ৰাজহুৱা কৰা নহয় প্ৰধানমন্ত্ৰী মোদীৰ ডিগ্ৰী
সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্নাতক ডিগ্ৰী সম্পৰ্কীয় তথ্য ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিয়া কেন্দ্ৰীয় তথ্য আয়োগৰ নিৰ্দেশ বাতিল কৰে ।
২৭ ফেব্ৰুৱাৰীত ৰায় সংৰক্ষিত কৰি ৰখা চি আই চিৰ আদেশক প্ৰত্যাহ্বান জনাই দিল্লী বিশ্ববিদ্যালয়ে দাখিল কৰা আবেদনৰ ভিত্তিত ন্যায়াধীশ শচীন দত্তই এই ৰায়দান কৰে ।
উল্লেখ্য যে, নীৰজ নামৰ এজন ব্যক্তিয়ে প্ৰধানমন্ত্ৰী মোদীৰ ডিগ্ৰী সন্দৰ্ভত আৰ টি আই আবেদন দাখিল কৰিছিল । ২০১৬ চনৰ ২১ ডিচেম্বৰত নৰেন্দ্ৰ মোদীয়ে ১৯৭৮ চনত বি এ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীৰ ৰেকৰ্ড পৰীক্ষণ কৰাৰ অনুমতি দিছিল চি আই চিয়ে ।
২০১৭ চনৰ ২৩ জানুৱাৰীত কেন্দ্ৰীয় তথ্য আয়োগৰ নিৰ্দেশক উচ্চ ন্যায়ালয়ে স্থগিত ৰাখিছে । দিল্লী বিশ্ববিদ্যালয়ৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰীয় তথ্য আয়োগৰ নিৰ্দেশ বাতিল কৰিব লাগে বুলি যুক্তি আগবঢ়ায় । অৱশ্যে মেহতাই কয় যে বিশ্ববিদ্যালয়ৰ অভিলেখ আদালতক দেখুৱাবলৈ কোনো আপত্তি নাই । ১৯৭৮ চনৰ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে । ইয়াৰ পূৰ্বে তথ্যৰ অধিকাৰ আইনৰ উদ্ধৃতি দি আৰ টি আই আবেদনকাৰীৰ অধিবক্তাই এই আদেশৰ পক্ষ লৈছিল ।
লগতে পঢ়ক : তেওঁলোকে চেষ্টা কৰি আছে যে যদি কেতিয়াবা জেললৈ যায়…’সাংবিধানিক সংশোধনী বিধেয়ক’ক লৈ অমিত শ্বাহৰ মন্তব্য