অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে টীম ইণ্ডিয়াৰ ফিটনেছ টেষ্ট
ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈৰ প্ৰি-ছিজন ফিটনেছ টেষ্ট ৩০ আৰু ৩১ আগষ্টত বেংগালুৰুৰ বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্স (চিঅ’ই)ত অনুষ্ঠিত হৈছিল। এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মাও এই ফিটনেছ টেষ্টৰ বাবে উপস্থিত হয়।
ৰোহিত শৰ্মাৰ উপৰিও টেষ্ট দলৰ অধিনায়ক শুভমান গিল, প্ৰসিদ্ধ কৃষ্ণ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, যশস্বী জয়ছৱাল, জিতেশ শৰ্মা, ৱাশ্বিংটন সুন্দৰ আৰু শাৰদুল ঠাকুৰেও এই টেষ্ট দিবলৈ আহিছিল।অৱশ্যে সকলোৱে কোনো অসুবিধা নোহোৱাকৈ ইয়াত উত্তীৰ্ণ হয়।
খেলুৱৈসকলক য়ো-য়ো (Yo-Yo) টেষ্ট কৰে। ইয়াৰ লগতে হাড়ৰ শক্তি পৰীক্ষা কৰিবলৈ DXA স্কেনও কৰা হৈছিল।এই ফিটনেছ টেষ্টত প্ৰসিদ্ধ কৃষ্ণই সৰ্বাধিক পইণ্ট লাভ কৰে।
এছিয়া কাপ দলত অন্তৰ্ভুক্ত আৰ্শদীপ সিং, হৰ্ষিত ৰাণা, কুলদীপ যাদৱে ইতিমধ্যে দুলীপ ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেল খেলিছে, সেয়েহে তেওঁলোকৰ বাবে কোনো পৃথক ফিটনেছ টেষ্ট নাথাকিব।
এই টেষ্টত উত্তীৰ্ণ হৈছে ৰোহিত শৰ্মাই। এতিয়া বিৰাট কোহলীয়েও অনাগত দিনত বাংগালুৰুলৈ আহি ফিটনেছ টেষ্ট দিব ।
বৰ্তমান কোহলী লণ্ডনত আছে আৰু ৰোহিত শৰ্মাৰ দৰে আই পি এল ২০২৫ৰ পিছত প্ৰতিযোগিতামূলক ক্ৰিকেটৰ পৰা আঁতৰি আছে।শেহতীয়াকৈ তেওঁ পুনৰ লণ্ডনত অনুশীলন আৰম্ভ কৰিছে।
লগতে পঢ়ক: হকী এছিয়া কাপত ভাৰতীয় দলৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়…