অপাৰেচন শিৱ শক্তিৰ অধীনত ২টা সন্ত্ৰাসবাদীক হত্যা
জম্মু-কাশ্মীৰত অব্যাহত আছে ভাৰতীয় সেনাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান । জম্মু-কাশ্মীৰৰ পুঞ্চত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় এক সংঘৰ্ষ । আজি পুৱা পুঞ্চ অঞ্চলত সেনা বাহিনীয়ে দুটাকৈ সন্ত্ৰাসবাদীক ঘেৰাও কৰে । ইয়াৰ পিছত দুয়ো পক্ষৰ মাজত গুলীয়াগুলি সংঘটিত হয় । এই সংঘৰ্ষত সেনাৰ গুলীত দুয়োটা সন্ত্ৰাসবাদী নিহত হয় । ভাৰতীয় সেনাই অপাৰেচন শিৱ শক্তিৰ অধীনত এই অভিযান চলাইছিল ।
মঙলবাৰে গভীৰ নিশা ডেগৱাৰ ছেক্টৰৰ মালদিভালান অঞ্চলত সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা সেনা জোৱানসকলে দেখা পাইছিল । ইয়াৰ পিছতে আৰম্ভ হয় সংঘৰ্ষ । এই এনকাউণ্টাৰৰ সময়তে দুটা সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে সেনাই । পুৱা ৫:৩০ বজাত নিৰাপত্তাৰক্ষীয়ে এই সন্ত্ৰাসবাদী দুটাক হত্যা কৰে । ধাৰাসাৰ বৰষুণ হৈ থকাত সন্ত্ৰাসবাদী দুটাৰ মৃতদেহ উদ্ধাৰ হোৱাত পলম হয় ।
অপাৰেচন শিৱ শক্তিৰ অধীনত বিগত ৭২ ঘন্টাত জম্মু-কাশ্মীৰত দুটাকৈ এনকাউণ্টাৰত ৫টাকৈ সন্ত্ৰাসবাদী নিহত হৈছে । ইয়াৰ পূৰ্বে সোমবাৰে জম্মু-কাশ্মীৰত এক বৃহৎ অভিযানত নিৰাপত্তা বাহিনীয়ে ৩টা সন্ত্ৰাসবাদীক হত্যা কৰে । এই সন্ত্ৰাসবাদীৰ ভিতৰত এটা আছিল লস্কৰ-ই-তৈবাৰ কামাণ্ডাৰ চুলেমান । ইয়াৰ উপৰিও আফগান আৰু জিব্ৰাণো আছিল লস্কৰৰ ‘এ’ গ্ৰেডৰ সন্ত্ৰাসবাদী । পহলগাম আৰু গগাংগীৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত আছিল সন্ত্ৰাসবাদী চুলেমান । ভাৰতীয় সেনাই ‘অপাৰেচন মহাদেৱ’ৰ অধীনত এই ৩টা সন্ত্ৰাসবাদীক হত্যা কৰে ।
লগতে পঢ়ক : সদনত ভাৰতৰ পক্ষ দাঙি ধৰিবলৈ থিয় দিছো… বিৰোধীৰ সমালোচনাৰ তীব্ৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ