আজিৰে পৰা তিনিখন দেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী
১৫ৰ পৰা ১৯ জুনত বিদেশ ভ্ৰমণত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই সময়ছোৱাত তেওঁ চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব । অপাৰেচন সিন্দুৰৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এই প্ৰথম বিদেশ ভ্ৰমণক দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি আৰু ইউৰোপীয় সংঘ আৰু ভূমধ্যসাগৰীয় অঞ্চলৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । কানাডাত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনত অংশগ্ৰহণ কৰাৰ উপৰিও তেওঁ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে চাইপ্ৰাছত উপস্থিত হ’ব । ১৫-১৬ জুন তাৰিখৰ এই ভ্ৰমণ চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছৰ আমন্ত্ৰণত হৈছে । দুই দশকৰ পিছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমবাৰৰ বাবে চাইপ্ৰাছ ভ্ৰমণ । ৰাজধানী নিকোছিয়াত প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছৰ মাজত আলোচনা অনুষ্ঠিত হ’ব ৷ লিমাছলত উদ্যোগীসকলক সম্বোধন কৰিব তেওঁ ।
জি-৭ শীৰ্ষ সন্মিলনত একেৰাহে ষষ্ঠবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ-
ইয়াৰ পাছতে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণত ১৬-১৭ জুনত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ মাজতে কানাডাৰ কানানাস্কিছ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । জি-৭ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে একেৰাহে ষষ্ঠবাৰৰ বাবে অংশগ্ৰহণ কৰিব । এই সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে জি-৭ দেশৰ নেতা, অন্যান্য আমন্ত্ৰিত আউটৰিচ দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হ’ব । এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে শক্তি সুৰক্ষা, প্ৰযুক্তি আৰু উদ্ভাৱনকে ধৰি বিশ্বব্যাপী গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত মত বিনিময় কৰিব, বিশেষকৈ এ আই শক্তিৰ সংযোগ আৰু কোৱাণ্টামৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত । এই সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকতো অংশগ্ৰহণ কৰিব ।
ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণ-
ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকভিচৰ আমন্ত্ৰণত ১৮ জুনত ক্ৰ’ৱেচিয়ালৈ আনুষ্ঠানিক ভ্ৰমণ কৰিব । ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণ হ’ব, যিটো দ্বিপাক্ষিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব । প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী প্লেংকভিচে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব । ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰপতি জোৰাণ মিলানোভিচক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ক্ৰ’ৱেচিয়া ভ্ৰমণে ইউৰোপীয় সংঘৰ অংশীদাৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিও প্ৰকাশ কৰিব ।
লগতে পঢ়ক : ৫ দিন, ৩খন দেশ আৰু জি-৭ শীৰ্ষ সন্মিলন…; মেগা কূটনৈতিক যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ