পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত অঘটন
ওড়িশাৰ পুৰীৰ বিখ্যাত গুণ্ডিচা মন্দিৰৰ সমীপত জগন্নাথ ৰথ যাত্ৰাৰ সময়ত এক ভয়াবহ ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু হয় । দেওবাৰে পুৱা ৪ বজাৰ পৰা ৫ বজাৰ ভিতৰত সংঘটিত হয় এই দুৰ্ঘটনা । এই সময়ত সহস্ৰাধিক ভক্ত উপস্থিত আছিল । আনহাতে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে চৰকাৰে ।
পুৰীৰ গুণ্ডিচা মন্দিৰৰ সমীপত দেওবাৰে বাৰ্ষিক জগন্নাথ ৰথ যাত্ৰাৰ সময়ত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱাত কমেও ৩ জন লোকৰ মৃত্যু হৈছে আৰু ৫০ জনৰো অধিক ভক্ত আহত হয় । আজি পুৱা ৪ বজাৰ পৰা ৫ বজাৰ ভিতৰত মন্দিৰ দৰ্শন কৰিবলৈ বহু ভক্ত উপস্থিত হোৱাৰ পিছতে এই ঘটনা সংঘটিত হয় ।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ঘটনাস্থলীৰ সমীপত ইতিমধ্যে বৃহৎ জনসমাগম হৈছিল । কিন্তু হঠাতে দুখন ট্ৰাকে সেই স্থানত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাত সংঘটিত হয় এই ঘটনা । সংকীৰ্ণ ঠাই, আৰক্ষীৰ পৰ্যাপ্ত উপস্থিতি নথকাৰ অভিযোগ আৰু ৰথৰ কাষত কলগছ সিঁচৰতি হোৱাৰ বাবে পৰিস্থিতি অধিক বেয়া হৈ পৰে ।
ওড়িশা চৰকাৰে এই ঘটনাক লৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আইন মন্ত্ৰী পৃথ্বীৰাজ হৰিচন্দনে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে । এই ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ বিষয়টোৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্তৰ কথা ঘোষণা কৰে চৰকাৰে । মন্ত্ৰীগৰাকীয়ে এই ভয়াবহতাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে সম্যক তদন্ত আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে ।
লগতে পঢ়ক : পুৰী, আহমেদাবাদ আৰু দীঘা; আজিৰে পৰা আৰম্ভ ভগৱান জগন্নাথৰ ৰথযাত্ৰা