যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত প্ৰজ্বল ৰেভান্না
কৰ্ণাটকৰ বিশেষ আদালতে ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱা জনতা দল চেকুলাৰৰ নেতা তথা প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্নাক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে । তথ্য অনুসৰি বিশেষ আদালতৰ ন্যায়াধীশ সন্তোষ গজনন ভাটে এই শাস্তি ঘোষণা কৰে । প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে ৪টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল । এই গোচৰ হাছান জিলাৰ ৰেভান্নাৰ পৰিয়ালৰ গণিকাডা ফাৰ্ম হাউচত ঘৰুৱা সহায়ক হিচাপে কাম কৰা এগৰাকী ৪৮ বছৰীয়া মহিলাৰ সৈতে জড়িত ।
প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে কি অভিযোগ-
প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি ৰেভান্নাক ২০২১ চনত হাছানৰ তেওঁৰ ফাৰ্ম হাউচ আৰু বাংগালুৰুৰ ঘৰত দুবাৰকৈ মহিলাগৰাকীক ধৰ্ষণ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছিল । লগতে তেওঁৰ মোবাইল ফোনতো ৰেকৰ্ডিং কৰে এই কাৰ্য্য । লগতে এই বিষয়ে মহিলাগৰাকীয়ে কাৰোবাক কলে ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিছিল ৰেভান্নাই ।
বিশেষ চৰকাৰী উকীল অশোক নায়কে কয় যে বিচাৰ বিভাগে ২৬ জন সাক্ষীৰ বক্তব্য লৈ ১৮০ টা নথি দাখিল কৰিছিল । মূল প্ৰমাণ আছিল ভুক্তভোগীৰ, যিটো আছিল অতি বিশ্বাসযোগ্য । গোচৰটোৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলটোৱে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ১৬৩২ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল । ইয়াত ১১৩ জন সাক্ষীৰ বক্তব্য সন্নিবিষ্ট কৰা হৈছিল ।
২০২৪ চনৰ ২৬ এপ্ৰিলত হাছানত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰজ্বল ৰেভান্নাৰ সৈতে জড়িত পৰ্ণগ্ৰাফিক ভিডিঅ’ থকা পেন ড্ৰাইভ প্ৰচাৰ হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ লগে লগে বিষয়টো পোহৰলৈ আহে ।
২০২৪ বৰ্ষৰ ৩১ মে’ত জাৰ্মানীৰ পৰা বাংগালুৰু বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত প্ৰজ্বল ৰেভান্নাক এছ আই টিয়ে গ্ৰেপ্তাৰ কৰিছিল । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত হাছান সংসদীয় সমষ্টিত পৰাস্ত হৈছিল ৰেভান্না । তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ পিছতে তেওঁক দলৰ পৰা নিলম্বন কৰা হয় ।
লগতে পঢ়ক : ‘ভোটাৰ তালিকাত নিজৰ নাম ভালদৰে পৰীক্ষা কৰক’… তেজস্বী যাদৱৰ অভিযোগৰ উত্তৰ নিৰ্বাচন আয়োগৰ