি কঠিন আছিল।
প্ৰথমখন খেলত ইংলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰতে। কিন্তু দ্বিতীয়খন মেচত গিলৰ নেতৃত্বত ভাৰতে এক বৃহৎ প্ৰত্যাৱৰ্তন কৰে।
অধিনায়ক হিচাপে গিলে প্ৰথমখন মেচতে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু এই পৰাজয়ৰ বাবে ভয় খোৱাৰ পৰিৱৰ্তে গিলে শক্তিশালী কামবেক কৰিলে।
দ্বিতীয় টেষ্টত তেওঁ টিম ইণ্ডিয়াক এক উজ্জ্বল জয় প্ৰদান কৰে।বাৰ্মিংহামৰ এডগবাষ্টন খেলপথাৰত ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত কৰি ভাৰতে পাঁচখন খেলৰ শৃংখলা ১-১ সমতা স্থাপন কৰে
গিলৰ বিষয়ে শচীনে ক’লে এই কথা
আজিৰে পৰা লৰ্ডছ খেলপথাৰত ভাৰত আৰু ইংলেণ্ডৰ শৃংখলাৰ তৃতীয়খন টেষ্ট আৰম্ভ হৈছে।ইয়াৰ পূৰ্বে ষ্টাৰ স্প’ৰ্টছৰ সৈতে কথা পাতি থকাৰ সময়তে শচীন টেণ্ডুলকাৰে কয় যে, “শুভমানে অতি দুৰ্দান্ত প্ৰদৰ্শন কৰিছে, তেওঁ অতি শান্ত আৰু সংযত”।
“মোৰ বিশ্বাস বাকী ১০ জন খেলুৱৈয়ে তেওঁৰ সিদ্ধান্ত আৰু নেতৃত্বক সন্মান কৰে।তেওঁ লোৱা সিদ্ধান্তবোৰ যুক্তিসংগত আৰু সুচিন্তিত।”
শচীনে আৰু কয়,‘তেওঁৰ বেটিং তেওঁৰ অধিনায়কত্বৰ সৈতে মিল খায়। যেতিয়া কোনো অধিনায়ক ভাল ফৰ্মত থাকে, ইয়াৰ দ্বাৰা সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰে”।
“প্ৰয়োজনীয় সিদ্ধান্ত ল’বলৈ সঠিক মানসিকতাত থকাটো প্ৰয়োজন আৰু বৰ্তমান তেওঁ তাতেই আছে।তেওঁ উজ্জ্বল বেটিং কৰি আছে।”
লগতে পঢ়ক: চতুৰ্থ টি-২০ত ইংলেণ্ডৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ ভাৰতৰ; শৃংখলাত ৩-১ ব্যৱধানত অগ্ৰগতি