ৰেপো ৰেট ৫.৫ শতাংশ ৰখাৰ সিদ্ধান্ত ৰিজাৰ্ভ বেংকৰ; জি ডি পি ৬.৫% বৃদ্ধিৰ অনুমান

ৰেপো ৰেট ৫.৫ শতাংশ ৰখাৰ সিদ্ধান্ত ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ আগষ্ট মাহৰ মুদ্ৰানীতিৰ বৈঠকত ৰেপো হাৰ ৫.৫ শতাংশ (৫.৫%) ৰখাৰ সিদ্ধান্ত লৈছে । অৰ্থাৎ সুতৰ হাৰত কোনো পৰিৱৰ্তন হোৱা নাই । আজি আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ নেতৃত্বত মুদ্ৰানীতি সমিতিয়ে সুতৰ হাৰ সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰে ।

যদি আপুনি আপোনাৰ হোম লোন বা বাহন লোনৰ ই এম আই হ্ৰাস পাব পাৰে বুলি আশা কৰিছিল তেন্তে আপুনি আৰু কিছু সময় অপেক্ষা কৰিব লাগিব ।

ৰেপো ৰেট কি ?

ৰেপো ৰেট হ’ল বেংকে প্ৰয়োজনৰ সময়ত ৰিজাৰ্ভ বেংকৰ পৰা যি হাৰত ঋণ লাভ কৰে । যদি ৰেপো ৰেট কমি যায়, তেন্তে বেংকে কম হাৰত ঋণ পায় আৰু গ্ৰাহকক কম সুতৰ হাৰতো ঋণ দিবলৈ সক্ষম হয় । কিন্তু এইবাৰ ৰেপো ৰেটৰ কোনো পৰিৱৰ্তন নহ’ল, গতিকে ই এম আইত তাৎক্ষণিক সকাহ পোৱাৰ আশা নাই ।

এই বছৰ এতিয়ালৈকে কিমান কৰ্তন কৰা হৈছে ?

ইয়াৰ পূৰ্বে আৰ বি আইয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা জুনলৈ তিনিবাৰকৈ ৰেপো ৰেট কৰ্তন কৰি এতিয়ালৈকে মুঠ ১% সকাহ দিছে । চলিত বৰ্ষৰ জুন মাহৰ মুদ্ৰানীতিৰ পৰ্যালোচনাত ৰেপো হাৰ ০.৫ শতাংশ হ্ৰাস কৰা হৈছে । একে সময়তে ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহৰ মুদ্ৰানীতিৰ পৰ্যালোচনাত ৰেপো হাৰ ০.২৫-০.২৫ শতাংশ হ্ৰাস পাইছে । কিন্তু আগষ্টৰ বৈঠকত বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰ বি আইয়ে কোনো পৰিৱৰ্তন কৰা নাছিল ।

মুদ্ৰাস্ফীতি আৰু জি ডি পিৰ ওপৰত কি আপডেট-

এই বৈঠকত আৰ বি আইয়ে ২০২৫-২৬ চনৰ বাবে দেশৰ জি ডি পি বৃদ্ধিৰ পূৰ্বাভাস ৬.৫ শতাংশ (৬.৫%) বজাই ৰাখিছে । একে সময়তে চলিত বিত্তীয় বৰ্ষৰ খুচুৰা মুদ্ৰাস্ফীতিৰ পূৰ্বাভাস ৩.১ শতাংশলৈ হ্ৰাস কৰা হৈছে, যিটো পূৰ্বে ৩.৭ শতাংশ (৩.৭%) বুলি অনুমান কৰা হৈছিল ।

লগতে পঢ়ক : জি এছ টি সংগ্ৰহে ভংগ কৰিলে অভিলেখ; ২০২৫ বিত্তীয় বৰ্ষত ২২ লাখ কোটি টকা সংগ্ৰহ কৰিলে…

ৰেপো ৰেট কৰ্তনৰ উপহাৰ দিলে ৰিজাৰ্ভ বেংকে… কমিব আপোনাৰ গাড়ী আৰু ঘৰৰ EMI , শুল্ক উত্তেজনাৰ মাজতে ডাঙৰ সিদ্ধান্ত

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এম পি চি বৈঠকৰ ফলাফল প্ৰকাশ পাইছে আৰু শুল্ক উত্তেজনাৰ মাজতে কেন্দ্ৰীয় বেংকে ডাঙৰ সকাহ দিছে । আৰ বি আই এম পি চিৰ ৫৪ সংখ্যক বৈঠকৰ ফলাফল আৰু বিত্তীয় বৰ্ষ ২৬ৰ প্ৰথমখন বৈঠকৰ ফলাফল ঘোষণা কৰাৰ সময়ত আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই বিশ্ব অৰ্থনৈতিক উত্তেজনা আৰু বাণিজ্য যুদ্ধক লৈ উদ্বেগ প্ৰকাশ কৰে ।

তেওঁ কয় যে এই প্ৰত্যাহ্বানমূলক পৰিৱেশত কেন্দ্ৰীয় বেংকে ৰেপো ৰেট ২৫ বেছিছ পইণ্ট কৰ্তন কৰাৰ কথা ঘোষণা কৰিছে আৰু ইয়াৰ পিছত ৰেপো ৰেট ৬ শতাংশলৈ হ্ৰাস পাইছে । ২০২৫ চনত একেৰাহে দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় বেংকে এই বৃহৎ সকাহ দিছে ।  ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা বৈঠকত ৰেপ’ৰ হাৰ ০.২৫ শতাংশ হ্ৰাস কৰা হৈছিল, তাৰ পিছত ই ৬.২৫ শতাংশলৈ হ্ৰাস পাইছিল । উল্লেখ্য যে এই হ্ৰাস পাঁচ বছৰৰ দীঘলীয়া ব্যৱধানৰ পিছত কৰা হৈছিল ।

বিত্তীয় বৰ্ষ ২৬ প্ৰত্যাহ্বানৰ সৈতে আৰম্ভ-

আৰ বি আইৰ এম পি চিৰ বৈঠকত ৰেপো ৰেট কৰ্তন সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিষয়ে তথ্য দি গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয় যে ২০২৬ চনৰ নতুন ব্যৱসায়িক বৰ্ষটো প্ৰত্যাহ্বানৰ সৈতে আৰম্ভ হৈছে যদিও যোৱা ব্যৱসায়িক বৰ্ষৰ প্ৰথমাৰ্ধত মন্দাৱস্থাৰ পিছত ভাৰতৰ অৰ্থনীতি ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে । তেওঁ শুল্কক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে উচ্চ শুল্কই নিকা ৰপ্তানি কাৰ্য্যকলাপত নেতিবাচক প্ৰভাৱ পেলাব ।

ৰেপো ৰেট ০.২৫ শতাংশ হ্ৰাস কৰাৰ কথা কওঁতে তেওঁ কয় যে এম এছ এফৰ হাৰ ৬.৫%ৰ পৰা ৬.২৫%লৈ হ্ৰাস পাইছে । এছ ডি এফৰ হাৰ ৬%ৰ পৰা ৫.৭৫%লৈ হ্ৰাস কৰা হৈছে । তেওঁ নীতিগত স্থিতি নিউট্ৰেলৰ পৰা Accomodativeলৈ সলনি কৰিছে ।

জি ডি পি বৃদ্ধিৰ এই অনুমান-

ভাৰতৰ জি ডি পি বৃদ্ধিৰ সন্দৰ্ভত আৰ বি আইৰ গৱৰ্ণৰগৰাকীয়ে কয় যে এইবাৰ প্ৰথম আৰু দ্বিতীয় ত্ৰৈমাসিকত ভাৰতৰ জি ডি পি বৃদ্ধি ৬.৫ শতাংশ হ’ব বুলি আশা কৰা হৈছে । তৃতীয় ত্ৰৈমাসিকত ৬.৬ শতাংশ আৰু চতুৰ্থ ত্ৰৈমাসিকত ৬.৩ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে । ইয়াৰ লগতে মুদ্ৰাস্ফীতিৰ হাৰ ৪ শতাংশৰ ভিতৰত থাকিব বুলি আশা কৰা হৈছে । তেওঁ কয় যে খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় মূল্য হ্ৰাস পোৱাৰ ফলত লাভৱান হ’ব । ইয়াৰ লগতে তেওঁ কয় যে ভাৰতত বিনিয়োগৰ কাম-কাজ বৃদ্ধি পাইছে, ইয়াৰ উপৰিও উৎপাদন খণ্ডতো উন্নতিৰ লক্ষণ দেখা গৈছে ।

পূৰ্বেই অনুমান কৰা হৈছিল-

শুল্ক যুদ্ধৰ হেঁচা আৰু বজাৰ মন্দাৱস্থাৰ মাজতে ৰিজাৰ্ভ বেংকে এটা ডাঙৰ সিদ্ধান্ত লৈ ৰাইজক যথেষ্ট সকাহ দিছে । শেহতীয়াকৈ কৰ্তনৰ পিছত এতিয়া ৰেপো ৰেট ৬ শতাংশলৈ হ্ৰাস পাইছে । উল্লেখ্য যে বহু প্ৰতিবেদনত অনুমান কৰা হৈছিল যে পলিচিৰ হাৰ হ্ৰাস হব পাৰে । বেংক অৱ আমেৰিকা (বি অ’ এফ এ) গ্ল’বেল ৰিচাৰ্চে নিজৰ প্ৰতিবেদনত ভৱিষ্যদ্বাণী কৰিছিল যে ভাৰতীয় অৰ্থনীতি বিবেচনা কৰিলে কেন্দ্ৰীয় বেংকে একেৰাহে দ্বিতীয়বাৰৰ বাবে ৰেপ’ ৰেট কৰ্তন কৰি ডাঙৰ সকাহ দিব পাৰে । ইয়াত ৰেপো ৰেটত ০.২৫ শতাংশ কৰ্তনৰ অনুমান কৰা হৈছিল ।

৫ বছৰৰ পিছত উপহাৰৰ পিছত উপহাৰ-

উল্লেখ্য যে ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা এম পি চিৰ বৈঠকত ৰিজাৰ্ভ বেংকে এটা ডাঙৰ সিদ্ধান্ত লৈ পাঁচ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত ৰেপো ৰেট (RBI Repo Rate Cut) কৰ্তন কৰি ২৫ বেচিছ পইণ্ট হ্ৰাস কৰে । ইয়াৰ পিছত ৰেপোৰ হাৰ ৬.২৫ শতাংশলৈ নামি আহিছিল । ইয়াৰ পূৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২০ চনৰ মে’ মাহত ৰেপো ৰেট হ্ৰাস কৰিছিল । কিন্তু তাৰ পিছত ক্ৰমান্বয়ে ৬.৫ শতাংশলৈ বৃদ্ধি কৰা হৈছিল । শেষবাৰৰ বাবে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ৰেপো ৰেট বৃদ্ধি কৰা হৈছিল ।

ৰেপো ৰেট কমিলে ঋণৰ হ্ৰাস পায় ই এম আই-

উল্লেখ্য যে ৰেপো ৰেট বেংকৰ ঋণ লোৱা গ্ৰাহকৰ সৈতে পোনপটীয়াকৈ জড়িত । ইয়াৰ হ্ৰাসৰ বাবে ঋণৰ ই এম আই হ্ৰাস পায় আৰু বৃদ্ধিৰ বাবে ই বৃদ্ধি পায় । আচলতে ৰেপো ৰেট হ’ল কোনো দেশৰ কেন্দ্ৰীয় বেংকে কোনো ধৰণৰ ধনৰ নাটনি হ’লে বাণিজ্যিক বেংকক ধন ঋণ দিয়াৰ হাৰ । মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে মুদ্ৰা কৰ্তৃপক্ষই ৰেপো ৰেট ব্যৱহাৰ কৰে ।

আজিৰ পৰা আৰ বি আইৰ এম পি চিৰ বৈঠক… পুনৰ হ্ৰাস পাব নেকি ঋণৰ ই এম আই ?

নতুন বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ প্ৰথমখন মুদ্ৰানীতি বৈঠক (RBI MPC Meeting) আজি অৰ্থাৎ ৭ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই তিনিদিনীয়া বৈঠক ৯ এপ্ৰিলত সমাপ্ত হ’ব । সেইদিনা পুৱা ১০ বজাত আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই এই বৈঠকত লোৱা সিদ্ধান্তৰ কথা ঘোষণা কৰিব ।

বজাৰ বিশেষজ্ঞ আৰু অৰ্থনীতিবিদসকলৰ মতে এইবাৰো আৰ বি আইয়ে ৰেপ’ ৰেট ০.২৫% কমাব পাৰে । যদি এয়া হয় তেন্তে ৰেপো ৰেট ৬.২৫%ৰ পৰা পোনপটীয়াকৈ ৬%লৈ হ্ৰাস পাব । ইয়াৰ দ্বাৰা ব্যক্তিগত ঋণ, ঘৰুৱা ঋণ আৰু ব্যৱসায়িক ঋণ লোৱা লোকসকলে সকাহ পাব পাৰে, কাৰণ বেংকেও সুতৰ হাৰ হ্ৰাস কৰিব পাৰে ।

ফেব্ৰুৱাৰী মাহত কৰ্তন কৰা হৈছে-

উল্লেখ্য যে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা মুদ্ৰানীতি সমিতিৰ বৈঠকত আৰ বি আইয়ে ৰেপো ৰেট ২৫ বেচিছ পইণ্ট অৰ্থাৎ ০.২৫% কৰ্তন কৰিছিল । যোৱা ৫ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে আৰ বি আইয়ে সুতৰ হাৰ হ্ৰাস কৰিছিল ।

কিয় কৰ্তনৰ আশা কৰা হৈছে ?

বৰ্তমান খুচুৰা মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত সামান্য নৰম হোৱা দেখা গৈছে । ফেব্ৰুৱাৰী মাহত ই ৩.৬১% লৈ হ্ৰাস পাইছে, যিটো যোৱা ৭ মাহৰ ভিতৰত সৰ্বনিম্ন স্তৰ । ইয়াৰ আঁৰৰ কাৰণ হ’ল শাক-পাচলি, কণী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস । ইয়াৰ বাবে আৰ বি আইৰ বাবে ৰেপো ৰেট হ্ৰাস কৰাৰ সুযোগ থকা যেন লাগে ।

২০২৫-২৬ চনৰ বাবে জি ডি পি বৃদ্ধি প্ৰায় ৬.৭% হ’ব বুলি আশা কৰা হৈছে । একে সময়তে খুচুৰা মুদ্ৰাস্ফীতিও নিয়ন্ত্ৰণত থাকিব বুলি আশা কৰা হৈছে ।

আমেৰিকাই ৯ এপ্ৰিলৰ পৰা ভাৰত আৰু চীনকে ধৰি ৬০খন দেশৰ ওপৰত গধুৰ প্ৰতিশোধমূলক শুল্ক (১১%ৰ পৰা ৪৯%) আৰোপ কৰাৰ কথা ঘোষণা কৰিছে । ইয়াৰ ফলত বিশ্ব অৰ্থনীতিৰ ওপৰত হেঁচা বৃদ্ধি পাব পাৰে । এনে পৰিস্থিতিত আৰ বি আইয়ে ঘৰুৱা বৃদ্ধিৰ বাবে নীতিৰ ক্ষেত্ৰত নমনীয়তা দেখুৱাব পাৰে ।

বেংক অৱ বৰোদা আৰু ৰেটিং এজেন্সী আই চি আৰ এৰ মতামত-

বেংক অৱ বৰোদাৰ মুখ্য অৰ্থনীতিবিদ মদন সবনভিছৰ মতে এইবাৰো ৰেপো ৰেটত ০.২৫% কৰ্তনৰ আশা কৰিব পাৰি । তেওঁ কয় যে লিকুইডিটি সুস্থিৰ আৰু মুদ্ৰাস্ফীতিও নিয়ন্ত্ৰণত আছে । একে সময়তে আই চি আৰ এয়ে এইবাৰো আৰ বি আইয়ে নিৰপেক্ষ স্থিতি বজাই ৰাখিব বুলি কৈছে আৰু ৰেপো ৰেট সামান্য হ্ৰাস কৰিব পৰা যাব ।

৯ এপ্ৰিলত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব-

এতিয়া সকলোৰে দৃষ্টি ৯ এপ্ৰিলৰ ঘোষণাৰ ওপৰত । যদি ৰেপো ৰেট হ্ৰাস কৰা হয় তেন্তে ঘৰ আৰু গাড়ী কিনাৰ সপোন পূৰণ কৰিব বিচৰাসকলৰ বাবে আৰু সৰু ব্যৱসায় আৰম্ভ কৰিব বিচৰাসকলৰ বাবে ই এক ডাঙৰ সকাহ হ’ব ।

আপোনাৰো আছে নেকি এনে একাউন্ট…কাইলৈৰ পৰা বন্ধ হ’ব এই ৩ বিধ বেংক একাউণ্ট, শীঘ্ৰেই কৰক এই কাম

ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুন বছৰৰ পৰা কিছু নিয়ম সলনি কৰিবলৈ ওলাইছে । ইয়াৰ ফলত দেশৰ লাখ লাখ বেংক একাউণ্টত প্ৰভাৱ পৰিব । কাৰণ দেশৰ কেন্দ্ৰীয় বেংকে তিনি ধৰণৰ বেংক একাউণ্ট বন্ধ কৰিবলৈ গৈ আছে । আৰ বি আইৰ কঠোৰ নিৰ্দেশ আছে যে এনে বেংক একাউণ্ট বন্ধ কৰিব লাগে । এইবোৰ কোনবোৰ বেংক একাউণ্ট আৰু ৰিজাৰ্ভ বেংকে কিয় এই একাউণ্টবোৰ বন্ধ কৰিব বিচাৰিছে জানক ।

কিয় এই একাউণ্টবোৰ বন্ধ কৰিব বিচাৰিছে আৰ বি আইয়ে ?

বেংকিং ব্যৱস্থাৰ অধিক উন্নতিৰ বাবে আৰ বি আইয়ে এই একাউণ্টসমূহ বন্ধ কৰিবলৈ কৈছে । বেংকিং লেনদেন অধিক নিৰাপদ, স্বচ্ছ আৰু ফলপ্ৰসূ কৰাৰ বাবে আৰ বি আইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ দ্বাৰা কেৱল জালিয়াতি ৰোধ কৰাই নহয় ডিজিটেলাইজেশ্যনৰ ক্ষেত্ৰতো অধিক প্ৰসাৰ ঘটিব । বিশেষকৈ নিষ্ক্ৰিয় একাউণ্টত সম্ভাৱ্য বিপদ আৰু চাইবাৰ অপৰাধৰ কথা বিবেচনা কৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

কেনেধৰণৰ একাউণ্ট বন্ধ হ’ব ?

ভাৰতীয় ৰিজাৰ্ভ বেংকে তিনি ধৰণৰ একাউণ্ট বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । আৰ বি আইৰ নতুন গাইডলাইনৰ অধীনত বন্ধ হ’ব নিস্ক্ৰীয় একাউণ্ট, ইনএক্টিভ একাউণ্ট আৰু জিৰ’ অথবা শূণ্য বেলেঞ্চ একাউণ্ট ।

নিষ্ক্ৰিয় একাউণ্ট-

নিষ্ক্ৰিয় একাউণ্টক এনে এক ধৰণৰ একাউণ্ট বুলি গণ্য কৰা হয় যাৰ অধীনত দুবছৰ বা তাতকৈ অধিক সময় কোনো লেনদেন হোৱা নাই । এই একাউণ্টসমূহ চাইবাৰ অপৰাধীৰ লক্ষ্য হৈয়েই আছে । এনে একাউণ্ট বন্ধ কৰি আৰ বি আইয়ে গ্ৰাহক আৰু বেংকিং ব্যৱস্থাক সুৰক্ষিত কৰি ৰাখিব পাৰে ।

ইনএক্টিভ একাউণ্ট কি ?

যোৱা ১২ মাহ বা তাতকৈ অধিক সময় ধৰি নিষ্ক্ৰিয় হৈ থকা একাউণ্টসমূহো বন্ধ কৰা হ’ব । এই একাউণ্টসমূহ সুৰক্ষিত ৰাখিবলৈ আৰু প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । যদি আপোনাৰ একাউণ্টটো এই শ্ৰেণীত পৰে, তেন্তে আপুনি বেংকৰ সৈতে যোগাযোগ কৰি সক্ৰিয় কৰিব পাৰে ।

শূন্য বেলেন্স একাউণ্ট-

দীৰ্ঘ সময়ৰ বাবে শূন্য বেলেঞ্চ ৰখা একাউণ্টো বন্ধ কৰা হ’ব । একাউণ্টৰ অপব্যৱহাৰ ৰোধ, বিত্তীয় বিপদ হ্ৰাস আৰু গ্ৰাহকে বেংকৰ সৈতে সক্ৰিয় সম্পৰ্ক বজাই ৰাখিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

এই একাউণ্টবোৰ কেনেকৈ ৰক্ষা কৰিব ?

আপোনাৰ KYC আপডেট কৰিলে আপুনি আপোনাৰ বেংক একাউণ্ট নিষ্ক্ৰিয় হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব । যদি আপোনাৰো এনে একাউণ্ট আছে, তেন্তে তৎক্ষণাত বেংকৰ সৈতে যোগাযোগ কৰক আৰু কে ৱাই চি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক আৰু আপোনাৰ একাউণ্ট নিষ্ক্ৰিয় হোৱাৰ পৰা ৰক্ষা কৰক । KYC ৰ বাবে অনলাইনতো যোগাযোগ কৰিব পাৰে । ইয়াৰ লগতে, নূন্যতম বেলেঞ্চৰ পৰিমাণ বজাই ৰাখি আৰু লেনদেনসমূহ সক্ৰিয় কৰি ৰাখি, আপুনি আপোনাৰ একাউণ্ট বন্ধ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব ।

২০২৪-২৫ত ভাৰতৰ জি ডি পি বৃদ্ধিৰ হাৰ ৬.৬ শতাংশ হোৱাৰ অনুমান ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৪-২৫ বৰ্ষৰ বাবে ভাৰতৰ জি ডি পি বৃদ্ধিৰ হাৰ ৬.৬% হ’ব বুলি অনুমান কৰিছে । আৰ বি আইৰ তথ্য অনুসৰি বিশ্বৰ অৰ্থনৈতিক অৱস্থা আৰু ঘৰুৱা চাহিদাৰ উন্নতিৰ বাবে দেশৰ জি ডি পি বৃদ্ধিৰ হাৰ সুস্থিৰ হৈ থকাৰ সম্ভাৱনা আছে । এই বৃদ্ধিৰ বাবে ভাৰতীয় অৰ্থনীতিৰ দ্ৰুত উন্নতি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আগন্তুক বিত্তীয় বৰ্ষত ইতিবাচক প্ৰভাৱ পৰিব পাৰে ।

ৰিজাৰ্ভ বেংকে ২০২৪ চনৰ ডিচেম্বৰ মাহৰ বিত্তীয় স্থিতিশীলতা প্ৰতিবেদন (এফ এছ আৰ) প্ৰকাশ কৰিছে । এই প্ৰতিবেদনত ভাৰতীয় বিত্তীয় ব্যৱস্থাৰ স্থিতিস্থাপকতা আৰু বিত্তীয় স্থিতিশীলতাৰ বিপদৰ ওপৰত বিত্তীয় স্থিতিশীলতা আৰু উন্নয়ন পৰিষদৰ উপ-সমিতিৰ সামূহিক মূল্যায়ন প্ৰতিফলিত কৰা হৈছে ।

ইয়াত কোৱা হৈছে যে, “লাভ বৃদ্ধি, অনুৎপাদক সম্পত্তি হ্ৰাস, পৰ্যাপ্ত মূলধন আৰু নগদ ধনৰ মজুতৰ বাবে অনুসূচিত বাণিজ্যিক বেংক (এছ চি বি)ৰ অৱস্থা ভাল । ৰিটাৰ্ণ অন এচেটছ (আৰ অ’ এ) আৰু ৰিটাৰ্ণ অন ইকুইটি (আৰ অ’ ই) দশকৰ উচ্চতম স্তৰত আছে, আনহাতে গ্ৰাছ নন-পাৰফৰ্মিং এচেট (জি এন পি এ) অনুপাত বহু বছৰৰ নিম্নতম স্তৰলৈ হ্ৰাস পাইছে ।”

প্ৰতিবেদনত এইটোও কোৱা হৈছে যে বিস্তৃত ষ্ট্ৰেছ টেষ্টে দেখুৱাইছে যে বতৰৰ প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’বলৈ বেছিভাগ এছ চি বিৰ পৰ্যাপ্ত অতিৰিক্ত মূলধন আছে ।

অৰ্থনীতিৰ সন্দৰ্ভত এফ এছ আৰে কয় যে ২০২৩-২৪ চনৰ প্ৰথমাৰ্ধত মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) বৃদ্ধি ক্ৰমে ৮.২ শতাংশ আৰু ৮.১ শতাংশৰ পৰা ২০২৪-২৫ চনৰ প্ৰথমাৰ্ধত ছয় শতাংশলৈ হ্ৰাস পাইছে ।

আৰ বি আইয়ে কয়, ‘শেহতীয়া এই মন্দাৱস্থাৰ পিছতো গাঁথনিগত বৃদ্ধিৰ চালকসমূহ অক্ষত আছে । ঘৰুৱা চলক, মূলতঃ ৰাজহুৱা ব্যৱহাৰ আৰু বিনিয়োগ, আৰু শক্তিশালী সেৱা ৰপ্তানিৰ বাবে ২০২৪-২৫ চনৰ তৃতীয় আৰু চতুৰ্থ ত্ৰৈমাসিকত জি ডি পি বৃদ্ধিৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে ।

মুদ্ৰাস্ফীতিৰ সন্দৰ্ভত প্ৰতিবেদনত কোৱা হৈছে যে খাৰিফ আৰু ৰবি শস্যৰ উৎপাদন হোৱাৰ বাবে ভৱিষ্যতে খাদ্য শস্যৰ দাম কম হোৱাৰ সম্ভাৱনা আছে । কিন্তু চৰম বতৰৰ পৰিঘটনাৰ ধাৰা বৃদ্ধি পোৱাৰ বাবে বিপদ এতিয়াও আছে । ভূ-ৰাজনৈতিক সংঘাতে বিশ্বৰ যোগান শৃংখল আৰু সামগ্ৰীৰ মূল্যৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে ।

কৃষকলৈ ৰিজাৰ্ভ বেংকৰ উপহাৰ…বন্ধকীমুক্ত ঋণৰ সীমা ২ লাখলৈ বৃদ্ধি

ভাৰতীয় ৰিজাৰ্ভ বেংকে কৃষকৰ বাবে জামিনবিহীন বা বন্ধকীমুক্ত ঋণৰ সীমা ১.৬ লাখৰ পৰা ২ লাখলৈ বৃদ্ধি কৰিছে । এই সিদ্ধান্ত ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব । ইনপুট ব্যয় বৃদ্ধিৰ মাজতে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক সহায় কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । নতুন নিৰ্দেশনাৰ জৰিয়তে সমগ্ৰ দেশৰ বেংকসমূহক প্ৰতিজন ঋণগ্ৰহণকাৰীৰ বাবে ২ লাখ টকা পৰ্যন্ত কৃষি আৰু সংশ্লিষ্ট কাৰ্যকলাপক ঋণ দিয়াৰ বাবে মাৰ্জিনৰ প্ৰয়োজনীয়তা ৰেহাই দিবলৈ নিৰ্দেশ দিয়া হৈছে ।

কৃষি মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৃদ্ধি পোৱা খৰচ আৰু কৃষকৰ ঋণৰ সুবিধা উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । বিবৃতিটোত কোৱা হৈছে যে এই ব্যৱস্থাই ৮৬ শতাংশতকৈ অধিক ক্ষুদ্ৰ আৰু প্ৰান্তীয় ভূমিখণ্ড কৃষকক যথেষ্ট উপকৃত কৰিব । বেংকসমূহক নিৰ্দেশনাসমূহ ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰিবলৈ আৰু নতুন ঋণৰ ব্যৱস্থাসমূহৰ প্ৰতি ব্যাপক সজাগতা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

এই পদক্ষেপে কিষাণ ক্ৰেডিট কাৰ্ড ঋণৰ সুবিধা সহজ কৰি তোলাৰ লগতে চৰকাৰৰ সংশোধিত সুত সাহায্য আঁচনিৰ পৰিপূৰক হিচাপে পৰিগণিত হ’ব, য’ত ৪ শতাংশ কাৰ্যকৰী সুতৰ হাৰত ৩ লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰা হয় । এই পদক্ষেপক কৃষি খণ্ডত বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধিৰ বাবে এক কৌশলগত পদক্ষেপ হিচাপে দেখা গৈছে, কৃষকসকলক কৃষি কাৰ্য্যকলাপত বিনিয়োগ আৰু জীৱিকাৰ উন্নতিৰ বাবে প্ৰয়োজনীয় আৰ্থিক নমনীয়তা প্ৰদান কৰা হৈছে ।

কৃষি বিশেষজ্ঞসকলে চৰকাৰ আৰু কেন্দ্ৰীয় বেংকৰ এই পদক্ষেপক ঋণৰ অন্তৰ্ভুক্তি বৃদ্ধি আৰু কৃষি অৰ্থনৈতিক বৃদ্ধিৰ সমৰ্থন আৰু কৃষি সামগ্ৰীৰ ব্যয়ৰ ওপৰত মুদ্ৰাস্ফীতিৰ চাপ আঁতৰোৱাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰে ।

কোন হয় সঞ্জয় মালহোত্ৰা ?  যি বিত্ত মন্ত্ৰালয়ত নিজৰ সামৰ্থ প্ৰমাণ কৰি নিৰ্বাচিত হয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ

আজি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিব ৰাজহ সচিব সঞ্জয় মালহোত্ৰাই । মঙলবাৰে অৱসৰ লোৱা শক্তিকান্ত দাসৰ ঠাইত তেওঁ এই পদত অধিষ্ঠীত হ’ব । ১৯৯০ বেটচৰ আই এ এছ বিষয়া তথা ৰাজহ বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা সঞ্জয় মালহোত্ৰাক গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়াত কেবিনেটৰ নিযুক্তি সমিতিয়ে অনুমোদন জনায় । তেওঁৰ কাৰ্যকাল তিনি বছৰৰ বাবে হ’ব । আজিৰ পৰা কাৰ্যকৰী হ’ব এই কাৰ্যকাল ।

১৯৯০ বেটচৰ আই এ এছ বিষয়া সঞ্জয় মালহোত্ৰা-

সঞ্জয় মালহোত্ৰা ১৯৯০ বেটচৰ আই এ এছ বিষয়া আৰু ৰাজস্থানৰ আই এ এছ বিষয়াৰ ভিতৰত জ্যেষ্ঠতাৰ ক্ষেত্ৰত চতুৰ্থ স্থানত আছে । ৰাজস্থানৰ পৰা ২০২০ চনৰ জানুৱাৰী মাহত ডেপুটেচনত কেন্দ্ৰলৈ আহিছিল তেওঁ । ইয়াত তেওঁ প্ৰথমে শক্তি মন্ত্ৰালয়ত অতিৰিক্ত সচিব হিচাপে পদবী লাভ কৰিছিল । ইয়াৰ পিছত তেওঁ পোনপটীয়াকৈ বিত্ত মন্ত্ৰালয়ত প্ৰৱেশ কৰে । ইয়াত তেওঁ ৰাজহ বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । সুধাংশ পন্টৰ পূৰ্বে ৰাজস্থানত মুখ্য সচিব পদৰ বাবে সঞ্জয় মালহোত্ৰাৰ নাম চৰ্চা চলিছিল যদিও তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে তেওঁৰ প্ৰতিভাক বিবেচনা কৰি ৰাজস্থানলৈ ঘূৰাই পঠিয়াবলৈ বিচৰা নাছিল । সঞ্জয় মালহোত্ৰাৰ অৱসৰৰ বাবে এতিয়াও ২ বছৰতকৈও অধিক সময় বাকী আছে । গতিকে আৰ বি আইত গৱৰ্ণৰ হিচাপে তেওঁৰ কাৰ্যকালো যথেষ্ট দীঘলীয়া হ’ব পাৰে ।

ৰিজাৰ্ভ বেংকৰ ২৬ সংখ্যক গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিব সঞ্জয় মালহোত্ৰাই-

আই এ এছ বিষয়া সঞ্জয় মালহোত্ৰাৰ বিত্ত, কৰ, শক্তি, তথ্য প্ৰযুক্তি আৰু খননকে ধৰি মূল খণ্ডত ৩৩ বছৰৰো অধিক অভিজ্ঞতা আছে । মঙলবাৰে কাৰ্যকাল সমাপ্ত হোৱা দাসৰ ঠাইত ৰিজাৰ্ভ বেংকৰ ২৬ সংখ্যক গৱৰ্ণৰ হ’ব প্ৰবীণ আমোলা মালহোত্ৰা । মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ আৰু অৰ্থনৈতিক বিকাশৰ মন্থৰতাৰ দৰে প্ৰত্যাহ্বানৰ সৈতে যুঁজি থকা আৰ বি আইৰ এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত মালহোত্ৰাই এই নিযুক্তি লাভ কৰিছে । বৰ্তমান বিত্ত মন্ত্ৰালয়ৰ সচিব (ৰাজহ) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে মালহোত্ৰাই । ইয়াৰ পূৰ্বে তেওঁ বিত্তীয় সেৱা বিভাগতো সচিব পদত অধিষ্ঠিত হৈছিল ।

আই এ এছ টপাৰ আছিল সঞ্জয় মালহোত্ৰা-

সঞ্জয় মালহোত্ৰা তেওঁৰ বেটচৰ শীৰ্ষস্থান দখল কৰিছিল । সেয়েহে তেওঁ গৃহ ৰাজ্য ৰাজস্থানৰ কেডাৰো পাইছিল । ৰাজস্থানত তেওঁ ৰাজহ, বিত্ত, স্বাস্থ্য, শক্তি আৰু কৃষি আদি বিভাগৰ সৈতে জড়িত আছিল । ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) কানপুৰৰ পৰা কম্পিউটাৰ বিজ্ঞানত অভিযান্ত্ৰিক স্নাতক মালহোত্ৰাই আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা পাব্লিক পলিচিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে । তেওঁৰ কেৰিয়াৰে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়তে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে, য’ত তেওঁ বিভিন্ন খণ্ডত নীতি গঢ়ি তুলিছে ।

২০২২ চনৰ ডিচেম্বৰৰ পৰা ৰাজহ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে-

২০২২ চনৰ ডিচেম্বৰৰ পৰা ৰাজহ সচিব হিচাপে মালহোত্ৰাই প্ৰত্যক্ষ আৰু পৰোক্ষ উভয় কৰ, কৰ নীতি প্ৰণয়নত মূল ভূমিকা পালন কৰি আহিছে । ভাৰতৰ বিত্তীয় স্বাস্থ্যৰ বাবে এক জটিল কাৰক কৰ সংগ্ৰহ বৃদ্ধিত তেওঁৰ নেতৃত্বই মূল ভূমিকা পালন কৰিছে । ভাৰতত সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) কাঠামো প্ৰশাসনৰ দায়িত্বত থকা সংস্থা জি এছ টি কাউন্সিলৰ পদমৰ্মে সচিব হিচাপেও মালহোত্ৰাই কাৰ্যনিৰ্বাহ কৰিছিল । ৰাজহ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পূৰ্বে মালহোত্ৰাই আৰ ই চি লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰ পদত অধিষ্ঠিত আছিল । ই বিদ্যুৎ প্ৰকল্পৰ বিত্তীয় সাহায্যৰ বিশেষজ্ঞ চৰকাৰী কোম্পানী ।

কিমান দৰমহা লাভ কৰে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে ? জানেনে কি কি সুবিধা লাভ কৰে তেওঁ…

ভাৰতীয় ৰিজাৰ্ভ বেংকে সঞ্জয় মালহোত্ৰাক নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি দিছে । এতিয়া তেওঁ শক্তিকান্ত দাসৰ ঠাই ল’ব । ৰাজস্থান কেডাৰৰ ১৯৯০ বেটছৰ আই এ এছ বিষয়া সঞ্জয় মালহোত্ৰা । ২০২৫ চনৰ ১১ ডিচেম্বৰত নতুন গৱৰ্ণৰৰ দায়িত্ব ল’ব সঞ্জয় মালহোত্ৰাই । উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই আই আই টি-কানপুৰৰ পৰা আভিযান্ত্ৰিকত অধ্যয়ন সম্পূৰ্ণ কৰিছে । ইয়াৰ উপৰিও তেওঁ প্ৰিন্সটন ইউনিভাৰ্চিটি অৱ আমেৰিকাৰ পৰা পাব্লিক পলিচিত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছে । ৰাজহ সচিব হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰি আহিছে ।  তেওঁ আৰ ই চিৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰ পদতো অধিষ্ঠিত হৈছিল ।

দৰমহাৰ সৈতে এই সুবিধাসমূহ উপলব্ধ হ’ব-

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ দৰমহাৰ কথা ক’বলৈ গ’লে, নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই ২.৫ লাখ টকাৰ দৰমহা লাভ কৰিব । উল্লেখ্য যে এই দৰমহা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দৰমহাতকৈ বেছি । দৰমহাৰ উপৰিও, আৰ বি আই গৱৰ্ণৰে ভাৰত চৰকাৰৰ হৈ বাস কৰিবলৈ এটা ঘৰ, লগতে এখন গাড়ী আৰু চালক, ঘৰৰ সহায়সহ আন বহুতো সুবিধা লাভ কৰে ।

এতিয়া ক’ত কৰ্মৰত ?

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই বৰ্তমান বিত্ত মন্ত্ৰালয়ত ৰাজহ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । ইয়াৰ পূৰ্বে তেওঁ বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগৰ সচিব আছিল । অৰ্থনৈতিক প্ৰশাসন, ৰাজহুৱা বিত্ত আৰু শক্তি সংস্কাৰ আদি বিষয়ৰ বিষয়ে সঞ্জয় মালহোত্ৰাৰ ভাল অভিজ্ঞতা আৰু জ্ঞান আছে । ৰাজহ বিভাগলৈও তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে ।

কিমান বছৰৰ কাৰ্যকাল-

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমানৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ ঠাইত লোৱা সঞ্জয় মালহোত্ৰাৰ কাৰ্যকালো শক্তিকান্ত দাসৰ দৰে তিনি বছৰৰ বাবে থাকিব । ইয়াৰ পিছত তেওঁৰ সেৱা বৃদ্ধিও কৰিব পৰা হব পাৰে । তিনি বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত শক্তিকান্ত দাসৰ ম্যাদ বৃদ্ধি কৰা হৈছিল ।

নতুন গৱৰ্ণক কোনে নিযুক্তি দিয়ে ?

কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট কমিটীয়ে সঞ্জয় মালহোত্ৰাক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়ে । উল্লেখ্য যে দেশৰ ২৬ জন আৰ বি আইৰ ৰাজ্যপালৰ ভিতৰত ১৩ জন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল ।

সঞ্জয় মালহোত্ৰা হ’ব ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ, ঠাই ল’ব শক্তিকান্ত দাসৰ

ৰাজহ সচিব (Revenue Secretary) সঞ্জয় মালহোত্ৰাক ভাৰতীয় ৰিজাৰ্ভ বেংক তথা আৰ বি আইৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে । আৰ বি আইৰ বৰ্তমানৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ ঠাই ল’ব মালহোত্ৰাই ।  আৰ বি আইৰ বৰ্তমানৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ কাৰ্যকাল ১০ ডিচেম্বৰত সমাপ্ত হ’ব । উল্লেখ্য যে, আৰ বি আইৰ ২৬ সংখ্যক গৱৰ্ণৰ হ’ব সঞ্জয় মালহোত্ৰা ।

সঞ্জয় মালহোত্ৰা ৰাজস্থান কেডাৰৰ ১৯৯০ বেটচৰ এগৰাকী আই এ এছ তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া । ২০২০ চনৰ নৱেম্বৰ মাহত আৰ ই চিৰ চেয়াৰমেন আৰু এম ডি পদত অধিষ্ঠীত হৈছিল তেওঁ । ইয়াৰ পূৰ্বে তেওঁ শক্তি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপে নিযুক্তি লাভ কৰিছিল । ২০২২ চনত বিত্তীয় সেৱা বিভাগৰ সচিব সঞ্জয় মালহোত্ৰাক কেন্দ্ৰীয় চৰকাৰে ৰিজাৰ্ভ বেংকৰ সঞ্চালক হিচাপে মনোনীত কৰে ।

সঞ্জয় মালহোত্ৰাৰ শিক্ষা-

সঞ্জয় মালহোত্ৰাই আই আই টি কানপুৰৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিছে । আনহাতে তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । বিগত ৩০ বছৰে মালহোত্ৰাই শক্তি, বিত্ত, কৰ, তথ্য-প্ৰযুক্তি আৰু খনিৰ দৰে বিভাগত কাৰ্যনিৰ্বাহ কৰি আহিছে ।

শক্তিকান্ত দাসৰ কাৰ্যকাল-

শক্তিকান্ত দাস প্ৰায় ৬ বছৰ আৰ বি আইৰ গৱৰ্ণৰ পদত অধিষ্ঠীত আছিল । উৰ্জিত পেটেলৰ হঠাৎ পদত্যাগৰ পিছত তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল । এতিয়া ১০ ডিচেম্বৰত কাৰ্যকাল সমাপ্ত হ’ব শক্তিকান্ত দাসৰ ।