গ্ৰীষ্মকালত মৃত ছালৰ কোষ
আপুনিও ভাবেনে যে মৃত ছালৰ কোষবোৰ আঁতৰাবলৈ বিউটি পাৰ্লাৰলৈ গৈ ব্যয়বহুল ৰাসায়নিক ভিত্তিক চিকিৎসাৰ বাবে ধন খৰচ কৰাটো প্ৰয়োজনীয়? যদি হয়, তেন্তে এই ভুল বুজাবুজি যিমান পাৰি সোনকালে আঁতৰাই পেলাব লাগে।
তাৰ বিপৰীতে আপুনি ঘৰতে ৰাসায়নিক মুক্ত ফেচ পেক তৈয়াৰ কৰিব পাৰে। যিয়ে আপোনাৰ মৃত ছালৰ কোষবোৰ নোহোৱা কৰিব পাৰে।
ইয়াৰ বাবে প্ৰথমে এটা বাটিত চন্দনৰ গুড়ি এচামুচ লওক। এতিয়া একেটা বাটিতে দুচামুচ গোলাপ পানী দি এই প্ৰাকৃতিক বস্তু দুটা ভালদৰে মিহলাই লওক।
এই ফেচ পেকটো আপোনাৰ গোটেই মুখমণ্ডল আৰু ডিঙিৰ অংশত ভালদৰে প্ৰয়োগ কৰক। ভাল ফলাফল পাবলৈ এই ফেচ পেকটো প্ৰায় ১৫-২০ মিনিটমান ছালত ৰাখি তাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুব লাগে।
এই ফেচ পেকটো সপ্তাহত এবাৰ বা দুবাৰ ব্যৱহাৰ কৰিলে ছালৰ হেৰুৱা উজ্জ্বলতা ঘূৰাই পাব। ইয়াৰ বাহিৰেও আপুনি দাগবোৰৰ পৰা মুক্তি পাব বিচাৰেনে?
যদি হয়, তেন্তে আপুনি নিশ্চিতভাৱে এই ফেচ পেকটোক আপোনাৰ ছালৰ যত্নৰ ৰুটিনৰ অংশ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে।
গ্ৰীষ্মকালত এই ৰাসায়নিক মুক্ত ফেচ পেক ব্যৱহাৰ কৰিলেও আপোনাৰ ছালখন ঠাণ্ডা হ’ব পাৰে। কিন্তু এই প্ৰাকৃতিক ফেচ পেকটো গোটেই মুখত লগোৱাৰ আগতে পেচ টেষ্ট কৰিবলৈ নাপাহৰিব।
(ইয়াত দিয়া পৰামৰ্শ সমূহ সাধাৰন তথ্যৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক: ক্ষণিকতে নোহোৱা হ’ব শৰীৰৰ অতিৰিক্ত চৰ্বি; কুহুমীয়া পানীত মিহলাই খাওক এইবিধ বস্তু