এই দীপাৱলীত দেশবাসীয়ে পাব ডাঙৰ উপহাৰ
প্ৰধানমন্ত্ৰী মোদীয়ে আজি লালকিল্লাৰ প্ৰাচীৰৰ পৰা এটা ডাঙৰ ঘোষণা কৰি কয় যে এইবাৰ মানুহে দুগুণ দীপাৱলী উপহাৰ পাব।
পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ এক বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।লালকিল্লাত এইবাৰ দীপাৱলীত দেশবাসীয়ে এটা ডাঙৰ উপহাৰ লাভ কৰিবলৈ ওলাইছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
তেওঁ কয় যে, যোৱা আঠ বছৰত আমি জি এছ টিৰ বৃহৎ সংস্কাৰ সাধন কৰিছো।আমি লৈ আহিছো পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ। সাধাৰণ মানুহৰ প্ৰয়োজনীয়তাৰ ওপৰত কৰ যথেষ্ট হ্ৰাস পাব…। ইয়াৰ ফলত সমগ্ৰ দেশতে কৰ বোজা হ্ৰাস পাব।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত ৮ বছৰত জি এছ টিত এক বৃহৎ সংস্কাৰ কৰা হৈছে। ৮ বছৰৰ পাছত সেই সময়ৰ দাবী এই যে ইয়াৰ পৰ্যালোচনা কৰা উচিত, তাৰ পিছত আমি এখন উচ্চ ক্ষমতা পৰ্যালোচনা সমিতি গঠন কৰিলোঁ আৰু ৰিভিউ আৰম্ভ হ’ল।
লগতে ৰাজ্যসমূহৰ সৈতে আলোচনা কৰা হয়। আমি পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ লৈ আহিছো।এইবাৰ আপোনালোকৰ বাবে এই দীপাৱলী উপহাৰ হৈ পৰিব।সাধাৰণ মানুহৰ প্ৰয়োজনীয়তাৰ ওপৰত কৰ যথেষ্ট হ্ৰাস পাব।
আমাৰ এম এছ এম ই, আমাৰ ক্ষুদ্ৰ উদ্যোগসমূহে এক বৃহৎ লাভ কৰিব আৰু দৈনন্দিন সামগ্ৰী বহুত সস্তা হ’ব।তাৰ পৰা অৰ্থনীতিয়েও নতুন গতি লাভ কৰিবলৈ গৈ আছে।’
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ বাবে টাস্ক ফ’ৰ্চ গঠন কৰাৰ সিদ্ধান্ত লৈছো।এই টাস্ক ফ’ৰ্চে সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিব লাগে।
বৰ্তমানৰ নিয়ম, আইন, নীতি, প্ৰথাক একবিংশ শতিকাৰ বাবে উপযোগী, বিশ্ব পৰিৱেশৰ বাবে উপযোগী আৰু ২০৪৭ চনত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে এই টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে।
লগতে পঢ়ক: ‘১৪০ কোটি দেশবাসীৰ বাবে সংকল্পৰ উৎসৱ’; দ্বাদশবাৰৰ বাবে লালকিল্লাত পতাকা উত্তোলন প্ৰধানমন্ত্ৰী মোদীৰ