পহলগাম আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক উত্তেজনাৰ শিখৰত উপনীত হৈছে। যোৱা ৭ মে’ত ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত আৰম্ভ কৰা অপাৰেচন চিণ্ডুৰৰ পিছৰে পৰা পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।
ইফালে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে পাকিস্তান ছুপাৰ লীগৰ সকলো খেলুৱৈক শীঘ্ৰে ৰাৱালপিণ্ডি এৰি যাবলৈ নিৰ্দেশ জাৰি কৰিছে।কাৰণ ভাৰতে পাকিস্তানৰ ৰাৱালপিণ্ডি ষ্টেডিয়ামত আক্ৰমণ কৰি সেই ষ্টেডিয়াম ধ্বংস কৰিছে।
এই কাৰণতে এতিয়া ৰাৱালপিণ্ডি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া সকলো মেচ বাতিল কৰা হৈছে। এই ড্ৰণ আক্ৰমণৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত ৰাৱালপিণ্ডি ষ্টেডিয়ামত ড্ৰ’ন আক্ৰমণৰ ফলত ষ্টেডিয়ামৰ বহু ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে।
Post Views: 229