ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এখন ৰোমাঞ্চকৰ মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক ২ ৰাণত পৰাস্ত কৰে । এই জয়ৰ লগে লগে এতিয়া পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে আৰ চি বি । এই মেচখনত টছত জয়লাভ কৰাৰ পিছত চেন্নাই ছুপাৰ কিংছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ।
প্ৰথমে বেটিং কৰি আৰ চি বিৰ দলে চেন্নাইক ২১৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । বিৰাট কোহলী আৰু শ্বেফাৰ্ডে বিস্ফোৰক অৰ্ধ শতক অৰ্জন কৰে । মাত্ৰ ১৪টা বলত অৰ্ধ শতক সংগ্ৰহ কৰে শ্বেফাৰ্ডে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ২১১ ৰানহে কৰিবলৈ সক্ষম হয় চেন্নাই চুপাৰ কিংছে ।
চেন্নাইৰ ইনিংছ-
২১৪ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত চি এছ কেৰ আৰম্ভণি শক্তিশালী আছিল । আয়ুষ মাহাত্ৰে আৰু ৰছিদে সুস্থিৰ আৰম্ভণি কৰিছিল । কিন্তু পঞ্চম অভাৰত চি এছ কে দলে ৫১ ৰানত প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হয় যেতিয়া ৰছিদ ১৪ ৰান সংগ্ৰহ কৰি আউট হয় । ষষ্ঠ অভাৰত ছেম কাৰানো ৫ ৰান সংগ্ৰহ কৰি আউট হয় ।
কিন্তু ইয়াৰ পাছত আয়ুষ মাহাত্ৰেই দলৰ ইনিংছৰ দায়িত্ব লয় আৰু ২৫টা বলত অৰ্ধ শতক অর্জন কৰে ৷ একে সময়তে ৰবীন্দ্ৰ জাদেজাইও তেওঁক সমৰ্থন কৰে । দুয়োৰে মাজত শতকীয় অংশীদাৰিত্ব গঢ়ি উঠে । ইয়াৰ উপৰিও জাডেজাই ২৯টা বলত অৰ্ধশতক অৰ্জন কৰে । দুয়োৱে মাজত ১১৪ ৰানৰ অংশীদাৰিত্ব গঢ়ে ।
কিন্তু ১৭ নং অভাৰত আয়ুষ মাহাত্ৰেৰ উইকেটৰ পতন ঘটে । আয়ুছে ৯৪ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । মাত্ৰ ৬ ৰানৰ বাবে তেওঁ শতক বঞ্চিত হয় । আয়ুষে নিজৰ ইনিংছত ৯টা চাৰি আৰু ৫টা ছয় কোবাই । ইয়াৰ পিছত ব্ৰেভিছ একেবাৰে পৰৱৰ্তী বলটোতে আউট হয় । ইয়াৰ পিছতে ধোনি বেটিং কৰিবলৈ ক্ৰীজলৈ আহে । কিন্তু শেষৰ অভাৰত ধোনী ১২ ৰান সংগ্ৰহ কৰি আউট হয় ।
শেষৰ অভাৰত চি এছ কেক ১৫ ৰানৰ প্ৰয়োজন হৈছিল । কিন্তু ধোনী আউট হোৱাৰ পিছত চি এছ কেক ৩ বলত ১৩ ৰানৰ প্ৰয়োজন হৈছিল । শিৱম ডুবেই এটা ন’ বলত ছয় কোবাই । কিন্তু শেষৰ বলত চি এছ কেক জয়ী হ’বলৈ ৪ ৰানৰ প্ৰয়োজন হৈছিল । কিন্তু চি এছ কে এই ৰান সংগ্ৰহত ব্যৰ্থ হয় । এইদৰে আৰ চি বিয়ে ২ ৰানত মেচখনত জয়লাভ কৰে । এই জয়ৰ জৰিয়তে এতিয়া পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে আৰ চি বি । অৱশ্যে অপৰাজিত হৈ থাকে জাডেজা । জাডেজাই ৪৫টা বলত ৭৭ ৰানৰ ইনিংছ খেলে ।
আৰ চি বিৰ ইনিংছ-
প্ৰথমে বেটিং কৰিবলৈ আহি আৰ চি বিয়ে এক সুন্দৰ আৰম্ভণি কৰিছিল । বিৰাট কোহলী আৰু বেথেল দুয়োজনে ধুমুহাময় বেটিং কৰে । কোহলী আৰু বেথেলে প্ৰতিজন বলাৰক প্ৰহাৰ কৰে । দশম অভাৰত আৰ চি বিয়ে প্ৰথমটো আঘাত লাভ কৰে যেতিয়া বেথেল পঞ্চাশত আঘাত কৰি আউট হয় । বেথেলে ৩৩টা বলত ৫৫ ৰান সংগ্ৰহ কৰে । কিন্তু ইয়াৰ পাছত বিৰাট কোহলীয়ে দায়িত্ব লয় আৰু ২৮টা বলত অৰ্ধশতক অৰ্জন কৰে । কিন্তু ১২ অভাৰত ছেম কাৰানে তেওঁৰ উইকেট দখল কৰে । কোহলীয়ে ৩৩টা বলত ৬২ ৰানৰ ইনিংছ খেলে ।
ইয়াৰ পিছতে ১৬ নং অভাৰত দেৱদত্ত পাডিক্কালো আউট হয় । তেওঁ ১৭ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছত ১৮ নং অভাৰত ৰজত পাটিদাৰো পেভিলিয়নমুখী হয় । ৰজতৰ বেটৰ পৰা মাত্ৰ ১১ ৰানহে আহে । ইয়াৰ পিছতে খলিলৰ ১৯ অভাৰত শ্বেফাৰ্ডে ৩৩ ৰান সংগ্ৰহ কৰে । শ্বেফাৰ্ডে ১৪টা বলত ৫৩ ৰানৰ ধুমুহাময় ইনিংছ খেলে । ইয়াৰ ভিত্তিত আৰ চি বিয়ে চেন্নাইক ২১৪ ৰানৰ লক্ষ্য দি জয়লাভ কৰে ।