মণিপুৰত বৃদ্ধি পালে ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ
মণিপুৰত পুনৰ ৬ মাহৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধি কৰা হৈছে।আৰু এতিয়া ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰীলৈকে চলিব এই ৰাষ্ট্ৰপতি শাসন।
মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ মাত্ৰ তিনিদিন পিছতে কেন্দ্ৰীয় চৰকাৰে ১৩ ফেব্ৰুৱাৰীত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিছিল।ইয়াৰ পিছত দ্বিতীয়বাৰৰ বাবে আকৌ বৃদ্ধি কৰা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত ইয়াৰ অনুমোদন বিচাৰিছিল।কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল ৰাষ্ট্ৰপতিৰ শাসন পুনৰ কিয় বৃদ্ধি কৰা হ’ল।
এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে, কাৰণ মণিপুৰৰ পৰিস্থিতি এতিয়াও সম্পূৰ্ণ স্বাভাৱিক নহয়।২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত তেতিয়াৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পিছত তাত ৰাষ্ট্ৰপতিৰ শাসন দিয়া হয়।এতিয়া ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰাৰ বাবে সংসদৰ অনুমোদন বিচৰা হৈছে।
লগতে পঢ়ক: ভাৰত আৰু ব্ৰিটেইনৰ মাজত চুক্তি ; কাপোৰৰ পৰা জোতালৈকে বহু বস্তু হ’ব সস্তা