অনুমতি অবিহনে অনুষ্ঠিত কৰিছিল বিজয় পেৰেড
আই পি এল ২০২৫ৰ ফাইনেল খেলৰ পূৰ্বে ৩ জুনত আৰ চি বিৰ পৰিচালনা সমিতিয়ে বিজয়ৰ পেৰেডৰ বাবে বেংগালুৰু চহৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ বাবে অনুমতি বিচাৰিছিল।
জানিব পৰা মতে, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ পৰিচালনা সমিতিয়ে আৰক্ষীৰ পৰা অনুমতি পোৱাৰ পূৰ্বেই তেওঁলোকৰ বিজয় পেৰেডৰ কথা X ত এটা পোষ্টৰ জৰিয়তে এই তথ্য ৰাজহুৱা কৰিছিল। RCB ৰ একাউন্টৰ পৰা কৰা এই পোষ্টটো লগে লগে ভাইৰেল হৈ পৰিছিল।
বহুতে সন্দেহ কৰিছে যে, এই পোষ্টটোৰ পিছতেই ষ্টেডিয়ামত লাখ লাখ উপস্থিত হৈছিল। যাৰ ফলত পদপৃষ্ট হৈ ১১ জনকৈ লোকৰ মৃত্যু হয়।
বেংগালুৰু আৰক্ষীয়ে আৰচিবিক জনাইছিল যে তেওঁলোকে বিজয় পেৰেডৰ বাবে কোনো অনুমতি দিয়া হোৱা নাই।আৰক্ষীয়ে আৰচিবিৰ পৰিচালনা সমিতিক ইয়াক পিছুৱাই দিবলৈ আৰু ৪ জুনত বিজয়ৰ পেৰেড অনুষ্ঠিত নকৰিবলৈ কৈছিল।

কিন্তু ৪ জুনত আৰ চি বিৰ অফিচিয়েল হেণ্ডেলে আৰক্ষীৰ লগত পৰামৰ্শ নোলোৱাকৈ সময় আৰু স্থানৰ সৈতে বিজয় পেৰেড সন্দৰ্ভত এটা টুইট কৰিছিল।
এই বিজয় পেৰেডৰ বাবে এন্ট্ৰী বিনামূলীয়া বুলি জানিব পাৰি পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে।ইয়াৰ পিছত আৰক্ষীয়ে দলটোক পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছিল।
আৰক্ষীয়ে আৰচিবিৰ মেনেজমেন্টক এই অনুষ্ঠানটো দেওবাৰে অনুষ্ঠিত কৰিবলৈ কৈছিল। কাৰণ ইয়াৰ ফলত যাতায়তত নূন্যতম ব্যাঘাত জন্মিব আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ যথেষ্ট সময় থাকিব।
কিন্তু ৰাজ্য চৰকাৰে আৰক্ষীৰ অনুৰোধক আওকাণ কৰি আই পি এলৰ বিজয়ৰ পেৰেডৰ বাবে আৰ চি বিক ৪ জুনৰ পৰিকল্পনা কৰাৰ সিদ্ধান্ত লৈছিল।
লগতে পঢ়ক: ভাৰতত নিৰ্মাণ কৰা হ’ব ৰাফেল;ফ্ৰান্সৰ ডাছল্টে টাটাৰ সৈতে মিলালে হাত