হিন্দী চিনেমাৰ ড্ৰামা কুইন ৰাখী সাৱন্তে প্ৰতিটো বিষয়তে সাহসেৰে নিজৰ মতামত প্ৰকাশ কৰি আহিছে।শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশক কঁপাই তুলিছে।
ৰাখী সাৱন্তকো এই ঘটনাই গভীৰভাৱে আঘাত কৰিছে।সামাজিক মাধ্যমত কেইবাটাও পোষ্ট শ্বেয়াৰ কৰি তেওঁ এই বৰ্বৰ ঘটনাক গৰিহণা দিছে। দেওবাৰে ৰাখীয়ে বোৰ্খা পিন্ধি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, যিটো ভিডিঅ’ ক্ৰমাৎ ভাইৰেল হৈ পৰিছে।
ভিডিঅ’টোত তেওঁ অনুৰাগীসকলক হিন্দু-মুছলমানৰ মাজত থকা ঘৃণাৰ অন্ত পেলাবলৈ আহ্বান জনাইছে।তাৰ লগতে তেওঁ কাশ্মীৰ পৰ্যটনৰ প্ৰচাৰ বৃদ্ধি কৰাৰ কথাও কৈছে।
ৰাখীয়ে ভিডিঅ’টোৰ আৰম্ভণিতে কৈছিল যে ‘আমি ধৰ্মৰ নামত যুঁজ দিয়া বন্ধ কৰিব লাগে।আমি সকলো এক ।আমাৰ হিন্দুস্তানৰ পৰা মুছলমান সকলক কোনেও খেদিব নোৱাৰে’।
‘ভাৰতৰ ওপৰত এজন হিন্দুৰ যিমান অধিকাৰ আছে, সিমান অধিকাৰ এজন মুছলমানৰো আছে। হিন্দু-মুছলমানৰ কাজিয়া নকৰিব।শিশুৰ দৰে কাম নকৰিব। ডাঙৰ হোৱা’।
তেওঁ লগতে কয় যে, ‘ভগৱানৰ কথা ভাবি চাওক, তেওঁ কিমান দুখ পাইছে।আমি সকলোৱেই তেওঁৰ দ্বাৰা সৃষ্টি।তেন্তে আমি কিয় নিজৰ মাজতে কাজিয়া কৰো?
‘মই মোৰ পৰৱৰ্তী ছুটী কাশ্মীৰত কটাম। আমি সকলোৱে কাশ্মীৰলৈ যোৱাটো আমাৰ কৰ্তব্য।আমি কাশ্মীৰক সমৰ্থন কৰিব লাগে। কাশ্মীৰখন আমাৰ আৰু তাত থকা সকলো আমাৰে ভাতৃ-ভগ্নী’।
তেওঁ অনুৰাগী সকলক প্ৰশ্ন কৰিছে যে, ‘আপোনালোকো মোৰ লগত কাশ্মীৰ যাব নে ? তেওঁ লগতে কয় যে আমি কাশ্মীৰ পৰ্যটনক সমৰ্থন কৰি তাত থকা ৰাইজক সাহস দিয়া উচিত’।
‘আমি সকলোৱে একেলগে কাশ্মীৰলৈ গ’লে তাত থকা মানুহৰ মনোবল বাঢ়িব।অনুৰাগীসকলক বাৰে বাৰে কাশ্মীৰ ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে ৰাখী সাৱান্তে’ ।