RCB ৰ বিজয় পেৰেডত ভয়ংকৰ ঘটনা
বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত জনসমাগমৰ বাবে এক ভয়ংকৰ ঘটনা সংঘটিত হয়।আই পি এল ২০২৫ ৰ চেম্পিয়ন হোৱা ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু (RCB) দলটোৰ বাবে ইয়াত বিজয়ৰ পেৰেড অনুষ্ঠিত কৰিছিল।
ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুয়ে (RCB) ipl 2025 জয় কৰাৰ পিছত আৰচিবিৰ সকলো খেলুৱৈসকলক এক বিশেষ সম্বৰ্ধনা জনাবৰ বাবে কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাৰ উদ্যোগত আজি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।
আৰচিবিৰ লাখ লাখ অনুৰাগীয়ে তেওঁলোকৰ দলৰ বিজয়ী খেলুৱৈক চাবৰ বাবে এম চিন্নাস্বামী ষ্টেডিয়ামত উপস্থিত হৈছিল।
কিন্তু পৰিস্থিতি ইমানেই অনিয়ন্ত্ৰিত হৈ পৰিল যে বহু লোকে দেৱাল আৰু বেৰিকেডৰ ওপৰেৰে জপিয়াই ষ্টেডিয়ামত প্ৰৱেশৰ চেষ্টা আৰম্ভ কৰিলে,যাৰ ফলত হুলস্থুলৰ সৃষ্টি হয়।
বৰ্তমানলৈ পোৱা তথ্য অনুসৰি পদপৃষ্ট হৈ প্ৰায় ১০ জন লোকৰ মৃত্যু হৈছে আৰু ২৫ তকৈ অধিক লোক আহত হৈছে। মৃতকৰ ভিতৰত এটা শিশুও আছে।
বৰ্তমান উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে আৰু আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
২ লাখ লোক আহিব বুলি আশা কৰা হৈছিল যদিও ৬ লাখ লোক আহিছিল।
বাংগালুৰুত RCBৰ ঐতিহাসিক জয়ৰ উদযাপন শোকলৈ পৰিণত হ’ল। জানিব পৰা মতে প্ৰশাসনে অনুমান কৰিছিল যে অনুষ্ঠানটোত ২ লাখ মান লোক উপস্থিত হ’ব কিন্তু তাত প্ৰায় ৬ লাখ লোকৰ সমাগম ঘটিল।
পৰিস্থিতি এনেকুৱা হৈ পৰিল যে ৩২০০০ ক্ষমতা থকা ষ্টেডিয়ামখনত লাখ লাখ লোক উপস্থিত হয়। ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ বাবে কেইবাখনো গেট আছিল যদিও একেখন গেটতে ভিৰ বৃদ্ধি হৈ বিশৃংখলতাৰ সৃষ্টি হয়।
আৰক্ষী আৰু ষ্টেডিয়াম প্ৰশাসনে ৰাইজক বাধা দিয়াৰ চেষ্টা কৰে,কিন্তু উপস্থিত লোক সকলে কাৰো কথা শুনা নাছিল।ইয়াৰ পিছত আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলগীয়া হয়, যাৰ ফলত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।
চিন্নাস্বামীৰ ভয়াবহতা সন্দৰ্ভত কি ক’লে ডি কে?
কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কয়, ‘RCB আৰু কৰ্ণাটকক লৈ আমি অতি গৌৰৱান্বিত।মই ভাবো এইটো নিয়ন্ত্ৰিত ভিৰ নাছিল।মই বেংগালুৰু আৰু কৰ্ণাটকৰ সকলোৰে ওচৰত ক্ষমা বিচাৰিছো,আমি শোভাযাত্ৰা উলিয়াব বিচাৰিছিলো, কিন্তু ভিৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল।
শোকৰ মাজতো আৰ চি বিৰ প্ৰতি সন্মান!
কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে বিধান সৌধাত আই পি এল ২০২৫ বিজয়ী ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) দলটোক সম্বৰ্ধনা জনায়।
আই পি এল ২০২৫ বিজয়ী ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) দলৰ বিষয়ে শিৱকুমাৰে কয়, ‘গোটেই কৰ্ণাটক অতি সুখী।মই বিৰাট কোহলীক অভিনন্দন জনাইছো।আশা কৰোঁ এয়া আৰম্ভণি আৰু অনাগত বছৰবোৰত আৰ চি বিয়ে পুনৰ আই পি এলৰ ট্ৰফী জয় কৰিব’।
লগতে পঢ়ক: ১৭ বছৰৰ পিছত পুনৰ টেলিভিচনলৈ স্মৃতি ইৰাণী; তুলসী চৰিত্ৰত কৰিব অভিনয়