ৰথ যাত্ৰাত ৩ জন লোকৰ মৃত্যুক লৈ ওড়িশা চৰকাৰৰ বৃহৎ এক্সন…

ৰথ যাত্ৰাত ৩ জন লোকৰ মৃত্যুক লৈ চৰকাৰৰ বৃহৎ এক্সন

ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ সময়ত পুৰীত সংঘটিত হোৱা কৰুণ দুৰ্ঘটনাৰ পিছতে ওড়িশা চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি পুৰীৰ ডি এম আৰু এছ পিক বদলি কৰিছে । উল্লেখ্য যে দেওবাৰে পুৱা প্ৰায় ৪:৩০ বজাত শ্ৰী গুণ্ডিচা মন্দিৰৰ সন্মুখত সমবেত হোৱা বিপুল জনসমাগমৰ মাজত দৌৰা-দৌৰিৰ সৃষ্টি হয় । এই ঘটনাত তিনি ভক্তৰ মৃত্যু হোৱাৰ লগতে আহত হয় ৫০ জনৰো অধিক লোক ।

ঘটনাৰ পিছতে পৰিস্থিতিৰ ভয়াৱহতা বিবেচনা কৰি ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে তেওঁৰ দুয়োজন উপ-মুখ্যমন্ত্ৰীৰ সৈতে জৰুৰী বৈঠক আহ্বান কৰে । এই দুৰ্ঘটনাৰ বাবে জগন্নাথ ভক্তসকলৰ ওচৰত ক্ষমা বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই গাফিলতি ক্ষমা কৰিব নোৱাৰা বুলিও তেওঁ কয় আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে ।

এছ পি-ডি এম বদলি-

বৃহৎ নিৰাপত্তাৰ বিসংগতিৰ পৰিপ্ৰেক্ষিতত পুৰিৰ এছ পি বিনীত আগৰৱাল আৰু ডি এম সিদ্ধাৰ্থ শংকৰ শ্বোৱাইনক তৎক্ষণিকভাৱে বদলি কৰা হৈছে । এতিয়া পুৰীৰ নতুন আৰক্ষী অধীক্ষক হ’ব পিনাক মিশ্ৰ, যি বৰ্তমান এ ডি জি ক্ৰাইমৰ পদত আছে । ইয়াৰ পূৰ্বেও তেওঁ পুৰীত এছ পি আছিল । একে সময়তে চঞ্চল ৰানাক পুৰীৰ নতুন ডি এম হিচাপে নিযুক্তি দিয়া হৈছে ।

মৃতকৰ পৰিয়াললৈ ২৫ লাখ টকাৰ আৰ্থিক সাহায্য-

মুখ্যমন্ত্ৰীয়ে ইয়াক ‘অক্ষমনীয় গাফিলতি’ বুলি অভিহিত কৰাৰ লগতে দুজন আৰক্ষী বিষয়া- ডি চি পি বিষ্ণু পাতি আৰু কমাণ্ডেণ্ট অজয় ​​পাধিক নিলম্বন কৰাৰ নিৰ্দেশো জাৰি কৰিছে । উন্নয়ন আয়ুক্তৰ তত্বাৱধানত এই বিষয়টোৰ প্ৰশাসনিক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী মাঝিয়ে দিছে । মৃতকৰ পৰিয়াললৈ ২৫ লাখ টকাৰ আৰ্থিক সাহায্যও ঘোষণা কৰিছে চৰকাৰে ।

লগতে পঢ়ক : পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত অঘটন; গুণ্ডিচা মন্দিৰৰ সমীপত পদপিষ্ট হৈ ৩ জনৰ মৃত্যু

পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত অঘটন; গুণ্ডিচা মন্দিৰৰ সমীপত পদপিষ্ট হৈ ৩ জনৰ মৃত্যু

পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত অঘটন

ওড়িশাৰ পুৰীৰ বিখ্যাত গুণ্ডিচা মন্দিৰৰ সমীপত জগন্নাথ ৰথ যাত্ৰাৰ সময়ত এক ভয়াবহ ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু হয় । দেওবাৰে পুৱা ৪ বজাৰ পৰা ৫ বজাৰ ভিতৰত সংঘটিত হয় এই দুৰ্ঘটনা । এই সময়ত সহস্ৰাধিক ভক্ত উপস্থিত আছিল । আনহাতে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে চৰকাৰে ।

পুৰীৰ গুণ্ডিচা মন্দিৰৰ সমীপত দেওবাৰে বাৰ্ষিক জগন্নাথ ৰথ যাত্ৰাৰ সময়ত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱাত কমেও ৩ জন লোকৰ মৃত্যু হৈছে আৰু ৫০ জনৰো অধিক ভক্ত আহত হয় । আজি পুৱা ৪ বজাৰ পৰা ৫ বজাৰ ভিতৰত মন্দিৰ দৰ্শন কৰিবলৈ বহু ভক্ত উপস্থিত হোৱাৰ পিছতে এই ঘটনা সংঘটিত হয় ।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ঘটনাস্থলীৰ সমীপত ইতিমধ্যে বৃহৎ জনসমাগম হৈছিল । কিন্তু হঠাতে দুখন ট্ৰাকে সেই স্থানত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাত সংঘটিত হয় এই ঘটনা । সংকীৰ্ণ ঠাই, আৰক্ষীৰ পৰ্যাপ্ত উপস্থিতি নথকাৰ অভিযোগ আৰু ৰথৰ কাষত কলগছ সিঁচৰতি হোৱাৰ বাবে পৰিস্থিতি অধিক বেয়া হৈ পৰে ।

ওড়িশা চৰকাৰে এই ঘটনাক লৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আইন মন্ত্ৰী পৃথ্বীৰাজ হৰিচন্দনে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে । এই ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ বিষয়টোৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্তৰ কথা ঘোষণা কৰে চৰকাৰে । মন্ত্ৰীগৰাকীয়ে এই ভয়াবহতাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে সম্যক তদন্ত আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক : পুৰী, আহমেদাবাদ আৰু দীঘা; আজিৰে পৰা আৰম্ভ ভগৱান জগন্নাথৰ ৰথযাত্ৰা