চৰকাৰৰ পৰা ন্যায়ালয়ে বিচাৰিলে উত্তৰ
বুধবাৰে বেংগালুৰুৰ এক উদযাপন মৃত্যুলৈ ৰূপান্তৰিত হয়। চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত লাখ লাখ লোক সমবেত হৈ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ প্ৰথমটো আই পি এল ট্ৰফী জয় কৰাৰ আনন্দ উদযাপন কৰে।
কিন্তু ভিৰ ইমানেই বেছি হৈ পৰিল যে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’ল।ইয়াৰ ফলত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনতকৈ অধিক লোক আহত হয়।
এতিয়া কৰ্ণাটক উচ্চ ন্যায়ালয়ে এই দুৰ্ঘটনাৰ সন্দৰ্ভত নিজাববীয়াকৈ সচেতনতা গ্ৰহণ কৰিছে। এই বিষয়টোক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি আদালতে ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে।
ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে চৰকাৰক অনুৰোধ জনাইছে আদালতে। ১১ জুনত পুনৰ শুনানি গ্ৰহণৰ নিৰ্দেশ দিছে আদালতে।
এই গোচৰটো ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ভি কামেশ্বৰ ৰাৱ আৰু ন্যায়াধীশ চি.এম.যোশী ৰ বিচাৰপীঠৰ সন্মুখত অনা হৈছিল।
তাৰ মাজতে এক খবৰ আহিছে যে, বেংগালুৰু আৰক্ষীয়ে বুধবাৰে এই অনুষ্ঠানৰ বাবে নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অক্ষমতা প্ৰকাশ কৰিছিল।
বেংগালুৰু আৰক্ষীয়ে কৈছিল যে ইমান ডাঙৰ অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলাবলৈ কমেও দুদিনৰ প্ৰয়োজন। যদি এই আয়োজন দেওবাৰে কৰে তেনেহলে ভাল হ’ব। কিন্তু আৰচিবিৰ মেনেজমেণ্টে কৈছিল যে অনুৰাগীক বেছি সময় অপেক্ষা কৰোৱাটো উচিত নহ’ব।
ঘটনা সন্দৰ্ভত এতিয়া উচ্চ ন্যায়ালয়ে চৰকাৰক প্ৰশ্ন কৰিছে যে ভৱিষ্যতে এনে ঘটনা ৰোধ কৰিবলৈ কোনো SOP (Standard Operating Procedure) আছে নেকি?
ইয়াৰ উত্তৰত মহাধিবক্তাই কয় যে ‘ভৱিষ্যতৰ কথা চিন্তা কৰা হৈছে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে ভৱিষ্যতে যাতে এনে ঘটনা নহয় তাৰ বাবেও চৰকাৰক সকিয়াই দিছে।
লগতে পঢ়ক: কইনা হ’ল তৃণমূল সাংসদ মহুৱা মৈত্ৰ; ৬৫ বছৰীয়া পিনাকী মিশ্ৰৰ সৈতে বহিল বিবাহত