প্ৰীতি জিন্টা
বলীউডৰ প্ৰবীণ অভিনেত্ৰী প্ৰীতি জিন্তা য়ে অভিনয় কৰা ছবিৰ নাম প্ৰায়ে চিনেমাপ্ৰেমীৰ মাজত চৰ্চিত হৈ আহিছে। আই পি এল ক্ৰিকেট দলৰ মালিকোৰ তালিকাটো অভিনেত্ৰী গৰাকীৰ নাম অন্তৰ্ভুক্ত হৈছে।
প্ৰতিটো ধৰণৰ ঘটনাৰ ওপৰত মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰাৰ বাবেও তেওঁ পৰিচিত। এতিয়া এটা খবৰ আহিছে যে তেওঁ শ্বহীদ সেনা জোৱানৰ পত্নীৰ বাবে বিপুল পৰিমাণৰ ধন আগবঢ়াইছে।
প্ৰীতি জিন্টা ই অপাৰেচন সিন্দূৰৰ অধীনত আৰ্মি ৱাইভছ ৱেলফেয়াৰ এছ’চিয়েশ্যন (AWWA)লৈ ১.১০ কোটি টকাৰ অনুদান আগবঢ়াইছে। অভিনেত্ৰীগৰাকীয়ে ধনৰাশি পঞ্জাব কিংছৰ চি এছ আৰ পৰা এই ধন আগবঢ়াইছে।
জয়পুৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত আৰ্মি কমাণ্ডাৰ চাউথ ৱেষ্ট কমাণ্ড, সপ্ত শক্তি AWWA ৰ আঞ্চলিক সভাপতি আৰু সেনা পৰিয়ালে অংশগ্ৰহণ কৰে।
জয়পুৰত এক অনুষ্ঠানৰ সময়ত প্ৰীতি জিন্টা ই কয়-‘এই অনুদানৰ উদ্দেশ্য হৈছে বীৰ নাৰীসকলক শক্তিশালী কৰা আৰু তেওঁলোকৰ সন্তানৰ শিক্ষাত সহায় কৰা’।
‘আমাৰ সশস্ত্ৰ বাহিনীৰ সাহসী পৰিয়ালক কিবা এটা দিয়াটো এক সন্মান আৰু দায়িত্ব দুয়োটাই । আমাৰ সৈন্যসকলে কৰা ত্যাগৰ সঁচা অৰ্থত কেতিয়াও প্ৰতিদান কৰিব নোৱাৰি, কিন্তু আমি তেওঁলোকৰ পৰিয়ালৰ সৈতে থিয় হৈ তেওঁলোকৰ আগন্তুক যাত্ৰাত সহায় কৰিব পাৰো।’
প্ৰীতি জিন্টা ই আৰু কয়, ‘ভাৰতৰ সশস্ত্ৰ বাহিনীক লৈ আমি অতি গৌৰৱান্বিত আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাক আমি আমাৰ অটল সমৰ্থন আগবঢ়াইছো। আমি জাতি আৰু আমাৰ বীৰ শক্তিৰ সৈতে ঐক্যবদ্ধ হৈ থিয় দিছো।’
বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি জিন্টাৰ এই বৃহৎ পদক্ষেপে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়ক:‘শুভমন গীল ৰ বাবে অধিনায়কত্ব কঠিন প্ৰত্যাহ্বান’; দলৰ বাহিৰত থকা পূজাৰাৰ ডাঙৰ মন্তব্য