ভাৰতৰ বাহিৰেও ২০২৫ৰ এছিয়া কাপ জয়ৰ শক্তিশালী দাবীদাৰ এই তিনি দেশ
এছিয়া কাপৰ ৰোমাঞ্চ আৰম্ভ হ’বলৈ কিছু ক্ষণ বাকী । ৯ ছেপ্টেম্বৰৰ তথা কাইলৈৰ পৰা আৰম্ভ হ’বলগা এই প্ৰতিযোগিতাত আঠটা দলে অংশগ্ৰহণ কৰিব । ২৮ ছেপ্টেম্বৰলৈকে চলিব এই প্ৰতিযোগিতা । ভাৰত এই প্ৰতিযোগিতাৰ ডিফেণ্ডিং চেম্পিয়ন আৰু এইবাৰো সূৰ্য কুমাৰ যাদৱৰ নেতৃত্বাধীন দলটোৱে এছিয়া কাপৰ খিতাপ জয় কৰিবলৈ খেলপথাৰত নামিব । আনহাতে বাংলাদেশ, আফগানিস্তান আদি দলে প্ৰথমবাৰৰ বাবে ট্ৰফী জয় কৰাৰ উদ্দেশ্যেৰে খেলপথাৰত প্ৰৱেশ কৰিব । এই প্ৰতিযোগিতাত ৮টা দল আছে- ভাৰত, পাকিস্তান, ওমান, ইউ এ ই, শ্ৰীলংকা, আফগানিস্তান, বাংলাদেশ আৰু হংকং । জানক দল আৰু ফৰ্মৰ ভিত্তিত কোন ৩টা দল এইবাৰ এছিয়া কাপ জয়ৰ বাবে শক্তিশালী দাবীদাৰ ।
সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টিম ইণ্ডিয়াই ডিফেণ্ডিং চেম্পিয়ন হিচাপে খেলিব । ভাৰতীয় দলৰ ফৰ্ম উৎকৃষ্ট, বিগত ৪০ খন টি-২০ মেচৰ ভিতৰত ৩৫ খন খেলত জয়লাভ কৰিছে দলটোৱে । টি-২০ ৰেংকিঙত টিম ইণ্ডিয়া প্ৰথম স্থানত থকাৰ বিপৰীতে সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত থকা ভাৰতীয় দলটো বিগত এবছৰত কোনো টি-২০ শৃংখলাত পৰাস্ত হোৱা নাই । দলটোত হাৰ্দিক পাণ্ডিয়া, শুভমন গীল, যশপ্ৰীত বুমৰাহৰ দৰে শীৰ্ষ খেলুৱৈয়ে ভাৰতক এছিয়া কাপ জয়ৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে প্ৰমাণ কৰি আছে ।
শ্ৰীলংকা-
৬ বাৰৰ এছিয়া কাপ চেম্পিয়ন শ্ৰীলংকাও এই দাবীত পিছ পৰি থকা নাই । দলটোৱে ২০২২ চনৰ খিতাপ জয়ৰ পুনৰাবৃত্তিৰ চেষ্টা কৰিব । দলত পাথুম নিশাংকা, কুছাম মেণ্ডিছ, কামিন্দু মেণ্ডিছৰ দৰে শক্তিশালী বেটছমেন থকাৰ বাবে শ্ৰীলংকা আন কোনো দলতকৈ কম নহয় । একে সময়তে অধিনায়ক চৰিথ আছলংকাইও দলটোক অতি সুন্দৰ নেতৃত্ব দি আহিছে । এছিয়া কাপৰ সপ্তমটো খিতাপ জয়ৰ বাবে শ্ৰীলংকাও ডাঙৰ প্ৰতিদ্বন্দ্বী ।
বাংলাদেশ-
লিটন দাসে বাংলাদেশ টি-২০ দলৰ অধিনায়ক হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা দলটোৰ প্ৰদৰ্শন উন্নত হৈছে । বাংলাদেশ টি-২০ ৰেংকিঙত দশম স্থানৰ দল হ’ব পাৰে, কিন্তু লিটন দাসৰ অধিনায়কত্বত দলটোৱে বিগত ৮ খন টি-২০ মেচত মাত্ৰ এবাৰহে পৰাস্ত হৈছে । বাংলাদেশে বিগত সময়তো অঘটন ঘটাই আহিছে, এইবাৰ ভাল ফৰ্মে খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰিছে । ইয়াৰ উপৰিও ২০১২ আৰু ২০১৮ এছিয়া কাপৰ ফাইনেল খেলিছে দলটোৱে ।
পাকিস্তান-
কেইমাহমান আগলৈকে পাকিস্তানৰ দলটোৰ অৱস্থা আছিল অতি বেয়া । অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, নিউজীলেণ্ড আৰু তাৰ পিছত বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাত পৰাস্ত হৈছে দলটো । কিন্তু ছলমান আঘা অধিনায়ক হোৱাৰ পাছত দলটোৰ টি-২০ মেচৰ ফলাফল কিছু উন্নত হৈছে । পাক দলটোৱে যোৱা চাৰিখন টি-২০ ছিৰিজৰ ভিতৰত তিনিটা জয় লাভ কৰাৰ লগতে শেহতীয়াকৈ আধিপত্য বিস্তাৰ কৰি ট্ৰাই ছিৰিজত জয়লাভ কৰিছে । বিশেষকৈ বাওঁহতীয়া স্পীনাৰ মহম্মদ নৱালে ট্ৰাই ছিৰিজত ১০টা উইকেট দখল কৰি আপ্লুত কৰে । ইউ এ ইৰ খেলপথাৰত তেওঁৰ পৰা পাক দলৰ বহু আশা থাকিব ।
লগতে পঢ়ক : ‘প্ৰতিজন খেলুৱৈয়ে লাভ কৰিব ৩ লাখ টকাৰ পুৰস্কাৰ…’; ভাৰতীয় হকী দলটোক অভিনন্দন প্ৰধানমন্ত্ৰী মোদী