লীডছত ঋষভ পন্টৰ দৰ্শনীয় শতক
ইংলেণ্ডৰ বিৰুদ্ধে লীডছত অনুষ্ঠিত হৈ থকা প্ৰথমখন টেষ্টত ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঋষভ পন্টে পুনৰবাৰ নিজৰ বিস্ময়কৰ বেটিং দক্ষতা প্ৰদৰ্শন কৰিছে । পণ্টে শতক অৰ্জন কৰি ভাৰতক শক্তিশালী স্থানত ৰখাই নহয়, কেৰিয়াৰৰ বহু অভিলেখো গঢ়িবলৈ সক্ষম হয় । টেষ্ট কেৰিয়াৰৰ এয়া সপ্তম শতক, আনহাতে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত চতুৰ্থটো শতক অৰ্জন কৰিছে পন্টে ।
ঋষভ পন্টৰ অভিলেখ ভংগকাৰী শতক-
বিদেশৰ মাটিত সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা উইকেটকীপাৰ-বেটছমেনৰ তালিকাত পণ্টৰ এই শতকে তেওঁক যৌথভাৱে তৃতীয় স্থান দিছে । তেওঁৰ এই ইনিংছ ভাৰতীয় অনুৰাগীৰ বাবে কেৱল গৌৰৱৰ মুহূৰ্তই নহয়, টেষ্ট ক্ৰিকেটৰ প্ৰতি তেওঁৰ ধাৰাবাহিকতা আৰু আত্মবিশ্বাসৰ প্ৰমাণো । লীডছৰ খেলপথাৰত ইংলেণ্ডৰ বলাৰৰ বিৰুদ্ধে পণ্টে নিজৰ আক্ৰমণাত্মক শৈলী বজাই ৰাখে । তেওঁৰ ইনিংছত দৰ্শনীয় শ্বট আৰু বুদ্ধিমান খেলৰ এক সুন্দৰ মিশ্ৰণ আছিল । তেওঁ ১৪৬টা বল খেলি শতকত উপনীত হয়, য’ত ১০টা চাৰি আৰু ৪টা ছয়ো আছিল ।
ইংলেণ্ডৰ বিৰুদ্ধে পণ্টৰ চতুৰ্থ শতকটোৱে তেওঁৰ আত্মবিশ্বাস পুনৰ এবাৰ প্ৰমাণ কৰিছে । তেওঁৰ ইনিংছে আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁ কেৱল আধুনিক ক্ৰিকেটৰ অন্যতম বিস্ফোৰক বেটছমেনই নহয়, টেষ্ট ক্ৰিকেটৰ দৰে প্ৰত্যাহ্বানমূলক ফৰ্মেটতো আচৰিত কাম কৰিব পাৰে । ঋষভ পন্টৰ এই শতক কেৱল তেওঁৰ কেৰিয়াৰৰ আন এক সোণালী পৃষ্ঠা নহয়, ভাৰতীয় ক্ৰিকেটৰ বাবেও এক ডাঙৰ মুহূৰ্ত ।
এম এছ ধোনীক অতিক্ৰম-
৭টা শতক সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতৰ হৈ টেষ্টত সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত ঋষভ পন্টে এম এছ ধোনীক অতিক্ৰম কৰিছে । টেষ্টত ধোনীয়ে ৬টা শতক অৰ্জন কৰিছিল । তেওঁৰ বাহিৰে কোনো ভাৰতীয় উইকেটকীপাৰে টেষ্টত ৩ শতকতকৈ অধিক কৰিব পৰা নাই । বিশেষ কথাটো হ’ল পন্টে এতিয়ালৈকে ভাৰতৰ হৈ মাত্ৰ ৪৪খন টেষ্ট মেচহে খেলিছে আৰু তেওঁ সকলো ভাৰতীয় উইকেটকীপাৰক অতিক্ৰম কৰিছে ।
লগতে পঢ়ক : আকৌ উজ্জ্বলিল নীৰজ চোপ্ৰা; পেৰিছ ডাইমণ্ড লীগৰ খিতাপ দখল