আজি মান কি বাত কাৰ্যসূচীত ভাষণ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এয়া মন কি বাত অনুষ্ঠানৰ ১২১ সংখ্যক খণ্ড । অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে পহলগাম আক্ৰমণ সন্দৰ্ভত চৰ্চা কৰি ভুক্তভোগী পৰিয়ালক ন্যায়ৰ আশ্বাস দিয়ে ।
মন কি বাতত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘আজি যেতিয়া মই আপোনালোকৰ লগত বাৰ্তালাপ কৰিছো তেতিয়া মোৰ হৃদয়ত গভীৰ যন্ত্ৰণা আছে । ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই দেশৰ প্ৰতিজন নাগৰিকক দুখ দিছে । ক্ষতিগ্ৰস্ত পৰিয়ালৰ প্ৰতি প্ৰতিগৰাকী ভাৰতীয়ৰ গভীৰ সমবেদনা আছে । তেওঁলোক যি ৰাজ্যৰেই নহওক কিয় বা যি ভাষাতে কথা নকওক কিয়, তেওঁলোকে এই আক্ৰমণত আপোনজনক হেৰুওৱাৰ বেদনা অনুভৱ কৰিছে । সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয় ক্ষোভত থকা যেন অনুভৱ হয় ।‘
তেওঁ কয়, ‘পহলগামৰ এই আক্ৰমণে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰাসকলৰ হতাশাৰ পৰিচয় দিয়ে, ইয়াৰ দ্বাৰা তেওঁলোকৰ কাপুৰুষালিৰ পৰিচয় পোৱা যায় । যি সময়ত কাশ্মীৰত শান্তি ঘূৰি আহিছিল, সেই সময়ত বিদ্যালয়-মহাবিদ্যালয়ত সজীৱতা আছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ সংখ্যক বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল । দেশৰ শত্ৰু জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথা পছন্দ কৰা নাছিল ।‘
প্ৰধানমন্ত্ৰীয়ে কয়, ‘সন্ত্রাসবাদী আৰু তেওঁলোকৰ মালিকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্র চলাইছে ৷ দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ সংহতি, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি । এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ । দেশৰ সন্মুখত এই প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব ।‘
প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়, ‘বন্ধুসকল, ভাৰতত আমাৰ যি ক্ষোভ আছে, সেয়া সমগ্ৰ বিশ্বতে আছে । এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ বিশ্বৰ পৰা ধাৰাবাহিকভাৱে শোক প্ৰকাশ পাইছে । গ্লোবেল নেতাসকলেও মোক ফোন কৰিছে, চিঠি লিখিছে আৰু মেছেজ কৰিছে । এই জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক সকলোৱে তীব্ৰ গৰিহণা দিছে । তেওঁলোকে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।‘
‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত একত্ৰিত হৈ থিয় দিছে ১৪০ কোটি ভাৰতীয়’
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘আমাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ১৪০ কোটি ভাৰতীয়ৰ সৈতে সমগ্ৰ বিশ্ব থিয় দিছে । মই আকৌ এবাৰ ভুক্তভোগী পৰিয়ালক আশ্বাস দিছো যে তেওঁলোকে ন্যায় পাব, ন্যায় নিশ্চয় হ’ব । এই আক্ৰমণৰ দোষী আৰু ষড়যন্ত্ৰকাৰীক আটাইতকৈ কঠোৰ প্ৰত্যুত্তৰ দিয়া হ’ব ।‘