“মোক মাৰ পিট কৰিছিল”; ৰাখী সাৱন্তই উদঙালে বৈবাহিক জীৱনৰ যন্ত্ৰণা

শেহতীয়াকৈ ৰাখী সাৱন্তই এটা সাক্ষাৎকাৰত তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুখৰ বিষয়ে স্পষ্টভাৱে কয়।তেওঁ কৈছিল যে, আজিলৈকে তেওঁ জীৱনত কেতিয়াও প্ৰকৃত প্ৰেম বিচাৰি নাপালে।

ৰাখী সাৱন্তক লাগিলে ড্ৰামা কুইন, মনোযোগ বিচৰা বা আন কিবা বুলি নকওক কিয় কিন্তু এটা কথা নিশ্চিত যে মনোৰঞ্জনৰ কথা আহিলে তেওঁৰ কোনো তুলনা নাই। পেছাদাৰী জীৱনত তেওঁ নিজৰ চৰ্তত কামবোৰ পৰিচালনা কৰিছিল যদিও ব্যক্তিগত জীৱনত তেওঁ বহু উত্থান-পতনৰ সন্মুখীন হৈছিল।আজিলৈকে জীৱনত ৰাখী সাৱন্তে প্ৰকৃত প্ৰেম বিচাৰি নোপোৱাৰ বাবে অনুশোচনা কৰে।

এটা সাক্ষাৎকাৰত ৰাখীয়ে তেওঁৰ প্ৰাক্তন স্বামী আদিল খান দুৰানীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰি তেওঁক হত্যাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে।ৰাখীয়ে কয়, “মানুহে মোক ‘ৱাইফ মেটেৰিয়েল’ বুলি নাভাবে কাৰণ মই আপফ্ৰন্ট,জীৱিকা উপাৰ্জন আৰু ঘৰ চলাবৰ বাবে…।বাহিৰত আন ছোৱালী আছে যিয়ে ৰাস্তাত উলংগ হৈ ঘূৰি ফুৰে, তথাপিও তেওঁলোক নিমাত হৈ থাকে, সেইবোৰেই মানুহে গ্ৰহণযোগ্য বুলি বিবেচনা কৰে। কিন্তু মোৰ দৰে ছোৱালী এজনীয়ে কেৱল বিয়া হ’বলৈ ভাল ল’ৰা বিচাৰি নাপায়।”

মন কৰিবলগীয়া যে ২০১৯ চনত ৰাখী সাৱন্তই ৰিতেশ সিঙৰ সৈতে প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল। বিগ বছটো এই যুটিটোক একেলগে দেখা গৈছিল। সমগ্ৰ অনুষ্ঠানটোত বিভিন্ন কাৰণত এই দম্পতীহালে শিৰোনাম দখল কৰি থাকিল আৰু অৱশেষত ২০২২ চনত তেওঁলোকৰ পথ বিচ্ছিন্ন হৈ পৰে। চলিত বৰ্ষৰ আৰম্ভণিতে ৰাখীয়ে ব্যৱসায়ী আদিল দুৰানীৰ সৈতে দ্বিতীয় বিবাহত লিপ্ত হৈছিল।কিন্তু তেওঁৰ এই দ্বিতীয় বিবাহো অতি কম সময়ৰ বুলি প্ৰমাণিত হ’ল।মাত্ৰ কেইমাহমানৰ পিছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল। সেই সময়ত দুয়োজনে ইজনে সিজনৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ৰাখী এতিয়া আকৌ এবাৰ প্ৰেমৰ সন্ধানত, কিন্তু তেওঁৰ মতে তেওঁক কোনেও বিয়া কৰাব নিবিচাৰে।

ৰাখীয়ে কয় যে, মায়ে মোক বিয়া পাতিবলৈ কৈছিল।তেওঁৰ হেঁচাত পৰিয়েই শেষত ভুল মানুহজনক বিয়া কৰাইছিলোঁ। পিছত আৱিষ্কাৰ কৰিলোঁ যে সমগ্ৰ পৃথিৱীতে ইয়াতকৈ বেয়া কোনো নাই।

অভিনেত্ৰী গৰাকীয়ে আৰু কয় “তেওঁ মোক আগতে মাৰপিট কৰিছিল, গালি-গালাজ কৰিছিল। মোক অত্যাচাৰ কৰিছিল। তেওঁ ইমান ‘মিঠা বিষ’ দিব যে শেষত ছোৱালীজনীয়ে নিজেই আত্মহত্যা কৰিব। আনকি তেওঁ মোক পেলাই দিয়াৰ উদ্দেশ্যেৰে মোক এটা নিৰ্দিষ্ট স্থানলৈ লৈ গৈছিল। মই তাৰ পৰা পলাই আহিলোঁ। মই তেওঁৰ পৰিকল্পনা বুজি পাইছিলোঁ। মোৰ সম্পত্তি জব্দ কৰিবলৈ সি মোক মাৰিব বিচাৰিছিল।সি মোৰ পৰা তিনি কোটি টকা প্ৰৱঞ্চনা কৰিলে।”

লগতে পঢ়ক: “তেওঁলোক ঐশ্বৰিক…”; অনন্যা পাণ্ডেক পুনৰ কটাক্ষ কংগনা ৰানাৱটৰ

 ‘অভিনৱ কাশ্যপক চেণ্ডেলেৰে কোবাম’; ছলমান খানৰ সমৰ্থনত ৰাখী সাৱন্ত

ছলমান খানৰ সমৰ্থনত ৰাখী সাৱন্ত

ছুপাৰষ্টাৰ ছলমান খান আৰু পৰিচালক অভিনৱ কাশ্যপৰ মাজত চলি থকা বিতৰ্কৰ বিষয়ে সকলোৱে জানে।যোৱা কেইমাহমানত অভিনৱে ছলমানৰ বিৰুদ্ধে বহু কথা কৈছে,যিয়ে অভিনেতাজনৰ অনুৰাগীক হতাশ কৰিছে।

ছলমানক লৈ তেওঁ কেইবাটাও দাবী কৰিছিল, যাৰ উত্তৰত ছুপাৰষ্টাৰগৰাকীয়ে বিগ বছত উপযুক্ত সঁহাৰি দিছিল। এতিয়া ছলমানৰ সমৰ্থনত আহি বিতৰ্কৰ ৰাণী ৰাখী সাৱন্তই অভিনৱক ধমক দিছে।

ৰাখীয়ে ছলমান খানক নিজৰ দ্বিতীয় ভগৱান বুলি অভিহিত কৰিছে।এটা কঠিন সময়ত অভিনেতাগৰাকীয়ে তেওঁৰ কাম দিছিল বুলি প্ৰকাশ কৰে।তাৰ পিছতে ৰাখীয়ে অভিনৱ কাশ্যপক টাৰ্গেট কৰি লয়।

পৰিচালকগৰাকীৰ কথা অভিনেত্ৰী গৰাকীয়ে কৈছে যে, ‘এই তপাটো বদমাছ হয়, যিয়ে আজিকালি ছলমান ভাইৰ কথা বেয়াকৈ কৈ আছে। শুনা, তোমাক য’তেই পাম, মই চেণ্ডেলেৰে কোবাম’।

‘তেওঁ কোনখন চিনেমা পৰিচালনা কৰিছিল নাজানো।সেই টপা মানুহটোৰ নাম লৈ মোৰ মুখখন লেতেৰা কৰিব নিবিছাৰো।শ্বুটিঙত ছোৱালীৰ সৈতে ফ্লাৰ্ট কৰিবলৈ আৰম্ভ কৰিছিল। ছলমান ভাইয়ে এই সকলোবোৰ সহ্য নকৰে’।

‘তেওঁ ছলমান ভাইৰ পইচা বৰ্বাদ কৰি আছিল।সেয়েহে পিছত তেওঁক ছবিখনৰ পৰা ওলিয়াই দিছিল , কাৰণ ভাইয়ে এখন ভাল ছবি নিৰ্মাণ কৰিব বিচাৰিছিল।’  

লগতে পঢ়ক: ‘মই এজন ভাল মানুহ হৈছো’; ববি দেউলে সম্পূৰ্ণৰূপে ত্যাগ কৰিলে সুৰা

‘মুছলমানক কোনেও ভাৰতৰ পৰা উলিয়াব নোৱাৰে…’;  বোৰ্খা পিন্ধি ৰাখী সাৱান্তে বনালে ভিডিঅ’

হিন্দী চিনেমাৰ ড্ৰামা কুইন ৰাখী সাৱন্তে প্ৰতিটো বিষয়তে সাহসেৰে নিজৰ মতামত প্ৰকাশ কৰি আহিছে।শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশক কঁপাই তুলিছে।

ৰাখী সাৱন্তকো এই ঘটনাই গভীৰভাৱে আঘাত কৰিছে।সামাজিক মাধ্যমত কেইবাটাও পোষ্ট শ্বেয়াৰ কৰি তেওঁ এই বৰ্বৰ ঘটনাক গৰিহণা দিছে। দেওবাৰে ৰাখীয়ে বোৰ্খা পিন্ধি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, যিটো ভিডিঅ’ ক্ৰমাৎ ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত তেওঁ অনুৰাগীসকলক হিন্দু-মুছলমানৰ মাজত থকা ঘৃণাৰ অন্ত পেলাবলৈ আহ্বান জনাইছে।তাৰ লগতে তেওঁ কাশ্মীৰ পৰ্যটনৰ প্ৰচাৰ বৃদ্ধি কৰাৰ কথাও কৈছে।

ৰাখীয়ে ভিডিঅ’টোৰ আৰম্ভণিতে কৈছিল যে ‘আমি ধৰ্মৰ নামত যুঁজ দিয়া বন্ধ কৰিব লাগে।আমি সকলো এক ।আমাৰ হিন্দুস্তানৰ পৰা মুছলমান সকলক কোনেও খেদিব নোৱাৰে’।

‘ভাৰতৰ ওপৰত এজন হিন্দুৰ যিমান অধিকাৰ আছে, সিমান অধিকাৰ এজন মুছলমানৰো আছে। হিন্দু-মুছলমানৰ কাজিয়া নকৰিব।শিশুৰ দৰে কাম নকৰিব। ডাঙৰ হোৱা’।

তেওঁ লগতে কয় যে, ‘ভগৱানৰ কথা ভাবি চাওক, তেওঁ  কিমান দুখ পাইছে।আমি সকলোৱেই তেওঁৰ দ্বাৰা সৃষ্টি।তেন্তে আমি কিয় নিজৰ মাজতে কাজিয়া কৰো?  

‘মই মোৰ পৰৱৰ্তী ছুটী কাশ্মীৰত কটাম। আমি সকলোৱে কাশ্মীৰলৈ যোৱাটো আমাৰ কৰ্তব্য।আমি কাশ্মীৰক সমৰ্থন কৰিব লাগে। কাশ্মীৰখন আমাৰ আৰু তাত থকা সকলো আমাৰে ভাতৃ-ভগ্নী’।

তেওঁ অনুৰাগী সকলক প্ৰশ্ন কৰিছে যে, ‘আপোনালোকো মোৰ লগত কাশ্মীৰ যাব নে ?  তেওঁ লগতে কয় যে আমি কাশ্মীৰ পৰ্যটনক সমৰ্থন কৰি তাত থকা ৰাইজক সাহস দিয়া উচিত’।

‘আমি সকলোৱে একেলগে কাশ্মীৰলৈ গ’লে তাত থকা মানুহৰ মনোবল বাঢ়িব।অনুৰাগীসকলক বাৰে বাৰে কাশ্মীৰ ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে ৰাখী সাৱান্তে’ ।

“মই ভিক্ষাৰী, মোৰ ওচৰত এটকাও নাই”; ৰাখী সাৱন্তক তলৱ মহাৰাষ্ট্ৰ চাইবাৰ চেলৰ

‘ইণ্ডিয়াজ গট লেটেণ্ট’ বিতৰ্কত লিপ্ত ৰাখী সাৱন্তক মহাৰাষ্ট্ৰ চাইবাৰ চেলে মাতি পঠিয়াইছে।আৰক্ষীয়ে তেওঁক এই বিষয়টো সন্দৰ্ভত প্ৰশ্ন কৰিব পাৰে।

ৰাখীয়ে ইতিমধ্যে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ নামৰ ৰিয়েলিটি শ্ব’ টোত বিচাৰক হিচাপে উপস্থিত হৈছিল।শ্ব’টোৰ ৰাখীৰ বহু চুটি চুটি ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছিল।

ৰাখী সাৱন্তে মহাৰাষ্ট্ৰ চাইবাৰ চেলে তলৱ পিছত তেওঁ প্ৰতিৰক্ষাত এটা ভিডিঅ’ মুকলি কৰিছিল।ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত অভিনেত্ৰী গৰাকীয়ে কৈছিল যে, ‘মোক চমন পঠোৱাৰ অৰ্থ একো নহয়, বন্ধুসকল।’

আপোনালোকে মোক ভিডিঅ’ কল কৰিব পাৰে, মই আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু। মই এগৰাকী শিল্পী।

মোক টকা দি সাক্ষাৎকাৰৰ বাবে মাতি নিয়া হৈছিল আৰু মই মাত্ৰ সাক্ষাৎকাৰটো দিছিলো। মই আনকি কাকো গালি দিয়া নাই। মোক চমন প্ৰেৰণ কৰাৰ কোনো অৰ্থ নাই”।

ড্ৰামা কুউন ৰাখী সাৱান্তে নিজকে ভিক্ষাৰী বুলিও কয়। তেওঁ কৈছিল যে, ‘মই ভিক্ষাৰী, তোমাক দিবলৈ মোৰ হাতত এটকাও নাই। মই ডুবাইত থাকো। মোৰ একো কামো নাই।

মই আপোনালোকক টকা দিব নোৱাৰো। মোক ফোন কৰি আপুনি কি কৰিব, কোনো লাভ নাই। মই অনুৰোধ কৰিছো। মই কোনো অপৰাধ কৰা নাই। মই এগৰাকী সত্যবাদী মহিলা”।  

পাকিস্তানৰ বোৱাৰী হ’ব নেকি ৰাখী সাৱন্ত? তৃতীয়বাৰৰ বাবে আৰম্ভ কৰিব যুগ্ম জীৱন

মনোৰঞ্জন উদ্যোগৰ আটাইতকৈ বিতৰ্কিত চেলিব্ৰিটিসকলৰ মাজৰ এগৰাকী হৈছে ৰাখী সাৱন্ত, যি প্ৰায়ে  শিৰোনামত থাকে।কেতিয়াবা বিবাহৰ বাবে, কেতিয়াবা তেওঁৰ বিবাহ বিচ্ছেদৰ বাবে আৰু কেতিয়াবা তেওঁৰ মন্তব্যৰ বাবে।

অভিনেত্ৰীগৰাকী বৰ্তমান পাকিস্তানত আছে আৰু তেওঁৰ সৈতে সম্পৰ্কিত এটা ডাঙৰ খবৰ ওলাইছে, যিয়ে সকলোকে আচৰিত কৰিছে।

ৰাখীয়ে আকৌ এবাৰ তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চাত আছে।ৰাখীয়ে বৰ্তমানলৈকে দুবাৰকৈ বিবাহ পাশত আৱদ্ধ হৈছে।  তেওঁ প্ৰথমবাৰৰ বাবে ২০১৯ চনত ৰীতেশ সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

কিন্তু ২০২২ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়। তাৰ পিছত তেওঁ একে বছৰতে দ্বিতীয়বাৰৰ বাবে আদিল খান দুৰানীক বিয়া কৰায়, কিন্তু ২০২৩ চনত দম্পতীহালৰ বিবাহ বিচ্ছেদ হয়।

লগতে, দুয়োৰে বিবাহ আৰু বিবাহ বিচ্ছেদক লৈ যথেষ্ট বিতৰ্ক হৈছিল।ইয়াৰ পিছত, অভিনেত্ৰী গৰাকীয়ে তৃতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হ’বলৈ ওলাইছে বুলি খবৰ পোৱা গৈছে।

কিন্তু আচৰিত কথাটো হ’ল যে এইবাৰ অভিনেত্ৰী গৰাকীয়ে ভাৰতত নহয়, পাকিস্তানত বিয়া হোৱাৰ কথা ভাবি আছে।পাকিস্তানী অভিনেতা-প্ৰযোজক ডোডি খানে ৰাখীক বিবাহৰ বাবে প্ৰস্তাৱ দিছিল।

এতিয়া এক বিশেষ বাৰ্তালাপত, ৰাখীয়ে ডোডিৰ সৈতে বিবাহৰ উৰাবাতৰিৰ বিষয়ে কৈছিল।তেওঁ কৈছিল যে তেওঁ ডোডিৰ বিবাহৰ প্ৰস্তাৱটো বিবেচনা কৰিব পাৰে আৰু পাকিস্তানৰ বোৱাৰী হোৱাৰ কথা ভাবি আছে।

ৰাখীয়ে ক’লে, ‘হয়, এইটো সঁচা যে মই লাহোৰলৈ আহিছো। হানিয়াৰ আমিৰৰ সৈতে কিছু কাম আছে। সেইকাৰণে মই ইয়ালৈ আহিছিলো।”

তেওঁ লগতে কয় যে “যেতিয়া মানুহে দেখিলে যে মই পাকিস্তান আহিছো , ডোডিজী, যি মোৰ এজন ভাল বন্ধু, মোক বিবাহৰ প্ৰস্তাৱ দিছিল।মই তেওঁৰ প্ৰস্তাৱটো বহুত ভাল পাইছিলো আৰু এতিয়া মই ভাবি আছোঁ যে মই পাকিস্তানৰ বোৱাৰী হোৱা উচিত”।

দৰাচলতে ডোডি খানে তেওঁৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁ ধেমেলীয়াকৈ ৰাখীক সুধিছিলযে , ‘ বৰযাত্ৰী লৈ ভাৰত আহিব নে ডুবাই ? তোমাক ভাল পাওঁ।” এই ভিডিঅ’টোৰ পিছত, ৰাখীৰ তৃতীয় বিবাহৰ বিষয়ে আলোচনা আৰম্ভ হৈছে। অৱশ্যে, ৰাখীয়ে এতিয়ালৈকে এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই।