ঋষভ পন্তে ভৰিব লাগিব ৩০ লাখ টকা
আই পি এল-২০২৫ৰ অন্তিমখন লীগ মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক ঋষভ পন্তে শতক অৰ্জন কৰাৰ পিছত অতি সুখী দেখা গৈছিল।
ঋষভ পন্তে আনন্দ কৰি আছিল যদিও এই মেচৰ ফলাফল তেওঁৰ পক্ষত নাছিল, কেৱল এয়াই নহয়, তেওঁ জৰিমনাও দিব লগা হৈছিল।
দৰাচলতে এল এছ এলৰ অধিনায়ক ঋষভ পণ্টে মঙলবাৰে লক্ষ্ণৌত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে খেলখনৰ সময়ত তেওঁৰ দলটোক লেহেমীয়া অভাৰ ৰেটৰ বাবে ৩০ লাখ টকা জৰিমনা বিহা হৈছে।
এই ছিজনত এল এছ জিৰ এইটো আছিল তৃতীয়টো অপৰাধ। অভাৰ-ৰেটৰ সৈতে জড়িত আই পি এলৰ আচৰণ বিধি অনুসৰি ঋষভ পণ্টে ভৰিব লাগিব ৩০ লাখ টকাৰ জৰিমনা ।
তদুপৰি, ইমপেক্ট প্লেয়াৰকে ধৰি বাকী খেলা একাদশ সদস্যসকলক ব্যক্তিগতভাৱে ১২ লাখ টকা বা তেওঁলোকৰ মেচ মাচুলৰ ৫০ শতাংশ (যিটো কম) জৰিমনা বিহা হৈছে।
২৭ কোটি টকাত বিক্ৰী হোৱা পণ্টৰ এইটো আছিল তৃতীয়টো অপৰাধ, অৱশ্যে ইয়াৰ পিছতো তেওঁক নিলম্বন কৰা নহ’ব, যিদৰে ২০২৪ চনলৈকে আই পি এলত হৈছিল।
আই পি এল ২০২৫ৰ পূৰ্বে এই নিয়ম সংশোধন কৰা হৈছিল, অৱশ্যে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই এই ছিজনৰ আৰম্ভণি মেচ খন খনৰ পৰা বাহিৰত আছিল কিয়নো তেওঁৰ নিলম্বন পূৰ্বৰ ছিজনৰ পৰা আগবাঢ়ি গৈছিল।
লগতে পঢ়ক:‘পত্নীৰ সৈতে এবাৰ পাকিস্তানলৈ যোৱাটো সঁচা’; গৌৰৱ গগৈৰ অকপট স্বীকাৰোক্তি