নিয়মীয়া ভাৰতীয় সেনাৰ পাছত দেশৰ নিৰাপত্তাৰ দ্বিতীয় লাইন হিচাপে কাম কৰা স্বেচ্ছাসেৱী বাহিনী হৈছে টেৰিটৰিয়েল আৰ্মী । এই সেনাবাহিনীৰ সদস্যসকল সাধাৰণ নাগৰিক, যিসকল বিভিন্ন পেছাত নিয়োজিত আৰু মাজে মাজে নিজৰ কামৰ পৰা সময় উলিয়াই সামৰিক প্ৰশিক্ষণ লয় ।
সামৰিক প্ৰশিক্ষণ লাভ কৰা এই সাধাৰণ নাগৰিকসকলক প্ৰয়োজন সাপেক্ষে দেশৰ সেৱা কৰিবলৈ আহ্বান জনোৱা হয় । তাৰ পিছত তেওঁলোকে নিজৰ কাম বা চাকৰি এৰি টেৰিটৰিয়েল আৰ্মীত সেৱা আগবঢ়ায় । এয়া এক প্ৰকাৰৰ সংৰক্ষিত বাহিনী । ইয়াৰ ভিতৰত ইতিমধ্যে চিকিৎসক, অভিযন্তা, ব্যৱসায়ী আদি অসামৰিক বৃত্তিত নিয়োজিত লোকসকলো অন্তৰ্ভুক্ত আচে । সকলোৱে আহ্বান কৰিলেই যিকোনো ইউনিফৰ্ম পিন্ধিবলৈ সাজু হৈ থাকে ।
টেৰিটৰিয়েল আৰ্মীৰ কাম কি-
টেৰিটৰিয়েল আৰ্মীৰ সদস্যসকলক সময়ে সময়ে সামৰিক প্ৰশিক্ষণ দিয়া হয় । যুদ্ধ, প্ৰাকৃতিক দুৰ্যোগ বা আন জৰুৰীকালীন অৱস্থাৰ সময়ত দেশৰ সুৰক্ষাত অৰিহণা যোগাবলৈ আহ্বান জনোৱা হয় । যুদ্ধৰ সময়ত স্থায়ী সৈনিকক সহায় কৰে তেওঁলোকে । লগতে, জৰুৰীকালীন অৱস্থাত তেওঁলোকে দেশৰ অভ্যন্তৰীণ অংশত অসামৰিক প্ৰশাসনক সহায় কৰে ।
এই অঞ্চলসমূহত সেনাবাহিনীক সহায় কৰে-
টেৰিটৰিয়েল আৰ্মীৰ কাম হ’ল কৌশলগত গুৰুত্বপূৰ্ণ স্থানত সেনাবাহিনীৰ দৰে সেৱা আগবঢ়োৱা আৰু নিয়মীয়া সেনাবাহিনীক সহায় কৰা । প্ৰয়োজনৰ সময়ত উপকূল অঞ্চলকো সুৰক্ষা দিয়ে । পদাতিক বাহিনী, ডাক আৰু টেলিগ্ৰাফ বিভাগ, ৰেলৱে ইউনিট, বন্দৰ, সেনাৰ চিকিৎসা, অভিযান্ত্ৰিক, পৰিবহণ আদি কামতো সহায় কৰে ।
যুদ্ধ বা জৰুৰীকালীন অৱস্থাত সেৱা আগবঢ়াওতে দিয়া হয় ভাট্টা-
এক প্ৰকাৰে টেৰিটৰিয়েল আৰ্মীয়ে সেনাবাহিনীৰ সৈতে অংশকালীনভাৱে কাম কৰে । ইয়াৰ বাবে স্বেচ্ছাসেৱকসকলে প্ৰতি বছৰে দুমাহৰ প্ৰশিক্ষণ লোৱাটো প্ৰয়োজনীয় । পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি টেৰিটৰিয়েল আৰ্মীৰ বিষয়া আৰু জোৱানসকলক প্ৰয়োজন হ’লে বৰ্ধিত সামৰিক সেৱাৰ বাবে মতা হয় । প্ৰশিক্ষণ বা সক্ৰিয় কৰ্তব্যৰ বাবে মাতিলে তেওঁলোকে নিয়মীয়া সেনা বিষয়াৰ দৰেই দৰমহা, ভাট্টা আৰু বিশেষাধিকাৰ লাভ কৰে ।
টেৰিটৰিয়েল আৰ্মীৰ ইতিহাস-
ব্ৰিটিছে ১৯২০ চনত টেৰিটৰিয়েল আৰ্মী গঠন কৰিছিল । কিন্তু, ভাৰত স্বাধীন হোৱাৰ পিছত ১৯৪৮ চনত টেৰিটৰিয়েল আৰ্মী আইন গৃহীত হয় । ইয়াৰ পিছত আনুষ্ঠানিকভাৱে টেৰিটৰিয়েল আৰ্মী প্ৰতিষ্ঠা কৰা হয় । ১৯৪৯ চনত ইয়াক প্ৰথম ভাৰতীয় গৱৰ্ণৰ জেনেৰেল চি ৰাজগোপালাচাৰীয়ে আৰম্ভ কৰিছিল ।
বহুসময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে-
গঠন হোৱাৰ পিছৰে পৰা টেৰিটৰিয়েল আৰ্মী বৃহৎ সামৰিক অভিযানত জড়িত হৈ আছে । ইয়াৰ ভিতৰত ১৯৬২, ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধ, শ্ৰীলংকাত অপাৰেচন পৱন আৰু পঞ্জাৱ, জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূবত বিদ্ৰোহ বিৰোধী অভিযান আদি অন্তৰ্ভুক্ত আছে । ভূমিকম্প আৰু ঘূৰ্ণীবতাহৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায় কৰাৰ ক্ষেত্ৰতো টেৰিটৰিয়েল আৰ্মীৰ ইউনিটসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।