পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী কাৰ্যালয়ত অব্যাহত আছে উচ্চ পৰ্যায়ৰ ধাৰাবাহিক বৈঠক । সোমবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কেইবাখনো বৈঠক অনুষ্ঠিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । লোকসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ পি এম অ’ত উপস্থিত হয় । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাহুল গান্ধীৰ বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে আৰু এই বৈঠক চি বি আইৰ নতুন মুৰব্বী নিৰ্বাচনৰ সন্দৰ্ভতো হ’ব পাৰে বুলি জল্পনা-কল্পনা কৰা হৈছে । অৱশ্যে পহলগাম আক্ৰমণ সন্দৰ্ভতো দুয়োগৰাকী নেতাই আলোচনা কৰিব পাৰে বুলিও চৰ্চা চলিছে ।
চি বি আইৰ সঞ্চালক নিৰ্বাচনৰ কমিটীত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্য ন্যায়াধীশ আৰু লোকসভাৰ বিৰোধী দলপতি । বৰ্তমানৰ চি বি আই সঞ্চালক প্ৰবীণ সুদৰ কাৰ্যকাল ২০২৫ চনৰ ২৫ মে’ত শেষ হ’ব ।
প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে ডোভালে-
ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । দুয়োৰে মাজত চমু বাৰ্তালাপৰ অন্তত ডোভাল ওলাই আহে আৰু ইয়াৰ পিছতে গৃহ সচিব গোবিন্দ মোহনে পি এম অ’ত উপস্থিত হৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে । পি এম অ’ত অবিৰত ৰাউণ্ডৰ বৈঠক চলি থকাৰ সময়তে শীঘ্ৰেই ডাঙৰ কোন ঘটনা হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ।
সোমবাৰে বিয়লি চাউথ ব্লকৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেতিয়াৰ পৰাই ধাৰাবাহিকভাৱে বৈঠক চলি আছে । ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।
প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ প্ৰতিৰক্ষা সচিবৰ-
ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে । জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে অহৰহ সমগ্ৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে । প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিষয়টোক লৈ তিনিও সেনাৰ মুৰব্বীৰ সৈতেও এক বৈঠকত মিলিত হৈছে ।
অনুমান কৰা হৈছে যে সোমবাৰে অনুষ্ঠিত এই বৈঠকৰ সময়ত প্ৰতিৰক্ষা সচিবে প্ৰধানমন্ত্ৰীক শেহতীয়া পৰিস্থিতি আৰু সামৰিক প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে ।
ভাৰত-জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক-
ইফালে সোমবাৰে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে নতুন দিল্লীত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ কৰে । ইয়াৰ পূৰ্বে দেওবাৰে ভাৰতীয় বায়ুসেনাৰ এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙে প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী বাসগৃহত সাক্ষাৎ কৰে । অনুমান কৰা হৈছে যে বায়ুসেনাৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰীক সাম্প্ৰতিক পৰিস্থিতি আৰু বায়ুসেনাৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে । এই বৈঠক প্ৰায় ৪০ মিনিট ধৰি চলিছিল । ইফালে শনিবাৰে নৌসেনাৰ মুৰব্বীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে ।
উল্লেখ্য যে, সোমবাৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নাকাটানীৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকৰ সময়ত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰতলৈ সমৰ্থন আগবঢ়ায় ।