‘এই দীপাৱলীত দেশবাসীয়ে পাব ডাঙৰ উপহাৰ’; প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

এই দীপাৱলীত দেশবাসীয়ে পাব ডাঙৰ উপহাৰ

প্ৰধানমন্ত্ৰী মোদীয়ে আজি লালকিল্লাৰ প্ৰাচীৰৰ পৰা এটা ডাঙৰ ঘোষণা কৰি কয় যে এইবাৰ মানুহে দুগুণ দীপাৱলী উপহাৰ পাব।

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ এক বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।লালকিল্লাত এইবাৰ দীপাৱলীত দেশবাসীয়ে এটা ডাঙৰ উপহাৰ লাভ কৰিবলৈ ওলাইছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় যে, যোৱা আঠ বছৰত আমি জি এছ টিৰ বৃহৎ সংস্কাৰ সাধন কৰিছো।আমি লৈ আহিছো পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ। সাধাৰণ মানুহৰ প্ৰয়োজনীয়তাৰ ওপৰত কৰ যথেষ্ট হ্ৰাস পাব…। ইয়াৰ ফলত সমগ্ৰ দেশতে কৰ বোজা হ্ৰাস পাব।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত ৮ বছৰত জি এছ টিত এক বৃহৎ সংস্কাৰ কৰা হৈছে। ৮ বছৰৰ পাছত সেই সময়ৰ দাবী এই যে ইয়াৰ পৰ্যালোচনা কৰা উচিত, তাৰ পিছত আমি এখন উচ্চ ক্ষমতা পৰ্যালোচনা সমিতি গঠন কৰিলোঁ আৰু ৰিভিউ আৰম্ভ হ’ল।

লগতে ৰাজ্যসমূহৰ সৈতে আলোচনা কৰা হয়। আমি পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ লৈ আহিছো।এইবাৰ আপোনালোকৰ বাবে এই দীপাৱলী উপহাৰ হৈ পৰিব।সাধাৰণ মানুহৰ প্ৰয়োজনীয়তাৰ ওপৰত কৰ যথেষ্ট হ্ৰাস পাব।

আমাৰ এম এছ এম ই, আমাৰ ক্ষুদ্ৰ উদ্যোগসমূহে এক বৃহৎ লাভ কৰিব আৰু দৈনন্দিন সামগ্ৰী বহুত সস্তা হ’ব।তাৰ পৰা অৰ্থনীতিয়েও নতুন গতি লাভ কৰিবলৈ গৈ আছে।’

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ বাবে টাস্ক ফ’ৰ্চ গঠন কৰাৰ সিদ্ধান্ত লৈছো।এই টাস্ক ফ’ৰ্চে সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিব লাগে।

বৰ্তমানৰ নিয়ম, আইন, নীতি, প্ৰথাক একবিংশ শতিকাৰ বাবে উপযোগী, বিশ্ব পৰিৱেশৰ বাবে উপযোগী আৰু ২০৪৭ চনত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে এই টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে।

লগতে পঢ়ক: ‘১৪০ কোটি দেশবাসীৰ বাবে সংকল্পৰ উৎসৱ’; দ্বাদশবাৰৰ বাবে লালকিল্লাত পতাকা উত্তোলন প্ৰধানমন্ত্ৰী মোদীৰ

গুটখা, চিগাৰেটৰ বাঢ়িব মূল্য, GST ২৮%ৰ পৰা ৩৫% শতাংশলৈ বৃদ্ধি !

২১ ডিচেম্বৰত GST বৈঠকত এই বিষয়ত আলোচনা কৰাৰ সম্ভাৱনা আছে। পৰিষদৰ অধ্যক্ষ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ৰাজ্যসমূহৰ বিত্তমন্ত্ৰীৰ উপস্থিতিত আলোচনা হ’ব এই বিষয়। ভাৰত চৰকাৰে COLD DRINK, চিগাৰেট, গুটখা আদি হানিকাৰক সামগ্ৰী উৎপাদন কৰা কোম্পানীক ২৮% GSTৰ পৰা বৃদ্ধি কৰি ৩৫% GST বৃদ্ধি কৰাৰ যো-জা চলাই আছে। যদি এই নীতি প্ৰযোজ্য হয়, তেন্তে উৎপাদন কোম্পানীসমূহে অধিক বেছি কৰ ভৰিব লাগিব ।

বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ অধ্যক্ষতাত গঠন কৰা মন্ত্ৰী গোটটোৱেও কাপোৰৰ ওপৰত কৰ হাৰ যুক্তিসংগত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ হাৰৰ যুক্তিসংগতকৰণৰ সৈতে জড়িত পৰামৰ্শ দিবলৈ এই গোটটো গঠন কৰা হৈছিল। মন্ত্ৰী গোটৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব জি এছ টি পৰিষদে।
বৰ্তমান GST হৈছে ৫, ১২, ১৮ আৰু ২৮ শতাংশৰ স্লেব থকা চাৰিটা স্তৰৰ কৰ গাঁথনি। ইফালে, GST ক্ষতিপূৰণ চেছৰ ওপৰত গঠন কৰা চৰকাৰে নিজৰ প্ৰতিবেদন দাখিল কৰিবলৈ GST পৰিষদৰ পৰা প্ৰায় ছমাহৰ অধিক সময় বিচৰাৰ সিদ্ধান্ত লৈছে। গ্ৰুপটোৱে ৩১ ডিচেম্বৰৰ ভিতৰত GST কাউন্সিলত প্ৰতিবেদন দাখিল কৰিব লাগিব।

 ১ ডিচেম্বৰৰ দিনাই আহিল ভাল খবৰ, ১.৮২ কোটি টকালৈ বৃদ্ধি GST

মাহৰ প্ৰথম দিনটোত মোডী চৰকাৰৰ বাবে এটা ভাল খবৰ আহিছে। চৰকাৰে প্ৰকাশ কৰা GST সংগ্ৰহৰ পৰিসংখ্যা নৱেম্বৰ মাহত ৮.৫ শতাংশ বৃদ্ধি পাই ১.৮২ লাখ কোটি টকা হৈছে। ডিচেম্বৰ মাহৰ প্ৰথম দিনাই মোডী চৰকাৰৰ বাবে এটা ভাল খবৰ আহিছে।  

প্ৰথম তাৰিখতে চৰকাৰে নৱেম্বৰ মাহত সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ GST সংগ্ৰহৰ তথ্য প্ৰকাশ কৰিছে।তথ্য অনুসৰি নৱেম্বৰ মাহত GST সংগ্ৰহ ৮.৫ শতাংশ বৃদ্ধি পোৱাৰ লগতে চৰকাৰী কোষাগাৰলৈ আহিছে ১.৮২ লাখ কোটি টকা। ইয়াৰ পূৰ্বে অক্টোবৰ মাহত চৰকাৰে GST সংগ্ৰহৰ পৰা বিপুল পৰিমাণৰ ধন লাভ কৰিছিল আৰু এই অভিলেখ আছিল ১.৮৭ লাখ কোটি টকা। আনহাতে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত এই সংখ্যা আছিল ১.৭৩ লাখ কোটি টকা।
পিটিআইৰ তথ্য অনুসৰি নৱেম্বৰ মাহত চৰকাৰে ঘৰুৱা লেনদেনৰ জৰিয়তে অধিক ৰাজহ লাভ কৰিছে আৰু ইয়াৰ প্ৰভাৱ GST সংগ্ৰহ বৃদ্ধিৰ ৰূপত হ’ব
দেওবাৰে চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি কেন্দ্ৰীয় GST সংগ্ৰহ (চি এছ জি টি) ৩৪,১৪১ কোটি,  ৰাজ্যিক GST সংগ্ৰহ (এছ জি এছ টি) ৪৩,০৪৭ কোটি টকা। দেশত GST কাৰ্যকৰী হোৱাৰ পিছত ২০২৪ চনৰ এপ্ৰিল মাহত সৰ্বাধিক জি এছ টি সংগ্ৰহ কৰা হৈছিল, যিটো আছিল ২.১০ লাখ কোটি টকা। এইবাৰ প্ৰথমবাৰৰ বাবে GST সংগ্ৰহ ২ লাখ কোটি টকা অতিক্ৰম কৰিছিল।