মণিপুৰৰ পৰা সুশীলা কাৰ্কীক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ
শনিবাৰে মণিপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুবছৰ ধৰি জাতিগত হিংসাৰ জুইত জ্বলি থকা প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম মণিপুৰ ভ্ৰমণ । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ সৈতে জড়িত বহু প্ৰকল্পৰ কথা ঘোষণা আৰু আৰম্ভ কৰাৰ সময়তে চুবুৰীয়া দেশ নেপালৰ শেহতীয়া ৰাজনৈতিক পৰিঘটনা আৰু দেশখনত গঠন হোৱা নতুন অন্তৱৰ্তীকালীন চৰকাৰৰ কথাও প্ৰথমবাৰৰ বাবে উল্লেখ কৰে ।
সুশীলা কাৰ্কীক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ-
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নেপাল ভাৰতৰ অতি ঘনিষ্ঠ বন্ধু আৰু দুয়োখন দেশৰ সম্পৰ্কক বান্ধি ৰখাৰ এক ইতিহাস আৰু সংস্কৃতি আছে । ১৪০ কোটি ভাৰতীয়ৰ হৈ নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ । প্ৰধানমন্ত্ৰী মোদীয়ে সুশীলা কাৰ্কীয়ে নেপালত “শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিব” বুলি আত্মবিশ্বাস প্ৰকাশ কৰে ।
নাৰী সবলীকৰণৰ এক উৎকৃষ্ট নিদৰ্শন সুশীলা কাৰ্কী- প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে সুশীলা কাৰ্কী নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হোৱাক নাৰী সৱলীকৰণৰ এক উৎকৃষ্ট নিদৰ্শন বুলি অভিহিত কৰে । নেপালৰ জনসাধাৰণক প্ৰশংসা কৰি তেওঁ কয় যে কঠিন আৰু অস্থিৰ পৰিস্থিতিতো তাত থকা জনসাধাৰণে গণতান্ত্ৰিক মূল্যবোধক সৰ্বোচ্চ কৰি ৰাখিছে ।
নেপালত পৰিৱৰ্তিত চিন্তা আৰু উজ্জ্বল ভৱিষ্যতৰ লক্ষণ- প্ৰধানমন্ত্ৰী মোদী
মণিপুৰত ভাষণ দিওঁতে প্ৰধানমন্ত্ৰী মোদীয়ে আন এক দিশৰ কথাও উল্লেখ কৰে । তেওঁ কয় যে যোৱা কেইদিনমানৰ পৰা নেপালৰ যুৱক-যুৱতীসকলে ৰাজপথলৈ ওলাই আহি চাফাই আৰু ৰং কৰা কাম কৰি আহিছে । এই প্ৰচেষ্টা নেপালৰ পৰিৱৰ্তিত নতুন চিন্তাধাৰা আৰু উজ্জ্বল ভৱিষ্যতৰ দিশত এক শক্তিশালী লক্ষণ । শেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ জনসাধাৰণ আৰু নতুন চৰকাৰক অভিনন্দন জ্ঞাপন কৰি কয় যে ভাৰত সদায় নেপালৰ সৈতে খোজৰ সৈতে খোজ মিলাই আগুৱাই যাব ।
লগতে পঢ়ক : নেপালত উদয় নতুন সূৰ্য্য!পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত কাঠমাণ্ডুত প্ৰত্যাহাৰ কাৰ্ফিউ