ববি দেউলে সম্পূৰ্ণৰূপে ত্যাগ কৰিলে সুৰা
ববি দেউলে কেৰিয়াৰৰ দ্বিতীয় ইনিংছত অভিনয়েৰে মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।শেহতীয়াকৈ তেওঁক আৰিয়ান খানৰ পৰিচালনাৰে নিৰ্মিত ‘দ্য বেডছ অৱ বলীউড’ ছবিখনত দেখা গৈছিল।ধাৰাবাহিকখনত তেওঁৰ বলিষ্ঠ অভিনয়ৰ বাবে অতিশয় প্ৰশংসা কৰা হৈছিল।
দেওবাৰে এটা সাক্ষাৎকাৰ অভিনেতা গৰাকীয়ে কয় যে, তেওঁ মদ সম্পূৰ্ণৰূপে ত্যাগ কৰিছে আৰু ইয়াৰ ফলত তেওঁৰ জীৱন উন্নত হৈছে।
তেওঁ কয় যে,’হয়, মই বাদ দিছো আৰু ই মোক সঁচাকৈয়ে সহায় কৰিছে।প্ৰতিজন ব্যক্তিৰ জিন বেলেগ বেলেগ আৰু যিকোনো ধৰণৰ নিচাই আপোনাক কেনেদৰে প্ৰভাৱিত কৰিব পাৰে কোনেও বুজি নাপায়।কিছুমান মানুহৰ এনে জিন থাকে যিয়ে আপোনাক বস্তুৰ প্ৰতি আসক্ত কৰি তোলে।’
এই পৰিৱৰ্তনক ব্যক্তিগত সিদ্ধান্ত বুলি অভিহিত কৰি ববিয়ে কয়,’জীৱনত বাৰে বাৰে এনে সুযোগ নাপায়।এই মাতটো ভিতৰৰ পৰা আহিব লাগে’।
‘মদ্যপান ত্যাগ কৰাৰ পিছৰে পৰা যেন মই এজন ভাল মানুহ হৈ পৰিছো।আৰু মই অনুভৱ কৰোঁ যে মোৰ চিনাকি সকলোৰে সৈতে এতিয়া মোৰ সম্পৰ্ক ১০০ গুণ ভাল হৈছে।”
লগতে পঢ়ক: ছলমান খানৰ মন্তব্যক লৈ ক্ষুব্ধ পাকিস্তান; ভাইজানক সন্ত্ৰাসবাদী ঘোষণা









