শুভাংশু শুক্লাক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হোমৱৰ্ক…
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত থকা ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ শুভাংশু শুক্লাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে ভিডিঅ’ কল যোগে বাৰ্তালাপ কৰে । দুয়োজনে কেইবাটাও বিষয়ত আলোচনা কৰে । এই সময়ছোৱাত শুভাংশ শুক্লাক প্ৰধানমন্ত্ৰী মোদীয়ে দিয়ে হোমৱৰ্ক ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মোৰ অভ্যাস যে যেতিয়াই কাৰোবাক লগ পাওঁ তেতিয়াই তেওঁক হোমৱৰ্ক দিওঁ । প্ৰধানমন্ত্ৰী মোদীয়ে শুভাংশু শুক্লাক কয় যে আপোনাৰ হোমৱৰ্ক হৈছে যে আপুনি যি অভিজ্ঞতা লাভ কৰি আছে তাৰ যোগেদি আমি গগণযানক আগুৱাই নিব লাগিব, চন্দ্ৰত অৱতৰণ কৰিব লাগিব ।
শুভাংশু শুক্লাই কয় যে মই ইয়াত যি অভিজ্ঞতা লাভ কৰিছো সেয়া অতি মূল্যৱান । মই যেতিয়া ঘূৰি আহিম তেতিয়া নিশ্চয় গগণযানকে ধৰি আন মিছনবোৰ আগুৱাই নিয়াৰ কাম কৰিম । শুভাংশুৱে কয় যে মহাকাশ কেন্দ্ৰত উপস্থিত মহাকাশচাৰীসকলো গগণযানক লৈ উৎফুল্লিত । আমি কেতিয়া গগণযানত যাব পাৰিম বুলি সুধিলত মোৰ ভাল লাগিল ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজিৰ শিশুৱে কেৱল আকাশলৈ নাচায়, তেওঁলোকে ভাবে যে ময়ো তাত উপনীত হ’ব পাৰিম । এই অনুভৱেই আমাৰ ভৱিষ্যত মহাকাশ অভিযানৰ ভেটি । শুভাংশুৱে কয় যে আজিৰ ভাৰত যি দিশত আগবাঢ়িছে, ই অতি সাহসী আৰু ডাঙৰ সপোন দেখিছে । সফলতাৰ এটাই পথ নাই যদিও সকলোৰে মাজত সাধাৰণ কথাটো হ’ল আশা হেৰুৱাব নালাগে । চেষ্টা কৰি থাকিব লাগিব । সফলতা নিশ্চিতভাৱে লাভ কৰিব পৰা যাব ।
প্ৰধানমন্ত্ৰী মোদীয়ে শুভাংশুক কয় যে আমি সকলোৱে আপুনি উভতি অহাৰ বাবে অপেক্ষা কৰি আছো । নিজৰ যত্ন লওক, ভাৰত মাতৃৰ সন্মান বৃদ্ধি কৰি যাওক । ১৪০ কোটি ভাৰতীয়ৰ শুভেচ্ছা আপোনালোকৰ লগত । ভাৰত মাতা কি জয়ৰ সৈতে কথা-বতৰাৰ সামৰণি মাৰে প্ৰধানমন্ত্ৰী মোদীয়ে । শুভাংশুৱেও উত্তৰত ভাৰত মাতা কি জয় বুলি কয় ।
লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপ শুভাংশু শুক্লাৰ…