বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাজহুৱাভাৱে নামজ পঢ়াক লৈ বিতৰ্ক…
বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাজহুৱাভাৱে নামজ পঢ়াক লৈ বিতৰ্ক
বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাজহুৱাভাৱে নামজ পঢ়া এটা ঘটনাই বিতৰ্কৰ সৃষ্টি কৰিছে।দৰাচলতে বিমানবন্দৰটোৰ ২ নং টাৰ্মিনেলত একাংশ লোকে সামূহিকভাৱে নামাজ পঢ়া ভিডিঅ’ পোহৰলৈ আহিছে, যাৰ পিছত এই সন্দৰ্ভত বহু ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে।
এই গোচৰৰ সৈতে জড়িত ভিডিঅ’টো পোহৰলৈ অহাৰ পিছতে বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে।তথ্য অনুসৰি,বিমানবন্দৰৰ ভিতৰত যাত্ৰীসকলৰ বাবে এটা প্ৰাৰ্থনা কক্ষ আছিল, কিন্তু তাৰ পিছটো বাহিৰত নামাজ পঢ়ি থকা হৈছিল।
এই নামাজ সেই সকল লোকে পঢ়ি আছিল, যি মক্কালৈ যোৱা লোকসকলক বিদায় দিবলৈ বিমানবন্দৰলৈ আহিছিল।
বিজেপিৰ মুখপাত্ৰ বিজয় প্ৰসাদে এক্সত পোষ্ট দি প্ৰতিবাদ কৰি কয়,‘বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টি ২ টাৰ্মিনেলৰ ভিতৰত ইয়াৰ অনুমতি কেনেকৈ দিব পাৰি?’
‘মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া আৰু মন্ত্ৰী প্ৰিয়ংকা খৰ্গে, এই কথা আপুনি মানি লয়নে? এইসকল লোকে উচ্চ নিৰাপত্তাসম্পন্ন বিমানবন্দৰ এলেকাত নামজ আগবঢ়াবলৈ পূৰ্বৰ অনুমতি লৈছিল নেকি?’
‘যেতিয়া আৰ এছ এছে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা উপযুক্ত অনুমতি লৈ পদযাত্ৰা কৰে, তেতিয়া চৰকাৰে সেই কথাত আপত্তি কৰে, কিন্তু নিষিদ্ধ ৰাজহুৱা স্থানত এনেধৰণৰ কাম-কাজৰ প্ৰতি চকু মুদি দিয়ে?’
লগতে পঢ়ক: ১-১৯ ডিচেম্বৰলৈ চলিব সংসদৰ শীতকালীন অধিৱেশন; ৰাষ্ট্ৰপতিৰ অনুমোদন