প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ভাৰতীয় সশস্ত্ৰ বাহিনীক ‘অপাৰেচন সিন্দুৰ’ৰ বাবে প্ৰশংসা কৰে । উল্লেখ্য যে, ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ কৰে । এই সময়ছোৱাত ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰা হয় । পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰিবলৈ ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ হোৱাৰ কিছু ঘণ্টাৰ পিছতে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হয় ।
কেবিনেটক অপাৰেচন সিন্দুৰৰ বিষয়ে অৱগত কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । ইয়াৰ পিছত সমগ্ৰ কেবিনেটে প্ৰধানমন্ত্ৰীৰ এই কাৰ্য আৰু নেতৃত্বক শলাগ লয় । অনুমান কৰা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়েও কয় যে তেওঁৰ চৰকাৰৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা থাকিব । জানিব পৰা মতে প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা মন্ত্ৰী আৰু এন এছ এ অজিত ডোভালক পৃথকে পৃথকে সাক্ষাৎ কৰি সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয় ।
উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰত মঙলবাৰ আৰু বুধবাৰৰ মাজ নিশা ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই । ইয়াৰ ভিতৰত বাহাৱালপুৰৰ জয়ছ-ই-মহম্মদৰ শিবিৰ আৰু মুৰিদকেৰ লস্কৰ-ই-তৈবাৰ আত্মগোপন স্থানো আছে । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে পহলগাম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ উদ্দেশ্য, পদ্ধতি আৰু সময় সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ সশস্ত্ৰ বাহিনীক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছিল ।