৫০ জন যাত্ৰী কঢ়িয়াই নিয়া বিমান নিৰুদ্দেশ
৫০ জন যাত্ৰী কঢ়িয়াই নিয়া ৰাছিয়াৰ এখন বিমান নিৰুদ্দেশ হোৱা বুলি খবৰ প্ৰকাশ পাইছে । পূব আমুৰ অঞ্চলত ৰাছিয়াৰ বিমান পৰিবহণ নিয়ন্ত্ৰণে বিমানখনৰ সৈতে যোগাযোগ হেৰুৱাই । এই অঞ্চল ৰাছিয়া আৰু চীন সীমান্তত অৱস্থিত । নিৰুদ্দেশ হোৱা বিমানখন চাইবেৰিয়াস্থিত আংগাৰা এয়াৰলাইন্সৰ ।
গন্তব্যস্থানৰ কেইকিলোমিটাৰমান পূৰ্বে যোগাযোগ বিচ্ছিন্ন-
সংবাদ মাধ্যমৰ খবৰ অনুসৰি আংগাৰা এয়াৰলাইন্সৰ বিমানখন আমুৰ অঞ্চলৰ টিণ্ডালৈ গৈ আছিল । বিমানখনত ৫টা শিশুসহ ৪৩জন যাত্ৰী আৰু ছজন ক্ৰু মেম্বাৰ আছিল । স্থানীয় গৱৰ্ণৰ ভাচিলি অৰলভে টেলিগ্ৰামত শ্বেয়াৰ কৰা এটা পোষ্টত কয় যে বিমানখনৰ সন্ধান চলি আছে । যি সময়ত বিমানখনে বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে যোগাযোগ হেৰুৱাইছিল, সেই সময়ত বিমানখন গন্তব্যস্থানৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান দূৰত আছিল ।
লগতে পঢ়ক : ‘আমি ভাবুকি সহ্য নকৰো…’; ট্ৰাম্পৰ সতৰ্কবাণীক লৈ মাছুদ পেজেস্কিয়ানৰ ডাঙৰ মন্তব্য