মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য
১৩ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
এই সময়ছোৱাত তেওঁ ৭১,৮৫০ কোটিতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।
মণিপুৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত কয় যে, “মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, মই আপোনালোকৰ লগত আছো।ভাৰত চৰকাৰ আপোনালোকৰ লগত আছে।”
মণিপুৰৰ জীৱনক পুনৰ শুদ্ধ পথলৈ অনাৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।তেওঁ কয় যে গৃহহীন পৰিয়ালৰ বাবে ৭ হাজাৰ নতুন ঘৰ নিৰ্মাণ কৰা হ’ব।
ইয়াৰ উপৰিও ৩০০০ কোটি টকাৰ পেকেজ অনুমোদন কৰা হৈছে আৰু স্থানচ্যুতসকলক সহায় কৰিবলৈ ৫০০ কোটি টকাৰ বিশেষ ব্যৱস্থা কৰা হৈছে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, সীমান্তৰ গাতে লাগি থকা এখন ৰাজ্য হৈছে মণিপুৰ। ইয়াত সংযোগ সদায় প্ৰত্যাহ্বান হৈ আহিছে। ভাল ৰাস্তাৰ অভাৱত হোৱা আপোনালোকৰ সমস্যা বুজি পাওঁ।
২০১৪ চনৰ পৰা মই জোৰ দি আহিছো যে মণিপুৰৰ সংযোগৰ বাবে নিৰন্তৰ কাম কৰিব লাগে।ইয়াৰ বাবে দুটা স্তৰত কাম কৰা হৈছিল।
প্ৰথম -আমি মণিপুৰ মেনিফল্ডত ৰেলপথ বৃদ্ধি কৰিছো।দ্বিতীয় – চহৰৰ লগতে গাঁৱলৈও পথৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।
লগতে পঢ়ক: হিংসাত্মক পৰিস্থিতিৰ পিছত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণ…