শ্ৰেণীকোঠাত থকাৰ সময়তে হঠাৎ প্ৰচণ্ড শব্দ
ৰাজস্থানৰ ঝালাৱাৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শ্ৰেণীকোঠাত পাঠদান চলি থকাৰ সময়তে ভাঙি পৰিল বিদ্যালয়ৰ ভৱন।
ঘটনাটোৰ ফলত বৰ্তমানলৈকে ৪ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে বহু শিশু আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।দুৰ্ঘটনাৰ পিছত ১৭টা শিশু আহত হোৱাৰ তথ্য পোহৰলৈ আহিছে।
বহু শিশু গুৰুতৰভাৱে আহত হৈছে।ঝলাৱৰ জিলাৰ মনোহৰ থানা এলেকাৰ পিপলোডীস্থিত চৰকাৰী উচ্চ প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে ঘটনাটো।
ভৱনটো খহি পৰাৰ ফলত শ্ৰেণীকোঠাত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকল তাৰ তলত আবদ্ধ হৈ পৰিল।তথ্য অনুসৰি শ্ৰেণীটোত প্ৰায় ৬০টা শিশু উপস্থিত আছিল, ইয়াৰে ২৫টা আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।
বিদ্যালয়ৰ ভৱন ভাঙি পৰাৰ পিছত ততাতৈয়াকৈ অঞ্চলটোৰ ৰাইজে তাত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই। বৰ্তমানেও ধ্বংসাৱশেষৰ তলত পুতি খাই থকা শিশুকেইটাক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে ।
ঝলাৱাৰৰ আৰক্ষী অধীক্ষক অমিত কুমাৰে কয় যে চাৰিটা শিশু নিহত হোৱাৰ লগতে ১৭টা শিশু আহত হৈছে।দহটা শিশুক ঝলাৱাৰলৈ প্ৰেৰণ কৰা হৈছে, ইয়াৰে তিনিৰ পৰা চাৰিটা শিশুৰ অৱস্থা গুৰুতৰ।
আৰক্ষীয়ে জনোৱা মতে, শিক্ষক-শিক্ষয়িত্ৰী আৰু গাঁওবাসীৰ সহায়ত শিশুকেইটাক ধ্বংসাৱশেষৰ পৰা উলিয়াই আনিছে।
লগতে পঢ়ক: মণিপুৰত বৃদ্ধি পালে ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ; পুনৰ ৬ মাহলৈ বৃদ্ধি