ৰেপো ৰেট ৫.৫ শতাংশ ৰখাৰ সিদ্ধান্ত ৰিজাৰ্ভ বেংকৰ
ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ আগষ্ট মাহৰ মুদ্ৰানীতিৰ বৈঠকত ৰেপো হাৰ ৫.৫ শতাংশ (৫.৫%) ৰখাৰ সিদ্ধান্ত লৈছে । অৰ্থাৎ সুতৰ হাৰত কোনো পৰিৱৰ্তন হোৱা নাই । আজি আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ নেতৃত্বত মুদ্ৰানীতি সমিতিয়ে সুতৰ হাৰ সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰে ।
যদি আপুনি আপোনাৰ হোম লোন বা বাহন লোনৰ ই এম আই হ্ৰাস পাব পাৰে বুলি আশা কৰিছিল তেন্তে আপুনি আৰু কিছু সময় অপেক্ষা কৰিব লাগিব ।
ৰেপো ৰেট কি ?
ৰেপো ৰেট হ’ল বেংকে প্ৰয়োজনৰ সময়ত ৰিজাৰ্ভ বেংকৰ পৰা যি হাৰত ঋণ লাভ কৰে । যদি ৰেপো ৰেট কমি যায়, তেন্তে বেংকে কম হাৰত ঋণ পায় আৰু গ্ৰাহকক কম সুতৰ হাৰতো ঋণ দিবলৈ সক্ষম হয় । কিন্তু এইবাৰ ৰেপো ৰেটৰ কোনো পৰিৱৰ্তন নহ’ল, গতিকে ই এম আইত তাৎক্ষণিক সকাহ পোৱাৰ আশা নাই ।
এই বছৰ এতিয়ালৈকে কিমান কৰ্তন কৰা হৈছে ?
ইয়াৰ পূৰ্বে আৰ বি আইয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা জুনলৈ তিনিবাৰকৈ ৰেপো ৰেট কৰ্তন কৰি এতিয়ালৈকে মুঠ ১% সকাহ দিছে । চলিত বৰ্ষৰ জুন মাহৰ মুদ্ৰানীতিৰ পৰ্যালোচনাত ৰেপো হাৰ ০.৫ শতাংশ হ্ৰাস কৰা হৈছে । একে সময়তে ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহৰ মুদ্ৰানীতিৰ পৰ্যালোচনাত ৰেপো হাৰ ০.২৫-০.২৫ শতাংশ হ্ৰাস পাইছে । কিন্তু আগষ্টৰ বৈঠকত বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰ বি আইয়ে কোনো পৰিৱৰ্তন কৰা নাছিল ।
মুদ্ৰাস্ফীতি আৰু জি ডি পিৰ ওপৰত কি আপডেট-
এই বৈঠকত আৰ বি আইয়ে ২০২৫-২৬ চনৰ বাবে দেশৰ জি ডি পি বৃদ্ধিৰ পূৰ্বাভাস ৬.৫ শতাংশ (৬.৫%) বজাই ৰাখিছে । একে সময়তে চলিত বিত্তীয় বৰ্ষৰ খুচুৰা মুদ্ৰাস্ফীতিৰ পূৰ্বাভাস ৩.১ শতাংশলৈ হ্ৰাস কৰা হৈছে, যিটো পূৰ্বে ৩.৭ শতাংশ (৩.৭%) বুলি অনুমান কৰা হৈছিল ।
লগতে পঢ়ক : জি এছ টি সংগ্ৰহে ভংগ কৰিলে অভিলেখ; ২০২৫ বিত্তীয় বৰ্ষত ২২ লাখ কোটি টকা সংগ্ৰহ কৰিলে…